Breaking

গুৰু পূৰ্ণিমাৰ দিনটোতে এজন যুৱকৰ মহানুভৱতা

0 1,574

গুৰু পূৰ্ণিমাৰ দিনটোতে এজন যুৱকৰ মহানুভৱতা।এজন যুৱকে শাক-পাচলি আৰু ফলমূলৰ দোকানত।
বিনামূলীয়াকৈ বিতৰণ কৰিছে কাপোৰৰ মোনা।কেন্দ্ৰীয় চৰকাৰে একক ব্যৱহাৰযোগ্য প্লাষ্টিক মোনা বন্ধ কৰাৰ পিছতে ধুবুৰী চহৰৰ এগৰাকী সমাজ সেৱক দিপাংকৰ মজুমদাৰ নামৰ যুৱক জনৰ এই সিদ্ধান্ত।


নিজৰ গাঠিৰ ধন খৰচ কৰি কাপোৰৰ মোনা প্ৰস্তুত কৰি বিতৰণ কৰিলে ধুবুৰী চহৰৰ বহু শাক পাচলি, ফল মূলৰ দোকানত।
প্লাষ্টিক মোনা বন্দ হোৱাৰ পিছতে হাহাকাৰ ময় অৱস্থাৰ সৃষ্টি হৈছিল ব্যৱসায়ী সকলৰ মাজত।কাপোৰৰ মোনা বিতৰণ কৰি ৰাইজলৈ আহ্বান যুৱকজনৰ।


সকলো ৰাইজে প্লাষ্টিকৰ মোনাৰ পৰিবৰ্তে ব্যৱহাৰ কৰক কাপোৰৰ মোনা। সমাজ সেৱক দিপাংকৰ মজুমদাৰৰ এনে পদক্ষেপত ধুবুৰীবাসীৰ মাজত এক প্ৰসংশাৰ পাত্ৰ হৈ পৰিছে।


ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.