Breaking

সোণালী বান্দৰ মই আৰু মোৰ অভিজ্ঞতা…

0 12

আমি এতিয়া  চক্ৰশীলালৈ গৈ আছোঁ। চক্ৰশীলা নামটো অতি পুৰণি। আমি সকলোৱে জানো যে প্ৰাচীন কালত সমগ্র কামৰূপৰ লোকসকল  বৌদ্ধ ধৰ্মাৱলম্বী আছিল। কামৰূপৰ সকলো কিৰাত জনগোষ্ঠী বৌদ্ধ আছিল আৰু কামৰূপৰ সকলো পাহাড়  আৰু পানীৰ উৎস অঞ্চলত আছিল মহাযান বৌদ্ধ সকলৰ মন্দিৰ। চক্ৰশীলা নামটো বৌদ্ধ ধর্মৰ লগত সংপৃক্ত। এসময়ত চক্ৰশীলা পাহাৰৰ মাজতে আছিল বৌদ্ধ তীৰ্থ অৰ্থাৎ বৌদ্ধ সকলৰ আৰাধনাৰ ঠাই। চক্ৰশীলা পাহাৰৰ এটা চূড়াত প্ৰকাণ্ড শিলত এটা বুদ্ধ চক্ৰৰ চিন আছে। এই স্থানটোত বৰ্তমানেও  বছৰৰ বিশেষ দিনত স্থানীয় লোকসকলে পূজা দিয়ে । এই শিলত বুদ্ধচক্ৰ বা ধৰ্মচক্ৰ থকাৰ বাবে স্থানীয় সকলে এই পাহাৰক কয় চক্ৰশীলা । চক্ৰশীলা নামটো কামৰূপৰ বৌদ্ধ যুগৰ পৰাই পৰম্পৰাগত ভাবে চলি আহিছে। শীলা কথাটো বৌদ্ধ সকলৰ শীল পালনৰ পৰাও হ’ব পাৰে, বৌদ্ধ যুগৰ স্থানৰ নাম যেনে তক্ষশীলা, ঠিক তেনেকৈ “চক্ৰশীলা ” এই দুটা নামেই বৌদ্ধজাত। পূৰ্বতে এই পাহাৰ শ্ৰেণীক স্থানীয় সকলে বড় পাহাড় বুলিও কৈছিল।

              চক্ৰশীলা অভয়াৰণ্যৰ চাৰিওপিনে আছে কিছুমান জনগোষ্ঠীয় গাওঁ। বিশেষকৈ ৰাভা, বড়ো, কোচ, ৰাজবংশী, গাৰো , চাওতাল,

               অচিন চিনাকি চৰাইৰ মাতত সম্মুখৰ পাহাৰখন আৰু বেছি ধুনীয়া লাগিছিল মনত চাবলৈ! পশ্চিম অসমৰ এই অপূর্ব ধুনীয়া অৰণ্য অঞ্চল মূলতঃ পাহাৰীয়া অঞ্চল। পাহাৰ সিমান ওখ নহয় ঠিকেই, কিন্তু বয়সৰ ফালৰপৰা এইবোৰ পাহাৰৰ বয়স হিমালয় পৰ্বততকৈয়ো বেছি হ’ব! চক্ৰশীলা অৰণ্য পৰ্ণপাতী বৃক্ষৰ অৰণ্য। পাহাৰৰ পাদদেশত শাল অৰণ্যৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই অৰণ্যৰ মাজে মাজে কিছুমান জুৰি আৰু নিজৰা প্ৰৱাহিত হৈ আছে। জুৰি আৰু নিজৰাৰ কাষে কাষে চিৰহৰিৎ বৃক্ষৰ সমাহাৰ, এই অৰণ্যৰ দক্ষিণ ফালে দুটা উল্লেখযোগ্য জুৰি দেখা পোৱা যায়। জুৰি বা নিজৰা দুটাক সাধাৰণতে স্থানীয় ভাষাত কোৱা হয় ঝোৰা। এই ঝোৰা দুটা হ’ল__ হাউ-হাউৱি ঝোৰা আৰু বামুণী ঝোৰা। কেৱল জুৰি বা নিজৰাই নহয়, ইয়াত দুখন উল্লেখযোগ্য বিল আছে, বিল দুখন পূৱ আৰু পশ্চিমত অৱস্থিত। পূৱৰ বিলখনৰ নাম ধীৰ বিল আৰু পশ্চিমত থকা বিলখনৰ নাম হৈছে_ ডিপলাই বিল। জাৰকালি এই দুখন বিল পৰিভ্ৰমী চৰাইৰে সোণত সুৱগা চৰে।

