Breaking

“ঐতিহ্যমণ্ডিত কলিয়াবৰত হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে”–মন্ত্ৰী কেশৱ মহন্ত

0 81

“ঐতিহ্যমণ্ডিত কলিয়াবৰত অতীজৰে পৰা পৰম্পৰা হিচাপে পালন কৰি অহা হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে” -ঐতিহ্যমণ্ডিত হাটবৰ হাজাৰৰ উদ্যোগত আৰু কলিয়াবৰৰ হাজাৰ সমূহৰ সহযোগত আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত হাটবৰত অনুষ্ঠিত হ’ব লগীয়া হাজাৰী ভাওনা উৎসৱৰ শুকুৰবাৰে এক মাঙ্গলিক পৰিৱেশত ‘হাজাৰী ভাওনা-২০২৪’ৰ লাইখুটা স্থাপন কৰি এই মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগনত তাল-খোল, ডবা-কা‍ঁহ-শংখৰ মঙ্গলধ্বনি আৰু আয়তীসকলৰ উৰুলিৰ মাজতে লাইখুটা স্থাপন কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাইজক উদ্দেশ্যি লগতে কয় যে, হাজাৰী ভাওনা সংস্কৃতিয়ে সমাজখন অধিক সুন্দৰ আৰু শক্তিশালী কৰিব। কলিয়াবৰত হাজাৰী ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা আছে। এই ঐতিহ্য ৰক্ষা কৰি লুপ্ত হ’বলৈ ধৰা হাজাৰী ভাওনাক আমিয়েই জীয়াই ৰাখিব লাগিব। প্ৰতি দুবছৰৰ মূৰত হাজাৰী ভাওনা অনুষ্ঠিত কৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনালে মন্ত্ৰী গৰাকীয়ে।

বিপুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোতৰ আৰম্ভণিতে উদ্যাপন সমিতিৰ সভাপতি কেশৱ মহন্তক গায়ন-বায়ন সহিতে ভাওনা থলীলৈ আদৰি অনা হয়। লাইখুঁটা স্থাপনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী কেশৱ মহন্তই। হাজাৰী ভাওনা উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয় নৰেন বৰা, প্ৰদীপ গায়ন, সম্পাদক বিপুল বৰাৰ উপৰি আন পাঁচখন হাজাৰৰ সভাপতি-সম্পাদক ক্ৰমে চতিয়াল হাজাৰৰ হৰকান্ত বৰা, ৰমণী শইকীয়া, বৰভগীয়া হাজাৰৰ বিপুল কাকতি, কৰুণা বৰা, পশ্চিম কলিয়াবৰ হাজাৰৰ ৰূপেশ্বৰ নাথ, সোনাৰীগাঁও হাজাৰ সমিতিৰ যোগেন হাজৰিকা, দিলীপ হাজৰিকা আৰু উত্তৰ কলিয়াবৰ হাজৰৰ বকুল বৰা আৰু প্ৰৱীণ ভূঞাৰ উদ্‌যাপন সমিতিৰ ১২ খন উপ সমিতিৰ বিষয়ববীয়াই লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তদুপৰি ৰোগীয়া দেহাৰে থৰকবৰক খোজেৰে ভাওনা থলীত ৯৪ বছৰত উপস্থিত হয় বড়িগাৱঁৰ হৰেন শৰ্মা প্ৰমুখ্যে কেইবাজনো বয়োজ্যেষ্ঠ লোক। দিলীপ হাজৰিকাৰ তত্বাৱধানত লাইখুটাৰ বাবে চোঁৱা গছ কটাই আনি বগা ৰং বোলোৱা লাইখুটাত জিতুমণি বৰাই ‘হাজাৰী ভাওনা – ২০২৪ অংকন’ কৰি আকৰ্ষণীয় কৰি তোলে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কলিয়াবৰৰ ভিন্ন স্তৰৰ ব্যক্তি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে যোগদান কৰে। উল্লেখযোগ্য যে, শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত তিনি দিনীয়াকৈ আয়োজন কৰা হাজাৰী ভাওনাত প্ৰথম দুটা দিনত চাৰিখন খলাত ৮ খন ভাওনা পৰিৱেশিত হ’ব। এই উপলক্ষে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে।


উল্লেখযোগ্য যে, তুংখুঙীয়া বুৰঞ্জী অনুসৰি স্বৰ্গদেউ লক্ষ্মী সিংহৰ শাসনকালত কলিয়াবৰত আঠটা হেজাৰ সংগঠন গঠন কৰা হৈছিল। কলিয়াবৰ শাকমুঠি হাজাৰ (এতিয়া হাটবৰ হাজাৰ)ত উনৈশ শতিকাৰ পঞ্চম দশকত পোনপ্ৰথমবাৰৰ বাবে হাজাৰী ভাওনাৰ প্ৰথমে হাটবৰত চাৰিখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল বুলি জনা যায়।

তাৰ পাছৰে পৰা কলিয়াবৰত বিভিন্ন সময়ত হাজাৰী ভাওনা অনুষ্ঠিত কৰা হৈছিল। শেষৰ বাৰৰ বাবে ২০০০ চনত হাটবৰত অনুষ্ঠিত হাজাৰী ভাওনাৰ ২৩ বছৰৰ বিৰতিৰ পাছত পুনৰ হাটবৰত হাজাৰী ভাওনা অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.