Breaking

উত্তপ্ত গেলেকী সীমান্তঃ অসমৰ ভূমিত পুনৰ নগাৰ বীৰত্বঃ হাতেত হাতে দা’-কুঠাৰ লৈ প্ৰবেশ কৰা সন্দেহজনক নগা দুৰ্বৃত্তই দিন দুপৰতে কাটিলে বহু চাহ গছঃ অৱশেষত নগাৰ বিৰুদ্ধে চলিল আংশিক অভিযান ।

0 638

সীমান্তৰ পৰা দিলীপ হাজৰিকা

অসমৰ চৰকৰৰ দায়িত্বহীনতাৰ বাবে আজি দুপৰীয়া হাতে হাতে দা’-কুঠাৰ লৈ নাজিৰা মহকুমাৰ গেলেকী সীমান্তৰ শিঙিবিল অঞ্চলত প্ৰবেশ কৰা সন্দেহজনক নগা দুৰ্বৃত্ত ই কেইবাজনো ক্ষুদ্ৰ চাহ খেতিকয়ৰ প্ৰায় শতাধিক  চাহ গছ কাটি তহিলং কৰাৰ লগতে কেইবাটাও পাতঘৰ ধ্বংস কৰি অসমৰ ভূমিত পুনৰ আগ্ৰাসী নগা বাহিনীয়ে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে।আনহাতে শিৱসাগৰ জিলা তথা নাজিৰা মহকুমা প্ৰশাসনে অৱশেষত আংশিক অভিযান চলাই নগাৰ বাহঁৰ গেট ভাঙে যদিও অসমৰ ৰাজহ ভূমিত নগাই নিৰ্মাণ কৰা গূহ উচ্ছে কৰিব নোৱাৰিলে।ইফালে নগা দুৰ্বৃত্তৰ এই তাণ্ডবে সীমান্ত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ন কেম্পৰ পৰা প্ৰায় আধা কিলমিটাৰ নিলগত গেলেকী সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন অসমৰ বূহৎ ৰাজহ ভূমিত লকডাউনৰ সুযোগ গ্ৰহণ কৰি নগা বাহিনীয়ে বাঁহৰ গেট দি বেদখল কৰে আৰু পৰবৰ্ত্তী পৰ্যায়ত কেইবাটাও গূহ নিৰ্মাণ কৰি নগা দূৰ্বূত্তই বাহৰ পাতে।নগাৰ এনে আগ্ৰাসনৰ বিষয়ে  পূৰ্বে বহুবাৰ সবিস্তাৰে বাতৰি প্ৰকাশ কৰা হৈছিল।ইযাৰ পাছতে নগা বাহিনীয়ে সীমান্ত অঞ্চলটোত অসমৰ অৱশিষ্ট ৰাজহ ভূমি আগ্ৰাসন আৰু  ক্ষুদ্ৰ চাহ খেতিয়কসলৰ চাহ বাগিচা দখলৰ বাবে তাণ্ডৱ অব্যাহত ৰাখে।যোৱা ২১ মে’ত এদল নগা দুৰ্বৃত্ত ই অসমৰ ভূমিত প্ৰবেশ কৰি হাজাৰ হাজাৰ চাহ গছ ধ্বংস কৰি তাণ্ডৱ চলোৱাৰ লগতে অসমৰ প্ৰশাসনক উক্ত বৃহৎ অঞ্চল নাগালেণ্ড ৰ বুলি দাবী কৰি উক্ত স্হানৰ পৰা খেদি পঠায়।কিন্তু এই ঘটনা ৰ ১৫ দিন অতিক্ৰ কৰাৰ পাছতো অসমৰ তথা শিৱসাগৰ জিলা প্ৰশাসনে অসমৰ ৰাজহ ভূমিত নগাই নিৰ্মাণ কৰা গেট আৰু গূহ উচ্ছে কৰিব নোৱাৰাত নগাবাহিনীয়ে অসমৰ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ভয়াবহৰূপত চলাই গৈছে আগ্ৰাসন আৰু তাণ্ডৱ।আজি সীমান্ত অঞ্চলটোত ক্ষুদ্ৰ চাহ বাগিচা স্হাপনৰে স্বাৱলম্বী হব বিচৰা স্হানীয় যুক ক্ৰমে প্ৰশান্ত গগৈ,ৰাজু গগৈ, আৰু ফৰিদ আহমেদৰ ক্ষুদ্ৰ চাহ বাগিচাত  নাগালেণ্ডৰ য়ংলক বস্তিৰ দিশৰ পৰা হাতে হাতে দা’-কুঠাৰ লৈ অহা প্ৰায় ৪০/৫০ সন্দেহজনক নগা দুৰ্বৃত্তই প্ৰবেশ কৰে।নগাৰ দলটোৱে কেইবাটাও ভাগত বিভক্ত হৈ বাগিচাকেইখনত প্ৰবেশ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক কেইজনৰ প্ৰায় শতাধিক পুৰঠ চাহ গছ কাটি তহিলং কৰে ।