              অৰণ্য ভ্ৰমণ কাৰী, প্ৰকৃতিপ্ৰেমী, বন্যপ্ৰাণী প্ৰিয় পৰ্যটক সকলৰ বাবে চক্ৰশীলা অভয়াৰণ্য ভ্ৰমণৰ আনন্দ অলপমান সুকীয়া। চক্ৰশীলা অভয়াৰণ্যত আপুনি খোঁজ কাঢ়িয়েই ভ্ৰমণ কৰিব লাগিব। অৰণ্যত খোঁজ কাঢ়ি ভ্ৰমণৰ আনন্দ লোৱা এটা সম্পূর্ণ বেলেগ অভিজ্ঞতা। অসমৰ অধিকাংশ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত যিটো সুবিধা নাই, সেইটো সুবিধা চক্ৰশীলাত আছে। চক্ৰশীলাৰ মাজেৰে অপূর্ব ধুনীয়া ট্ৰেকিঙৰ সুবিধা আছে। গাড়ীৰে যে চক্ৰশীলা ভ্ৰমণ কৰিব নোৱাৰিব তেনেকুৱা নহয়, ইচ্ছা কৰিলে আপুনি গাড়ীৰেও চক্ৰশীলা অৰণ্য চাব পাৰে! চক্ৰশীলা অভয়াৰণ্য পৃথিৱীৰ ভিতৰত একমাত্র অভয়াৰণ্য, য’ত সহজতে সোণালী বান্দৰ প্ৰত্যক্ষ কৰা হয়।

এটা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত  সোণকোষ নদীৰ পূবৰ পৰা মানাহ নদীৰ পশ্চিম পাৰৰ মধ্যবর্তী সমগ্র অঞ্চলতে সোণালী বান্দৰে বিচৰণ কৰিছিল। কিন্তু অৰণ্য ধব্বংসৰ ফলত সোণালী বান্দৰৰ বাসস্থান  সংকুচিত হৈ আহিছিল! সংৰক্ষণৰ প্ৰচেষ্টা হাতত নল’লে হয়তো সোণালী বান্দৰ অসমত লুপ্ত হৈ গ’লহেঁতেন; চক্ৰশীলাৰ চাৰিওকাষৰ গাওঁবোৰৰ ভিতৰত প্রথমতে বিশেষকৈ ঝোৰণাগৰা গাওঁতে প্ৰথমতে সোণালী বান্দৰৰ সংৰক্ষণৰ কাম আৰম্ভ কৰা হয়। লাহে লাহে অভয়কুটি, বান্দৰপাৰা, কালজানি, চক্ৰশীলা, দামোদৰপুৰ, শালবাড়ি, নাকাৰ গাওঁ ইত্যাদি   গাওঁৰ লোকসকলেও সোণালী বান্দৰ আৰু তাৰ বাসস্থানৰ কাম আৰম্ভ কৰে।

সুন্দৰ সেউজীয়াৰে আৱৰা এই ধুনীয়া গাঁওখনৰ আহল-বহল পৰিসৰৰ পথটোৰ মাজেৰে প্ৰায়েই পাৰ হৈ গৈছিল মোৰ গাড়ীখন। গাঁওখনত কোচ ৰাজবংশী, বড়ো, ৰাভা, গাৰো আদি কেইবাটাও জাতি জনজাতিয়ে একলগ হৈ বসবাস কৰি আহিছে।

            পথটোৰ দুয়োপাৰে  ওখ চাপৰ পাহাৰ। পূব পিনৰ পাহাৰখনতকৈ পশ্চিম ফালৰ পাহাৰখন দেখিবলৈ বেছ সুকীয়া আৰু সেউজীয়াৰে ভৰা আছিল। তাত মূল্যৱান গছ গছনিৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ গছ গছনিৰে ভৰি আছিল  বাবেই চৰাই-চিৰিকটি, পশু-পক্ষী, জীৱ-জন্তু আদিয়ে ঠাইখনক অধিক শুৱনি কৰি ৰখাৰ লগতে আনন্দ মুখৰ কৰি ৰাখিছিল।

