অংগনবাদী কেন্দ্ৰৰ লগত আমাৰ সমাজৰ ভৱিষ্যত জড়িত : মন্ত্ৰী অজন্তা নেওগ

অংগনবাদী কেন্দ্ৰৰ লগত আমাৰ সমাজৰ ভৱিষ্যত জড়িত হৈ আছে। ভাৰতবৰ্ষৰ ভিতৰত অসমত প্ৰসুতিৰ মৃত্যুৰ হাৰ সকলোতকৈ বেছি। ৰাজ্যত ৬১ হাজাৰ অংগনাবাদী কেন্দ্ৰ আছে ইয়াৰে ৩ হাজাৰ অংগনাবাদী কেন্দ্ৰ আদৰ্শ গৃহ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত ৩ হাজাৰ অংগনবাদী কেন্দ্ৰৰ আদৰ্শ গৃহ নিৰ্মাণৰ কামত স্থানীয় যুৱকক অগ্ৰধিকাৰ দিয়াৰ লগতে নিৰ্মাণ কাৰ্যৰ তদাৰক কৰিব সমষ্টিৰ বিধায়কে। আদৰ্শ গৃহ নিৰ্মাণৰ বাবদ ২৫ লাখকৈ অনুদান আগবঢ়োৱা হৈছে বুলি বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি পলাশবাৰী সমষ্টিৰ দখলাত দহালী দখলা ২১৮ নং অংগবাদী কেন্দ্ৰ প্ৰস্তাৱিত আদৰ্শ গৃহ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি এইদৰে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে মন্ত্ৰী নেওগে দখলা পাহাৰ শিখৰত থকা বুঢ়া গোসাঁইৰ থান পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি  বিধায়কক পৰিকল্পনা যুগত কৰি পৰ্যটকস্থলীলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনাই। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত সেয়েহে শিশুসকলক খাদ্যৰ লগতে পঢ়া শুনাত ভাল এটি পৰিবেশ এই আদৰ্শ গৃহৰ দ্বাৰা পাব পাৰে তাৰ বাবে অভিভাৱক তথা শিক্ষকসকলে গুৰুত্ব দিব লাগিব। বিগত সময় ছোৱাত ক’ভিডৰ বাবে ৰাজ্যৰ অংগবাদী কেন্দ্ৰ সমূহ বন্ধ হৈ আছে। বৰ্তমান পৰিস্থিতি কিছু শিথিল হৈছে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ বাবে আজি পলাশবাৰী সমষ্টিত কেইবাটাও অংগনাবাদী কেন্দ্ৰৰ আদৰ্শ গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৫ নং উপৰহালী অংগবাদী কেন্দ্ৰ,  ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়, উপৰহালী ছোৱালী হাইস্কুল, মিৰ্জা কোচপাৰাৰ পানী যোগান আঁচনি, নিউ ক’লনী পাইপ পানী যোগান আঁচনি, মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰী অজন্তা নেওগে অহা কালি বঙাইগাঁৱত কেবনেট বৈঠক আছে সেইয়ে আজি পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বুজ লোৱা বুলি মন্তব্য কৰে। লগতে মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় ১৭ হাজাৰ লোকে ক’ভিড ভেকচিন লৈছে। ইয়াৰে ৭ হাজাৰ লোকে প্ৰথম আৰু ৮ হাজাৰ লোকে দ্বিতীয় ড’জ লৈছে। বাকী যিসকলে ভেকচিন লোৱা নাই তেওঁলোকক অতি সোনকালে ভেকচিন লবলৈ আহ্বান জনাই। আনহাতে বিধায়ক হেমাংগ ঠাকুৰীয়াই দখলা পাহাৰৰ শিখৰত থকা পানী যোগান আঁচনি বহুদিন ধৰি বন্ধ হৈ থকা সন্দৰ্ভত উক্ত আঁচনি খনৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৫০ লাখ টকা অনুদান আগবঢ়োৱা হৈছে আৰু বৰ্তমান আঁচনিখনৰ কাম আৰম্ভ হৈ আছে বুলি মন্তব্য কৰে। আজিৰ এই কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ লগতে সমাজ কল্যাণৰ বিভাগীয়া বিষয়াসকল উপস্থিত থাকে।

Related Articles