ইমানতে ক্ষান্ত নাথাকি  চাহ বাগিচাৰ পাত গৃহ সমূহ ভাঙি লণ্ড-লণ্ড কৰে।আনহাতে নগাৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱাল আৰু গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্ব ত অসম আৰক্ষীৰ এটা দল ঘটনাস্হলীত উপস্হিত হয় যদিও আগ্ৰাসী নগাবাহিনীক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়।অসমৰ দলটোৱে নগা বাহিনীক অসমৰ ভূমিত নিৰ্মাণ কৰা গেট আৰু ঘৰ ভাঙি দিয়াৰ নিৰ্দেশ দিয়ে যদিও নগা বাহিনীয়ে অসম আৰক্ষী দলটোক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই গূহ নিৰ্মাণ ৰ কাৰ্য অব্যাহত ৰখাৰ লগতে এক হুলস্হুলীয়া পৰিস্হিতিৰ সূষ্টি কৰে।পৰিস্হিতি উত্তপ্ত হৈ পৰাত অসমৰ দলটোৱে শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়েন কেম্পলৈ উভতি আহি নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামী  ,অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বড়া,মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰ এক আলোচনাত মিলিত হোৱাৰ পাছতে পুনৰ বুহৎ আৰক্ষী বাহিনী লৈ নগাৰ বিৰুদ্ধে অভিযান চলাবলৈ অগ্ৰহৰ হয়।কিন্তু ঘটনাস্হলীত থকা নগাই উগ্ৰ মূৰ্তি ধৰি অসমৰ প্ৰশাসন আৰু আৰক্ষীৰ দলৰ সন্মুখত নগাই ক্ষুদ্ৰ চাহ খেকিয়কক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ উপৰি হাতে হাতে দা’লৈ তাণ্ডৱ সূষ্টিৰ চেষ্টা চলাই।অৱশেষত অসম আৰক্ষীৰ দলটোৱে নগাই নিৰ্মাণ বাঁহৰ গেট ভাঙি দিয়ে।কিন্ত ৪০/৫০জনীয়া নগাৰ দলটোৰ উগ্ৰ মূৰ্তি দেখি অসম আৰক্ষীৰ দলটোৱে অসমৰ ৰাজহ ভূমিত নগাই নিৰ্মাণ কৰা গৃহ সাহস কৰিব নোৱাৰি অসমৰ দলটোৱে উক্ত স্হানৰ পৰা আঁতৰি আহে ।স্মৰ্তব্য যে বিগত বৰ্ষৰ ২৬ আগষ্টত নগা বাহিনীয়ে অসমৰ ৰাজহ ভূমিত অসমৰ প্ৰশাসনে নিৰ্মাণ কৰা শ্মশান গূহ নগাই ভাঙি লণ্ড-লণ্ড কৰাৰ পাছত নগা প্ৰশাসনৰ এক বৃহৎ দলে অসমৰ ভূমিত প্ৰবেশ কৰি অসমৰ প্ৰশাসনৰ সন্মুখত উক্ত কাণ্ড নগাই সংগঠিত কৰা বুলি মুকলিভাবে প্ৰকাশ কৰাৰ লগতে অসমৰ ৰাজহ ভূমিত নিৰ্মাণ নচলাবলৈ এক প্ৰকাৰ সকীয়নি দিয়াৰ ১০মাহ ওকলি যোৱাৰ পাছতো অসমৰ প্ৰশাসনে নগাৰ বিৰুদ্ধে কোনো সৱল প্ৰদক্ষেপ গ্ৰহন নকৰাৰ বাবেই নগাই অসম চৰকাৰৰ দূৰ্বলতাৰ সুযোগ গ্ৰহন কৰিয়ে নগাই আজি এনে তাণ্ডৱ চলোৱাৰ লগতে অসমৰ ৰাজহ ভূমিত গৃহ নিৰ্মাণেৰে অসমৰ ভূমিত আগ্ৰাসন চলোৱা বুলি সীমান্তবাসীয়ে অভিযোগ কৰিছে।আনহাতে  যোৱা আগষ্ট মাহতে নগাই অসমৰ এই বৃহৎ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ আশংকা কৰিছিল যদিও অসম চৰকাৰে কোনো প্ৰদক্ষেপ গ্ৰহন নকৰাতো অতি দূৰ্ভাগ্যজনক ।

Leave A Reply

Your email address will not be published.