                    আজিৰ পৰা প্ৰায় আঠ দহ বছৰ আগৰে পৰাই এই পথটোৰে মই অহা যোৱা কৰি আহিছোঁ। যিমান খিনিলৈ মনত আছে  কিন্তু ইয়াৰ আগেয়ে এনেহেন  বৰণৰ বান্দৰ দেখা মনত নপৰে। মোৰ গাঁওৰ ওচৰে পাজৰে হওঁক অথবা আন বহু ঠাইতে হওঁক, বান্দৰ বহু দেখিছোঁ; কিন্তু  ইহঁত অদ্ভুত আৰু বহু পৃথক । সময় তেতিয়া মাৰ্চ মাহৰ শেষৰটো আবেলি।  পুৱাৰ ৰঙা বেলিটোৱে  পশ্চিম আকাশৰ পাহাৰখনৰ শেষ টিলাত  থিয় হৈ ঢালি দিছে তাৰ শেষ পোহৰকণ। পাহাৰ খনৰ বুকুৰ মাজেৰে শান্ত শীতল গহীনভাৱত বৈ নৈখনৰ পানীত  বেলিৰ শেষ ৰশ্মিকণ পৰি জিলিকি উঠিছে কাকৈজান গাঁৱৰ চৌপাশৰ পৰিৱেশ। কাকৈজান গাঁওখন পাহাৰ খন আৰু তাৰ কাষত থকা নৈখনৰ গাতে লাগি গৈছে। গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ বাৰীয়ে পদূলিয়ে  দেখিবলৈ পোৱা যায়  বেছিভাগ ফল-মূলৰ গছ। এই ফল-মূল বোৰ খাই গাঁওখনত জপিয়াই ফুৰিছিল ইয়াৰ বিশেষ বান্দৰবোৰ  মানে সোণালী বান্দৰ বোৰ। এই কাকৈজান গাঁৱৰ স্থানীয় বড়ো লোকসকলে এই সোণালী বান্দৰ বোৰক মাকৰিগফুৰ বুলি কয়। এই মাকৰিগফুৰ বিলাকৰ সাধাৰণতে মুখৰ বৰণ ক’লা, নেজডাল আমাৰ সাধাৰণ বান্দৰতকৈ বহুত দীঘল। ৰৃতু অনুশৰি ইহঁতৰ গাৰ বৰণ বছৰত দুবাৰকৈ সলনি হয়, প্রথমতে গাৰ বৰণ পাতল সোণ হালধীয়া তাৰ পাছত লাহে লাহে সম্পূর্ণ গাঢ় হৈ সোণালী বৰণ হৈ পৰে। এই সোণালী বান্দৰক গোৱালপৰীয়া ভাষাত বগা বান্দৰ বুলিহে কোৱা হয়, আৰু ভুতীয়া ভাষাত ইহঁতক সুগ্ৰীৱ বা হনুমান বুলি কয়। সেয়া যি কি নহওঁক! আবেলিৰ বেলিৰ  মায়াৱী পোহৰে লুকা-ভাকু খেলি থকা সময়তে মই সেই মায়াৱী পোহৰৰ কোলাত খোজ  দি আগবাঢ়ি গৈ আছিলো। এনেতে মই খোজ কাঢ়ি গৈ থকা বাটটোৰ মাজেৰে মোৰ সম্মুখেৰে কেইবাটাও ডাঙৰ সৰু বান্দৰ পাৰ হ’ব ধৰিলে। দেখি আচৰিত হৈ  পৰিলো। চিৰিয়া ঘৰতে হওঁক অথবা অৰণ্যৰ মাজত  আমাৰ সাধাৰণ বান্দৰবোৰক এনেকৈ কেতিয়াও দল বান্ধি থকা দেখা নাযায়। কিন্তু হঠাৎ আজি এই সোণালী বান্দৰক একেলগে দল বান্ধি থকা দেখি মনটো আনন্দত জপিয়াই উঠিছিল। দলটোত প্ৰায় ২০/২৫ টাৰ বেছিহে আছিল। শাৰী পাতি বাট পাৰ হওঁতে শাৰীটোৰ একেবাৰে আগত শকত আৱত ডাঙৰ দীঘল মতা সোণালী বান্দৰটো আৰু তাৰ পিছে পিছে আহি থকা বাকি কেইটাক সি গাইড কৰি আনিছিল। আগৰ প্রথম বান্দৰটোৱে তাৰ দলটোৰ সি মূখ্য ভূমিকা গ্ৰহণ কৰিছিল। সেই দলটোৰ ভিতৰত সিয়ে একমাত্র মতা  সোণালী বান্দৰ।  আচলতে  কাকৈজান সোণালী বান্দৰৰ দেশ বুলি ক’লেও কাকৈজান গাঁওখনত এই অদ্ভুত আৰু বিৰল দৃশ্য খুব কমকৈ দেখা পোৱা যায়। কিয়নো, ইহঁতে প্ৰায় গাঁওখনৰ গাতে লাগি থকা পাহাৰৰ ওখ ওখ গছবোৰত লুকাই থাকে। পাহাৰখনৰ পৰা ইহঁতে সহজে ওলাই নাহে। যেতিয়ালৈকে পাহাৰখনত খাদ্য শেষ হৈ নাযায়, তেতিয়ালৈকে পাহাৰখনতে খাদ্য বিচাৰি ওখ গছবোৰত বগাই ফুঁৰে আৰু যেতিয়া তাত খাদ্য নোপোৱা হয়, তেতিয়া সিহঁতে পাহাৰখনৰ পৰা নামি আহি মানুহৰ ঘৰত, বাটত, মানুহৰ ঘৰৰ বাৰীত সোমাই তহিলং দি থাকে।

