অসমত এতিয়া বানপানীৰ সময় এই সময়ত ৰাজ্যখনত বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়ে। কিন্তু যেনেদৰে আমাৰ স্বাস্থ্য বিভাগটোৰ জয়গান আমি শুনিবলৈ পাওঁ, প্ৰকৃতাৰ্থত কিন্তু সেই উন্নয়নৰ ছবিখন আমি দেখিবলৈ নাপাওঁ। আমি যদি ওপৰে ওপৰে চাওঁ তেনেহ’লে দেখিবলৈ পাম যে অসমৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে। অসমত এতিয়া সাধাৰণ চিকিৎসালয়ৰতো কথাই নাই এইখন অসমতে এতিয়া এইমছ হ’ল, মেডিকেল কলেজ হাস্পতালো এখন-দুখন নহয় ১২খন মেডিকেল কলেজ হাস্পতাল স্থাপন হ’ল। তদুপৰি ৰাজ্যিক অসামৰিক চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়, স্বাস্থ্য উপ-কেন্দ্ৰ আদিৰতো লেখ-জোখেই নাই। গতিকে স্বাভাৱিকতেই ধাৰণা কৰি ল’ব পাৰি যে এতিয়া আৰু অসমত চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই। অসমত আৰু মানুহ ইমান সহজতে নমৰে।
আনহাতে, চৰকাৰৰ ফালৰ পৰাও সদায়ে চিকিৎসাৰ ক্ষেত্ৰত ন ন ব্যৱস্থাৰ কথা কৈয়েই আছে। গতিকে সাধাৰণ মানুহৰ দৃষ্টিত এতিয়া অসমত যে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত আৰু কোনো সমস্যাৰ সৃষ্টি নহয় সেই কথাত পতিয়ন নিয়াবলৈ অহৰহ প্ৰচেষ্টা চলি আছে। কাৰণ এতিয়া সকলো নিৰ্ভৰ কৰে কেৱল নিৰ্বাচনী অংকৰ ওপৰত। গতিকে ইমানবোৰ ঢাক-ঢোল কোবোৱাৰ অৰ্থই হৈছে কেৱল নিৰ্বাচন। এয়া ভাবিবলৈ বা চিন্তা কৰিবলৈ বাধ্য এতিয়া আমি। কাৰণ চিকিৎসা বিভাগটোৰ অৱস্থা যদি ভালদৰে চাবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম কেৱল- ‘বাহিৰে ৰং-চং ভিতৰি কোৱাভাতুৰী। অসমত হয় পৃৰ্বতকৈ অন্যান্য চিকিৎসালয়তো বাদেই যথেষ্টসংখ্যক চিকিৎসা মহাবিদ্যালয় হাস্পতাল হ’ল। এই চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি কেইবা হাজাৰো চিকিৎসক ওলাব। অসমৰ ৰোগীয়ে এতিয়া আৰু দূৰলৈ চিকিৎসা কৰিবলৈ গৈ সৰ্বস্বান্ত হ’ব নালাগে। এইবোৰ কথা শুনিবলৈ যিমানেই ভাল বা আশাৰ বতৰা বাস্তৱত কিন্তু তেনে কোনো আশাৰ বতৰা আমালৈ কঢ়িয়াই অনা আমি দেখিবলৈ পোৱা নাই। এটা সৰু উদাহৰণ- এজন কোনো ৰোগত আক্ৰান্ত ৰোগী অথবা গুৰুতৰ ভাৱে দুৰ্ঘটনাগ্ৰস্ত হ’লে সেই ৰোগীজনক বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীজনক প্ৰথমে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ৰোগীৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি আন এখন মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৰোগীজনক। ইয়াতো তেওঁক চাই মেলি আকৌ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিয়াই দিয়ে। ফলত ৰোগীৰ অৱস্থা ক্ৰমান্বয়ে জটিল হৈ পৰে। এনেদৰে এজন ৰোগীক দৌৰাই লৈ ফুৰিব লগা হয় কেৱল উন্নত চিকিৎসাৰ অভাৱত অথবা চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা উন্নত যন্ত্ৰপাতিৰ অভাৱত।
যদি এখন চিকিৎসালয়ত ৰোগী এজনে পৰ্যাপ্ত সুবিধাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ এখনৰ পিছত আন এখন হাস্পতাললৈ দৌৰি থাকিবই লগা হয় তেনেহ’লে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ সাৰ্থকতাইবা ক’ত। কোনোবাখন চিকিৎসালয়ত যদি পৰ্যাপ্ত চিকিৎসক নাই আন কোনোবাখনত আকৌ নাই প্ৰয়োজনীয় ঔষধ, নাই অক্সিজেন, নাই উন্নত চিকিৎসাৰ সঁজুলি। ফলত ৰোগীয়ে সুফল পোৱাৰ পৰা সাধাৰণতে বঞ্চিত হ’ব লগা হৈছে। আজিও সাধাৰণ বেমাৰ এটাতে অসমৰ বাহিৰলৈ ৰোগী নিব লগা হয়। তেনে ইমানবোৰ মেডিকেল কলেজ থকাৰ অৰ্থইবা ক’ত। গতিকে চিকিৎসা মহাবিদ্যালয় স্থাপনত বেছি গুৰুত্ব দিয়াতকৈ থকাকেইখনতে চিকিৎসা সেৱাৰ পৰ্যাপ্ত সা-সুবিধা তথা উন্নত সা-সৰঞ্জাম উপলব্ধ কৰাৰ ব্যৱস্থা কৰিলে অসমৰ দুখীয়া জনসাধাৰণৰ বেছি উপকাৰ কৰা হ’ব। অসমৰ বাহিৰলৈও ৰোগী যাব লগা নহ’ব। ইয়াৰ ফলত ৰোগীয়ে ওচৰতে নিজৰ চহৰখনতে গৈ কম খৰচতে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। এইবোৰ কথা মই কাৰোবাক সমালোচনাৰ বাবে কোৱা নাই। কেৱল আমাৰ অসমৰ দৰে এখন দুখীয়া ৰাজ্যৰ সাধাৰণ জনতাৰ উপকাৰ হোৱাৰ বাবেহে কোৱা হৈছে।
বৰ্তমান অসমৰ চাৰিওফালে বানপানীৰ সংহাৰ। এই বানপানী যে এইবাৰহে হঠাৎ আহিছে সেয়াও নহয়। অসমত বছৰি বানপানীৰ সংহাৰ চলিয়েই আছে। বানৰ সময়ত প্ৰতি বছৰে বানাক্ৰান্তই কেইটামান খাদ্যৰ টোপোলা আৰু আশ্বাসৰ বাহিৰে একো নাপায়। এইবাৰো অসমত হোৱা ভয়াৱহ বানত জুৰুলা জনসাধাৰণক সেই একেই খাদ্যৰ টোপোলা, আশ্বাস বাণী। চিকিৎসাৰ ক্ষেত্ৰতো সাধাৰণ চিকিৎসা সেৱা। এইবাৰৰ বানত কেইবাটাও সলিল সমাধিৰ ঘটনা ঘটি যোৱাৰ পিছত অকল চিকিৎসাজনিত কাৰণতে আমাৰ ৰাজ্যখনত গঢ় হিচাপত প্ৰতিদিনে দহটিকৈ শিশুৰ মৃত্যু হৈছে। আনহাতে, যোৱা এপ্ৰিল মাহৰ পৰা জুলাইৰ ১৭ তাৰিখলৈকে ৰাজ্যখনত চিকিৎসাজনিত কাৰণতে মৃত্যু হৈছে প্ৰায় ১,১২২টি শিশুৰ মৃত্যু হৈছে। যিটো সময়ত ৰাজ্যখনৰ প্ৰায়কেইখন জিলাতে চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা হৈছে সেই সময়তে ইমান বৃহৎসংখ্যক শিশুৰ মৃত্যুৰ খবৰে আমাৰ চিকিৎসা খণ্ডটোৰ প্ৰকৃত ছবিখন উন্মোচিত কৰিছে। আৰু এই শিশুসকলৰ মৃত্যু হৈছে কেৱল নিউমোনীয়া, ওজন হ্ৰাস আৰু সংক্ৰমণৰ বাবেই। এই তথ্য আমাৰ নহয়। এই তথ্য প্ৰকাশ পাইছে খোদ এন এইচ এমৰ পৰিসংখ্যাতে। অৱশ্যে এই তথ্য প্ৰকাশ কৰাৰ কিছু সময়ৰ পিছতে বিকল কৰি পেলোৱা হয় উক্ত ৱেবছাইটটো। মুঠতে প্ৰায় চাৰিটা মাহতে এই বৃহৎসংখ্যক শিশুৰ মৃত্যু হৈছে। ইয়ো গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত। আন এক তথ্য মতে যোৱা এপ্ৰিল মাহৰ পৰা জুলাইৰ ভিতৰত নগাঁৱত ৬১টা, গোৱালপাৰাত ৩৩টা, গোলাঘাটত ২২টা, কাৰ্বি আংলঙত ১৮টা শিশুৰ মৃত্যু হৈছে। এয়া নিশ্চয় উদ্বেগজনক ঘটনা।
