কইনা নিবলৈ দৰা আহিল এম্বুলেন্সেত,কিন্তু কিয়?

কইনা নিবলৈ দৰা আহিল এম্বুলেন্সেত।হোমৰ গুৰিলৈ আহিল ষ্ট্ৰে দৰাহোমৰ গুৰিলৈ আহিল ষ্ট্ৰেচ্ছাৰত উঠি।কিন্তু,কিয় জানেনে?সাধাৰণতে দৰাই কইনা নিবলৈ গাড়ীত আহে।কোনো কোনো অথবা অতীজত কইনা নিবলৈ দৰাই হাতী,ঘোঁ‌ৰা ব্যৱহাৰ কৰিছিল।কিন্তু এই দৰাজন কিয় আহিল এম্বুলেন্সেত তাৰো আছে এক কাৰণ।এই দৰা জনৰ নাম ৰাহুল কাটাৰিয়া আৰু কইনা গৰাকীৰ নাম ৰিতিকা নাথানী।এই বিবাহ খন সম্পন্ন হৈছে ৰাজস্থানৰ উদয়পুৰত।বিয়াৰ ৫ দিন পূৰ্বে এক দুৰ্ঘটনাত আহত হয় দৰা ৰাহুল কাটাৰিয়া। তেওঁৰ ভৰি ভাঙিছিল আৰু তাৰপাছত ভৰিত প্লাষ্টাৰ বান্ধি দিয়া হৈছিল। ৰাহুলৰ ভৰিত সুমুৱাই দিয়া হৈছিল এডাল ৰ’ড।


এনে পৰিস্থিতিত কোনেও বিয়া পতাৰ কথা ভাবিব নোৱাৰে কিন্তু ৰাহুল কাটাৰিয়াই নিৰ্দিষ্ট তাৰিখতে বিয়া পতাৰ সিদ্ধান্ত ল’লে। ইমান সুন্দৰকৈ সকলো পৰিকল্পনা আৰু আয়োজন কৰাৰ পাছত তেওঁ বিয়া পিছুৱাই দিবলৈ বেয়া পালে।ৰাহুলৰ এই সিদ্ধান্তক দুয়োখন ঘৰৰ লোকে সমৰ্থন জনালে।ৰাহুলক বিচনাত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু সময়মতে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাহুল কাটাৰিয়া এম্বুলেন্সেৰে বিবাহস্থলীত উপস্থিত হৈছিল। তেওঁক বিয়াৰ মণ্ডপলৈ ষ্ট্ৰেচ্ছাৰত লৈ যোৱা হৈছিল।সম্পূৰ্ণ নীতি নিয়মেৰে সম্পূৰ্ণ হৈ যোৱা এই বিবাহ খনে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে।তেওঁলোকক সকলোৱে জনাইছে শুভকামনা।

Related Articles