ৰাজ্য, ৰাষ্ট্ৰীয়, আৰু আন্তর্জাতিক মহলতো সোণালী বান্দৰ সংৰক্ষণৰ বাবে প্ৰবল জনমত গঢ়ি তোলা হয়। ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপৰ (  zoological survey of india  ) সেই সময়ৰ সঞ্চালক ড০ আশীষ ঘোষে সোণালী বান্দৰৰ সংৰক্ষণৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। ড০ আশীষ ঘোষ ডাঙৰীয়াই নেচাৰ্চ বেকনৰ সফলতাক ভাৰতৰ বেচৰকাৰী সংগঠনবোৰৰ সফলতা বুলি অভিহিত কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা বিভিন্ন সংগঠনে  সোণালী বান্দৰৰ সংৰক্ষণৰ সফলতাক স্বাগতম জনাইছে। নেচাৰ্চ বেকনৰ এই সংৰক্ষণমূলক কামৰ সফলতাৰ পৰা যাতে পৰবৰ্তী প্ৰজন্মই অভিজ্ঞতা সঞ্চয় কৰিব পাৰে সেই উদ্দেশ্যেক আগত ৰাখি পাঠ্যপুথিত সংযোজিত হৈছে সোণালী বান্দৰৰ সংৰক্ষণৰ কাহিনী। লণ্ডন আৰু নিউয়ৰ্কৰ পৰা প্ৰকাশিত    Forest for the future  নামৰ  কিতাপত ৫৮ নং পৃষ্ঠাৰ পৰা ৬৫ নং পৃষ্ঠালৈকৈ বিস্তাৰিত ভাবে লিপিবদ্ধ হৈছে। এই সফল সংৰক্ষণৰ প্ৰক্ৰিয়া, যাক সমগ্র দক্ষিণ পূব এছিয়াৰ উল্লেখযোগ্য সংৰক্ষণ পদক্ষেপ বুলি বিবেচিত কৰা হৈছে।  Communities and Conservation নামৰ মূল্যৱান কিতাপত লিপিবদ্ধ কৰা হৈছে নেচাৰ্চ বেকনৰ সোণালী বান্দৰৰ সংৰক্ষণৰ প্ৰক্ৰিয়া। যাক অনুমোদন জনাইছে, __ United Nation Educational Scintific and Cultural Organization ( UNESCO )  ই।  ইয়াতকৈ আমাৰ আনন্দৰ কথা কি জানা তুমি…? কি…? চক্ৰশীলাৰ সোণালী বান্দৰৰ বিষয়ে এখন ৬০ মিনিটৰ সম্পূর্ণ তথ্যচিত্র দূৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হৈছে। তথ্যচিত্ৰৰ কথা কোৱাৰ লগে লগেই মই তেখেতক প্ৰশ্ন কৰিলোঁ, কি কয়, সঁচাকৈ নে…?  সচাঁ।

_ ইয়াৰ ওপৰত তথ্যচিত্র নিৰ্মাণ কৰিছিল যদি তেন্তে কৰিছিল কোনে…? এই নিৰ্মাতা আৰু পৰিচালনা গৰাকী বাৰু কোন…?