আনহাতে, অসমত বানপানী লাহে লাহে শুকাবলৈ লৈছে যদিও অন্য এক আতংকই ছানি ধৰিছে এতিয়া ৰাজ্যখনত। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এতিয়া জাপানীজ এনকেফেলাইছ (জেই)ৰ প্ৰাদুৰ্ভাৱ দ্ৰুত হাৰত বিয়পি পৰিছে। দিনে দিনে এই জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। এই পৰ্যন্ত ৩০ জনৰো অধিক লোকৰ প্ৰাণ হানি হৈছে এই ৰোগত। কিন্তু যেনেধৰণে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হ’ব লাগিছিল তেনে ধৰণে এতিয়াও ব্যৱস্থা লোৱা হোৱা নাই। ফলত ৰোগৰ প্ৰাদুৰ্ভাৱ কমা নাই আৰু মৃত্যু সংখ্যা বৃদ্ধি হোৱাৰহে উপক্ৰম হৈছে। ৰাজ্যখনৰ যোৰহাট জিলাতে এই ৰোগীৰ সংখ্যা অধিক।যোৰহাটত এতিয়ালৈ প্ৰায় ৮০জন লোক আক্ৰান্ত হৈছে, মৃত্যু হৈছে ৮জনৰ। সেইদৰে ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৫০জনৰো অধিক লোকৰ আৰু ইতিমধ্যে মৃত্যু হৈছে দুজনৰ। গোলাঘাটতো এতিয়ালৈ দুজনৰ মৃত্যু হৈছে এনকেফেলাইটিছ ৰোগত। ইয়াৰ উপৰি অসমৰ প্ৰায়কেইখন জিলাতে এনকেফেৰাইটিছত ইক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ তথ্য অনুসৰি শোণিতপুৰত এজন, ধেমাজিত তিনিজন, শিৱসাগৰত ৪জন, বৰপেটাত এজন, কামৰূপত ৫জন, দৰঙত এজন, গোৱালপাৰাত দুজন, কাৰ্বি আংলঙত এজন, মাজুলীত এজন, মৰিগাঁৱত এজন, তিনিচুকীয়া আৰু ওদালগুৰি জিলাখনত এজনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে। এইক্ষেত্ৰত চৰকাৰে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও ইয়ে ৰোগীক মাজত সকাহ দিব পৰা নাই। যিহেতু এই এনকেফেলাইটিছ ৰোগ বিধ এবিধ মহে কামোৰাৰ ফলত হয়, গতিকে ইয়াক নিৰ্মূৰ বাবে স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে যদিও সেয়া এদিন বা দুদিন দিলেই পৰ্যাপ্ত নহয় বা মহ নিৰ্মূলো নহয়। গতিকে এই ধোঁৱা দিয়াৰ ব্যৱস্থা স্থায়ী ৰূপত কৰাৰ ব্যৱস্থা কৰিলে নিশ্চয় সুফল সুুফল পোৱা যাব। আনহাতে, এনকেফেলাইটিছ আৰু মাজে মাজে হৈ থকা ডেংগু ৰোগ নিৰ্মূল কৰিবলৈ হ’লে ৰোগ প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰাৰ লগতে দ্ৰুততাৰে আৰু অধিকসংখ্যক চিকিৎসকৰ দল যিসমূহ ঠাইত এনকেফেলাইটিছ ৰোগ হৈছে তালৈ প্ৰেৰণ কৰি স্থায়ীৰূপত ৰোগ নিৰ্মূলৰ ব্যৱস্থা কৰক চৰকাৰে। নহ’লে অসমত এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ লগতে ইয়াৰ মৃত্যুৰ সংখ্যাও ক্ৰমে বাঢ়ি গৈ থাকিব। মুঠতে সময় অতিবাহিত নহওঁতেই চৰকাৰে গুৰুত্বসহকাৰে কাম কৰক।
এটা কথা স্বীকাৰ কৰিবই লাগিব যে দেশত যিমান ৰোগী আছে সকলোকে চিকিৎসা কৰিবলৈ পৰ্যাপ্ত চিকিৎসকৰ অভাৱ, নাই সিমান পৰিমাণৰ চিকিৎসালয়। বৰ্তমানো চিকিৎসাৰ অভাৱত নিতৌ বহব ৰোগীৰ মৃত্যু হৈয়ে আছে। মুঠতে ডাক্তৰ নাই, নাৰ্ছ নাই, হাস্পতালত ঔষধ নাই, আধুনিক যন্ত্ৰপাতি নাই, চিকিৎসক থাকিলেও সময়ত পোৱা নাযায় আদি এশ-এবুৰি সমস্যাৰ মাজেৰে জোৰা-তাপলি মাৰি চলি আছে চিকিৎসা বিভাগটো। সেয়ে চৰকাৰক কওঁ যিখিনি আছে সেইখিনিকে অধিক উন্নত কৰি অসমৰ চিকিৎসা ব্যৱস্থাৰ উন্নতি সধাৰ ব্যৱস্থা কৰক। তেতিয়াহে স্বাস্থ্য বিভাগটোৰো স্বাস্থ্য ভালে থাকিব আৰু আমিও সু-চিকিৎসা পাবলৈ সক্ষম হ’ম।
লেখকঃ ভূপেন মহন্ত