প্ৰেমৰ মহানগৰ পেৰিছত বৰ্ণাঢ্য অলিম্পিক মহাৰণ…

খেল বুলি ক’লে এতিয়া গাঁও-ভূই সকলোতে আনন্দ-উলাহত মতলীয়া আবাল-বৃদ্ধ-বনিতা। এটা সময় আছিল মহিলাক খেল খেলাৰ পৰা বাৰণ কৰা হৈছিল। কিন্তু এতিয়া সময় সলনি হ’ল। মহিলা খেলুৱৈয়েও বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আনকি আজিৰ মহিলা খেলুৱৈয়ে ৰাজ্য তথা দেশৰ সীমাৰ পৰিধি অতিক্ৰমী বিশ্বৰ ক্ৰীড়াংগণ উজলাবলৈ সক্ষম হৈছে। আমাৰ অসম মুলুকতে এতিয়া আমি গৌৰৱেৰে নাম ল’বলৈ সক্ষম হৈছো- হিমা দাস, লাভলীনা বৰগোহাঁই, জিণ্টিমণি কলিতা, উমা ছেত্ৰী, নয়নমণি হাজৰিকা, অপূৰ্ণা নাৰ্জাৰী, হৃদয় হাজৰিকা, অম্লান বৰগোহাঁই, বৰ্ণিল আকাশ চাংমাই, পপী হাজৰিকা, দিতিমণি সোণোৱাল, শিৱাংগী শৰ্মা, ভূমিকা সূত্ৰধাৰে খেলৰ বিভিন্ন ক্ষেত্ৰত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। আনহাতে, সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা তথা ভাৰতীয় জাতীয় কিক্ৰেট দলত স্থান লাভ কৰি অসমৰ নাম ভাৰতীয় খেল জগতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। এওঁলোক নিঃসন্দেহে আমাৰ গৌৰৱ, অসমৰ গৌৰৱ।


বিগত বৰ্ষত অসম চৰকাৰে অসমত খেল মহাৰণ অনুষ্ঠিত কৰি অসমৰ চুকে-কোণে থকা খেলুৱৈসকলক উলিয়াই আনি এখন ভাল মঞ্চ দিয়া যি ব্যৱস্থা কৰিছিল সেয়া বৰ সুখৰ বতৰা আছিল। এতিয়াও বহু প্ৰতিভাধৰ বিভিন্ন ক্ষেত্ৰৰ খেলুৱৈ আমাৰ গাঁৱে-ভূঞে আছে, যিসকলে আৰ্থিক অনাটনৰ বাবেই হওক বা অন্য কাৰণতেই হওক উপযুক্ত এখন মঞ্চ নাপাই কলিতে মৰহি যাব লগা হৈছে। সেয়ে চৰকাৰে বিভিন্ন উদ্যোগ লৈ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি উপযুক্ত প্ৰশিক্ষণ দি একো একোগৰাকী সফল খেলুৱৈ কৰি গঢ়ি তোলাৰ ব্যৱস্থা লওক। তেতিয়াহে অসমৰ খেলুৱৈক লৈ আমি গৌৰৱ কৰিব পাৰিম। বৰ্তমান যিসকল প্ৰতিভাৱান খেলুৱৈয়ে তেওঁলোকৰ নিজা পাৰদৰ্শিতাৰে অথবা কোনো চৰকাৰী প্ৰশিক্ষণ অবিহনেই জিলিকি উঠিবলৈ সক্ষম হৈছে। গতিকে এবাৰ দুবাৰ অকল চমক সৃষ্টি কৰিবলৈকে খেল মহাৰণ পাতি হৈ-চৈ কৰাতকৈ একোটা নিৰ্দিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠান ঠায়ে ঠায়ে স্থাপন কৰি তাত উপযুক্ত প্ৰশিক্ষক নিযুক্তি দি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। এই কথাখিন উনুকিয়াব লগা হ”ল এই কাৰণেই যে আমি এগৰাকী খেলুৱৈয়ে কেৱল নিজৰ শক্তি-সামৰ্থ্য বলত ৰাজ্যৰ বাহিৰত গৈ সুনাম কঢ়িওৱাৰ পিছতহে তেওঁক চিনি পাওঁ। আমি ভাবো এতিয়াও গ্ৰামাঞ্চচলসমূহত এখন ভাল খেলপথাৰ নাই। ভাল ক্ৰীড়া প্ৰশিক্ষক নাই। গতিকে ক্ৰীড়াৰ অগ্ৰগতিও আজি পৰ্যন্ত উন্নত হোৱা নাই। অৱশ্যে এনে অভাৱ-অভিযোগৰ মাজতো অসম সন্তানে অলিম্পিকৰ দৰে খেলৰ শীৰ্ষ খেলত আজি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা। অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থাকক তাকেই কামনা কৰিছো। এইবাৰৰ অলিম্পিকতো অসম সন্তানে পেৰিছত জিলিকি উঠিব নিশ্চয়।


বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ’ল খেল মহাযুদ্ধ ‘গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ ।সততে প্ৰেমৰ চহৰৰূপে খ্যাত পেৰিচৰ ছেইন নদীৰ বুকুত বৰ্ণিল-অবিস্মৰণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ’ল ৩৩সংখ্যক অলিম্পিক মহাৰণ। ঐতিহ্যশালী ছেইন নদীৰ পাৰত অনুুষ্ঠিত বৰ্ণিল তথা অলিম্পিক গেম্‌ছৰ ইতিহাসত কেতিয়াও ইমান বিশাল পৰিসৰত আয়োজন নোহোৱা অথচ এইবাৰ সম্ভৱ কৰি তোলা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানে সমগ্ৰ বিশ্ববাসীৰে অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল। ‘চিটী অৱ লাভ’ৰূপে পৰিচিত পেৰিচত এতিয়া প্ৰায় দহ হাজাৰতকৈয়ো অধিক খেলুৱৈৰ সমাৱেশ ঘটিছে। প্ৰত্যেকগৰাকী খেলুৱৈয়ে এতিয়া পদক অৰ্জন কৰি নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজৰ বিজয় অলিম্পিকৰ ইতিহাসত খোদিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ লগতে ব্যস্ত তেওঁলোক পেৰিচৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰাত। আৰু প্ৰেমৰ চহৰ পেৰিছে আঁকোৱালি লৈছে আন্তৰিকতাৰে বিশ্বৰ প্ৰতিগৰাকী ক্ৰীড়া যোদ্ধাক। ১০০ বছৰ পিছত এইবাৰ যেন বিশ্ব অলিম্পিক পুনৰ ঘূৰি আহিছে ঘৰলৈ । ২০০৮ চনত বেইজিঙে প্ৰযুক্তিৰ চমক সৃষ্টি কৰি বিস্ময়াভিভূত কৰিছিল বিশ্বক। ইয়াৰ পিছত ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক খেলত আছিল ঐতিহ্য আৰু পৰম্পৰাৰ অপূৰ্ব সংমিশ্ৰণ। ২০১৬ চনত ৰিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল সংস্কৃতিৰ সমাহাৰ। আনহাতে, ২০২০ চনত টকিঅ’ত অনুষ্ঠিত অলিম্পিকত আছিল ঐতিহ্য, পৰম্পৰা আৰু প্ৰযুক্তিৰ চমৎকাৰ। পূৰ্বৰ অলিম্পিকত যি যি হোৱা নাছিল এইবাৰ কিন্তু সকলো সম্ভৱ কৰি তোলা হৈছে প্ৰেমৰ চহৰখনত। অলিম্পিকৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে বৃহৎ আকাৰত অনুষ্ঠিত হৈছে উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী। ভাৰতীয় সময় অনুসৰি ২৭ জুলাইৰ নিশা ১১ বজাত আৰম্ভ হৈ অনুষ্ঠানৰ সামৰণি পৰিছিল পুৱতি নিশা ৩ বজাত। এইবাৰ পেৰিচ অলিম্পিকৰ মূল আধাৰ হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্ৰেম। অলিম্পিকৰ ইতিহাসত এইবাৰেই অনুষ্ঠিত হৈছে আটাইতকৈ দীঘলীয়া উদ্বোধনী অনুষ্ঠান। দীঘলীয়া অনুষ্ঠান হ’লেও প্ৰতিগৰাকী দৰ্শকৰ বাবে আছিল অতি মনোমুগ্ধকৰ অনুষ্ঠান। কাৰো মনত নাছিল কোনো আমনি লগা অনুভৱ। অলিম্পিক চাকি হাতত লৈ এগৰাকী ব্যক্তিৰ দৌৰেৰে আৰম্ভ হৈছিল উদ্বোধনী অনুষ্ঠান। ছেইন নদীৰ বুকুত আৰম্ভ হৈছিল মনোৰম নৌকা যাত্ৰা। প্ৰায় ৯৪খন নাৱতে প্ৰতিখন দেশৰ খেলুৱৈয়ে ভাগ লৈছিল নৌকাবিহাৰৰ মাৰ্ছপাষ্টত। আমাৰ দেশৰ খেলুৱৈও আছিল এই নৌকাবিহাৰত। ৰাষ্ট্ৰীয় পতাকা বহন কৰিছিল পি ভি সিদ্ধু আৰু শৰথ কমলে। ত্ৰিৰংগাৰ লহৰত উৎফুল্লিত হৈ পৰিছিল সমগ্ৰ ভাৰতবৰ্ষ। এইবাৰ ভাৰতীয় খেলুৱৈ দলত ১১৭গৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকত তেওঁলোকৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিব। অৱশ্যে উদ্বোধনী অনুষ্ঠানত ৭৮গৰাকী প্ৰতিযোগীয়েহে অংশ লৈছে। আমাৰ বাবে সৌভাগ্যৰ কথা যে পেৰিছ অলিম্পিকত প্ৰথমটো পদক জিকিবলৈ সক্ষম হৈছে মনু ভাকৰেয়ে। ১২ বছৰৰ পিছত এইবাৰ শ্বুটিঙত পদক পাবলৈ সক্ষম হ’ল মনু ভাকেৰৰ জৰিয়তে ভাৰতে। এয়া এইবাৰৰ অলিম্পিকৰ জয়যাত্ৰা আৰম্ভ হ’ল আৰু এই যাত্ৰা অক্ষুণ্ণ ৰাখি ভাৰতীয় খেলুৱৈয়ে ভাৰতবৰ্ষলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনক তাকেই আশাৰে বাট চাই আছোঁ। অসমৰ পৰাও লাভলীনা বৰগোহাঁইকে ধৰি আন কেইবাগলাকীয়েও পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে। আশা ৰাখিছো তেওঁলোকেও অলিম্পিকত ভিল প্ৰদৰ্শন কৰি পদক জিকি দেশৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিব। আমি জানো খেলে শৰীৰৰ উৎকৰ্ষ সাধন কৰাৰ লগতে মানসিকভালৱেও শক্তিশালী কৰে। মনৰ পৰা হিংসা-কপটতা আদিও নাশ কৰে। এনে এক ধাৰণা লৈয়ে হয়তো আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে উদ্বোধনী অনুষ্ঠানৰ আগে আগে সমগ্ৰ বিশ্বক শান্তিৰ নীড়লৈ পৰিণত কৰাৰ বাবে আৱেদন জনাইছে এনেদৰে— ‘Give Peace a chance’।


আন্তৰ্জাতিক অলিম্পিক কমিটীৰ তত্ত্বাৱধানত প্ৰথম অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল এথেন্সত ১৮৯৬ চনত। এই খেল মহাৰণত বিশ্বৰ ১৪খন দেশৰ প্ৰায় ২৪১গৰাকী খেলুৱৈয়ে ভাগ লৈছিল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অলিম্পিক খেলত ৪৩ বিধ খেল সংযোগ কৰা হৈছিল। এইবাৰৰ অলিম্পিকত বিশ্বৰ প্ৰায় ১০,৫০০গৰাকী খেলুৱৈয়ে অংশ লৈছে। ইয়াৰে ৫,২৫০গৰাকী পুৰুষ আৰু সমসংখ্যক মহিলা খেলুৱৈ। ভাৰতৰ এইসকল খেলুৱৈক লৈ সমগ্ৰ ভাৰতবাসী আজি উদ্‌গ্ৰীৱ, উৎকণ্ঠিত। তেওঁলোকৰ সফলতাই হ’ব আমাৰ গৌৰৱ।

Related Articles