                 বিখ্যাত তথ্যচিত্র নিৰ্মাতা তথা পৰিচালক গৌতম বৰা ডাঙৰীয়াই। চক্ৰশীলাৰ সোণালী বান্দৰৰ সম্পর্কত তথ্যচিত্র নিৰ্মাণ কৰি উলিয়াইছে। পলকতে মোৰ মনটো আনন্দৰে ভৰি পৰিছিল। তাৰ পাছত!

তাৰ পাছত কি জানা; উল্লেখযোগ্য যে_  চক্ৰশীলাত লোৱা এটা সোণালী বান্দৰৰ ছবি BBC ৰ আলোকচিত্র প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। পৰবৰ্তী সময়ত সেই ছবিৰ প’ষ্টাৰ নিৰ্মাণ কৰি BBC এ সোণালী বান্দৰ আৰু তাৰ বাসস্থান  সংৰক্ষণৰ বাবে সমগ্র বিশ্বতে প্ৰচাৰ চলোৱাৰ কাম কৰিছিল। সোণালী বান্দৰৰ ছবি লোৱা এই আলোকচিত্র শিল্পী জনৰ নাম ইলিঅ’ ডেলা ফেৰেৰা। তেওঁ এজন বিশ্ববিখ্যাত আলোকচিত্র শিল্পী , আৰু ইটালী দেশৰ নাগৰিক। বৰ্তমান সোণালী বান্দৰৰ লগে লগে অসমৰ সকলো প্ৰজাতিৰ বান্দৰ সংৰক্ষণৰ বাবে আমাৰ ইয়াত কাম কৰি থকা হৈছে। আন্তর্জাতিক পৰ্যায়ত এই সংৰক্ষণ প্ৰক্ৰিয়াক সহযোগিতা কৰিছে International Primate Protection Leauge (  IPPL ) । বৰ্তমানেও চক্ৰশীলাক কেন্দ্র কৰি সোণালী বান্দৰ সংৰক্ষণৰ কাম অব্যাহত আছে।

অভয়াৰণ্যৰ মাজে মাজে সেউজীয়াৰ লগতে তাৰ পৰা চেঁচা কোমল বতাহজাক গাত লৈ খোঁজ কাঢ়ি আহি  আৰু লগতে অৰণ্য খনৰ প্ৰয়োজনীয় তথ্যসমূহ গোটাই লৈ এটা মুকলি স্থান ওলালোহি। ঠাইডোখৰ খুব ধুনীয়া আছিল।  তাত কিছু সময়ৰ বাবে ৰৈ মোৰ মনত  জাগ্রত হোৱা এটা প্ৰশ্ন সুধিলোঁ; _ আপুনি মোক কওকচোন; এই অৰণ্য খন যদি উজনি অসমৰ লোকে চাবলৈ আহে তেন্তে সুবিধাটো কোনফালে…?  মোৰ মুখত এনে এটা সুন্দৰ প্ৰশ্ন শুনি লগে লগে উত্তৰ দিলে। শুনা! উজনি অসমৰ পৰা নামনিমুৱা অহা প্ৰতিখন ট্ৰেইন  কোকৰাঝাৰ ষ্টেচনত ৰয়। কোকৰাঝাৰৰ পৰা শ্বেয়াৰ টেক্সি নাইবা গাড়ী ভাড়া কৰি বাঁহবাৰী নামৰ স্থান হৈ দামোদৰপুৰ হৈ ঝোৰনাগৰা গাঁৱলৈ আহক! নহ’লে কোকৰাঝাৰৰ পৰা শিলগাৰা নামৰ স্থান হৈ  শালকোচা গাওঁ, তাৰপৰা ঝোৰনাগৰা গাঁৱলৈ আহক! অৰ্থাৎ, কোকৰাঝাৰ শিলগাৰা হৈ শালকোচা হৈ_ ঝোৰনাগৰা গাঁও। এই দুটা পথেৰে টেম্পো, মেজিক, শ্বেয়াৰ টেক্সি ইত্যাদি চলে। আপুনি নিজৰ গাড়ী লৈ আহিলেও এইদৰে আহিব লাগিব।

লেখকঃ মুন ৰাজবংশী

Leave A Reply