Breaking

গোর্খা সমাজে দুৰ্গা পূজাৰ দশমীৰ দিনৰ পৰাই ধুমধামেৰে পালন কৰে ভগৱান ৰামৰ বিজয় উৎসৱ ।

0 2,025

সমগ্ৰ বিশ্বৰ হিন্দু সমাজে  দুৰ্গোৎসৱ পালন কৰে যদিও বিভিন্ন প্ৰান্তত থকা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ও দুৰ্গাপূজাত “দশৈ” উৎসৱ হিচাপে পালন কৰি আহিছে । হিন্দুত্ব ৰক্ষাৰ ক্ষেত্ৰত অতীজৰে পৰা গোর্খা সমাজৰ আছে এক অভূতপূৰ্ব অৱদান ।  অতীজৰে পৰা হিন্দু সমাজে পালন কৰি অহা দুৰ্গা পূজা  ভাৰতীয়  গোৰ্খা কৃষ্টি সংস্কৃতিত দুৰ্গা পূজা অৰ্থাৎ ‘দশৈ’এটা পৱিত্ৰ উৎসৱ হিচাপে পৰিচিত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গোর্খা সকলে এই উৎসৱ পালন কৰাৰ সমান্তৰালকৈ ধনশ্ৰীঘাট ওৰাং ,ৰৌতা ,মাজবাট  আদি অঞ্চলত বসবাস কৰা গোর্খা সকলেও এই উৎসৱ পালন কৰে ।  এই উৎসৱৰ আৰম্ভণি হয় মহালয়াৰ পূৰ্ণিমাৰ পৰা । এই ১৬দিন নিজৰ পৰিয়ালৰ লোক সকলৰ স্বৰ্গগামী হোৱা সকলৰ বাবে মহালয়া তিথি পালন কৰে। তাৰ পিছত আৰম্ভ হয় “দশৈ”, প্ৰতিপদ তিথিৰ পৰা পূৰ্ণিমা তিথিলৈ এই উৎসৱ পালন কৰা হয়। আঁউসীৰ দিনা ঘৰৰ ভিতৰত এটা চুকত মাটিৰ বেদী বনাই যৱ নাইবা গোমধানৰ গুটি সিচাঁ হয় । সেয়েহে এই আঁউসীক “যমাৰে আঁউসী” বোলা হয় । ঘৰৰ ভিতৰত ৰ’দ বৰষুণ নোপোৱা ঠাইত ৰখা হয় বাবে ই বগা ফুলৰ দৰে ২/৩ ইঞ্চি ওখ হ’য় ।         আঁউসীৰ পিছদিনা অৰ্থাৎ প্ৰতিপদৰ দিনা ঘট স্থাপন কৰি  নৱমীলৈ ভগৱতী  দেবীৰ পূজা কৰে। ইয়াক “নৌৰথা” বোলা হয়। ”  ভাগৱতীক উপাসনা কৰা দিন এৰিলেও দূৰ্গাৰ নামত “নৌৰথা” আৰম্ভ হোৱাৰ পিছত নৌলাৰ পূজা কৰা বিশেষকৈ সপ্তমী অষ্টমীত হাঁহ পাৰ ,কুকুৰা, ছাগলী,মহ ,কুমুৰা আদি বলি দিয়া এটা পৰম্পৰা চলি আহিছে যদিও আজিকালি বলি দিয়া পৰম্পৰা কম দেখা যায়।  বহুতে “নৌৰথা”ত ঘৰতে ঘট স্থাপন কৰি নৱমীলৈকে ব্ৰতত থাকি নৱৰাত্ৰিত চণ্ডীপাঠ কৰা বাবে বলি বিধান কৰা দেখা নাযায়।      দশমী তিথিত “বিজয়া দশমী” পালন কৰা হয় । গোৰ্খা কৃষ্টি সংস্কৃতিত বিজয়া দশমী এটা পৱিত্ৰ উৎসৱ এই উৎসৱৰ দিনা ঘৰৰ সপৰিয়ালে ৰাতিপুৱা গা-পা ধুই নতুন নতুন কাপোৰ কানি পিন্ধি লয় । এই উৎসৱ  আনন্দৰ উৎসৱ যিমানেই দুখীয়া হ’লেও পিতৃ মাতৃয়ে সন্তানক ” দশৈত” নতুন কাপোৰ দিয়ে । এই উৎসৱত ঘৰৰ জেষ্ঠ জনে “দৈ” চাউল ৰঙা ৰং মিশ্ৰণ কৰি এবিধ “অক্ষতা” তৈয়াৰ কৰে আৰু ঘৰৰ মূল দুৱাৰ নাইবা মূল খুঁটাটোত গোবৰৰ এটা ফুট লগাই তাত দুৱৰী বন আৰু গোটা খিকি (গোটা টকা) অক্ষতাত লগাই কুৱেৰ ৰজাক বুলি প্ৰথমে টিকা লগাই দিয়া হয় তাৰ পিছত ঘৰৰ জেষ্ঠ জনে পৰিয়ালৰ সকলোকে টিকা লগাই আশীৰ্বাদ প্ৰদান কৰে । এইদৰে পৰিয়ালৰ লোক সকলৰ ওচৰতবা মান্যজনৰ ওচৰত বিজয়া দশমীৰ পৰা পূৰ্ণিমা লৈ টিকা লগাবলৈ যায় । পৰাপক্ষত বিজয়া দশমীৰ দিনাই পৰিয়ালৰ মান্যজনৰ ওচৰত যায় । পূৰ্ণিমাৰ দিনা ঘৰৰ মান্যজনৰ ওচৰত পূৱৰ ফোঁট লৈ আশীৰ্বাদ লয় ইয়াক আকৌ ” বিদায়কৌ টিকৌ” বোলা হয়। বিশ্বৰ যিকোনো ঠাইতে গোৰ্খা(নেপালী) জনগোষ্ঠীয়ে বাস নকৰক কিয় “দশৈ”ত নিজৰ মান্যজনৰ ওচৰত চাউলৰ টিকা লগাই আশীৰ্বাদ লোৱা পৰম্পৰা আজি ও অব্যাহত আছে ।বিজয়া দশমীৰ পৰা পূৰ্ণিমা তিথিলৈকে এই মহা মন্ত্ৰৰে টিকা লগোৱা হয় ”  পুৰুষ সকলক লগাওতে – এটা মন্ত্ৰ আৰুমহিলা সকলক টিকা লগাওতে অইন মন্ত্ৰ গাই টিকা লগোৱা প্ৰথা আছে ।  “দশৈ”ৰ টিকাই এটা দিব্য আৰু সুন্দৰ জীৱন শৈলীৰ প্ৰেৰণা দিয়া ।  পূৰ্বপুৰুষৰ দিনৰ পৰাই পালন কৰি অহা ই এটা গোৰ্খা সংস্কৃতিৰ পৱিত্ৰ উৎসৱ বুলি জনাজাত । 

Leave A Reply

Your email address will not be published.