Breaking

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব । অসমৰ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰি নিৰ্মাণ কৰিছে গৃহ : অসমীয়া চাহ খেতিয়কৰ পাত নিচিঙবলৈ সকীয়নি : নগাৰ গেট-গৃহ উচ্ছেদৰ সাহস নহ’ল প্ৰশাসনৰ ।

0 106

নাজিৰা পৰা দিলীপ হাজৰিকা । 

সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰু সোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬৪০০ হেক্টৰ ভূমিৰ প্ৰায় ৪হাজাৰ হেক্টৰ ভূমি অবৈধ বেদখলেৰে বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি কৰাৰ পাছত এতিয়  সীমান্তৰ অসমৰ অৱশিষ্ট ভূমিখণ্ড দখলৰ বাবে নামি পৰিছে নগা বাহিনী।   শেহতীয়াভাবে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা নগা শান্তি চুক্তিৰ পাছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ পতিপত্তি বৃদ্ধি পাবলৈ ধৰিছে।যােৱা ২১মে’ত শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূূূূমিত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ  অসমৰ থলুৱা যুৱকে স্হাপন কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়েনক খেদি পঠােৱা কাণ্ডৰ উত্তেজনা মা’ৰ নৌযাওতেই এইবাৰ অসমৰ ভূমিত পুনৰ বীৰত্ব প্ৰদৰ্শনত নামিল নগা বাহিনী।নাগাালেণ্ড চৰকাৰ তথা প্ৰশাসনৰসহযোগত নগা আৰক্ষী আৰু নগা ভিলেজ কাউঞ্চিলে সীমান্ত অঞ্চলটোৰ অসমৰ ৰাজহ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে অসমৰ উক্ত ভূমিত গৃহ নিৰ্মাণ কৰি বেদখল অব্যাহত ৰাখিছে।ইয়াৰ উপৰি অসমৰ উক্ত ভূমিত থকা অসমীয়া চাহ খেতিয়কক পাত নিচিঙিবলৈ নিৰ্দেশ দিয়াৰ লগতে পাত চিঙিবলৈ আহিবলৈ প্ৰাণে মৰাৰ হুমকি দিয়ে।নগাবাহিনীৰ এনে কাণ্ডৰ বিৰুদ্ধে অসমৰ প্ৰশাসন ৰ এটা দল ঘটনাস্হলীলৈ যায় যদিও নগাৰ গৃহ আৰু গেট উচ্ছেদৰ সাহস নহল অসমৰ দলটোৰ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে শিৱসাগৰ জিলা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীৰ শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়েন কেম্পৰ সমীপৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ বৃহৎ ৰাজহ ভূমি নাগালেণ্ডে দীৰ্ঘদিন ধৰি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।বিগত বৰ্ষ শেষ ভাগত অসমৰ প্ৰশাসনে পঞ্চায়তৰ যোগে নিৰ্মাণ কৰা এখন স্মশান দিনদুপৰতে ভাঙি তচনত কৰি উক্ত ভূমি নাগালেণ্ডৰ বুলি বীৰত্ব প্ৰদৰ্শন কৰিছিল।ইয়াৰ পাছত যোৱা ২১মে’ত পুনৰ নগা বাহিনী য়ে অসমৰ উক্ত ৰাজহ ভূমিত চাহ খেতিৰে আত্ম নিৰ্ভৰশীল হোৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ২হাজাৰ চাহ পুলি ধ্বংস কৰি দ্বিতীয় বাৰৰ বাবে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ড ৰ বুলি প্ৰতিপন্ন কৰাৰ পাছতো অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্য ক এৰি দিয়া নহব বুলি শূণ্যত গদা ঘুৰুৱা সৰ্বানন্দ সোণোৱাল নেতূত্বাধীন চৰকাৰক প্ৰত্যাহ্বান জনাই নগাই অসমৰ উক্ত ৰাজহ ভূমিত বাঁহৰ গেট দি অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰি নিৰ্মাণ কৰিলে গৃহ।ইমানেই নহয় অসমৰ উক্ত ৰাজহ ভূমিত থকা অসমীয়াৰ চাহ বাগিচাত চাহ পাত নিচিঙিবৰ বাবে কালি বিয়লি নগাৰ এটা দলে ক্ষুদ্ৰ চাহখেতিয়কসকলক সকীয়নি দিয়ে।নগা আৰক্ষীৰ নেতৃত্বত অহা নগাৰ দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহপাত তুলিবলৈ আহিলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে উভতি যোৱাৰ সময়ত বহু চাহ পুলি ধ্বংস কৰি থৈ যায়।নগাৰ এনে কাণ্ডৰ বিষয়ে খবৰ লাভ কৰি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱালৰ নেতৃত্ব ত অসমৰ আৰক্ষীৰ এটা দল ঘটনাস্হলীত উপস্হিত হয়।অসমৰ দলটোক নগাৰ দলটোৱে কৰ’না সন্ত্ৰাসৰ বাবে এই বাঁহৰ গেট দিয়াৰ অবাস্তৱ যুক্তি দিয়ে।নগাৰ দলটোৰ এই অবাস্তৱ যুক্ত শুনি অসমৰ প্ৰশাসন ৰ দলটোৱে নগাই নিৰ্মাণ কৰা গেট আৰু গৃহ উচ্ছেদ কৰাৰ সাহস নকৰি আঁতৰি আহে।অসমৰ সীমান্ত অঞ্চলৰ বূহৎ ভূখণ্ড অসম চৰকাৰৰ এনে দুৰ্বলতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ ভূখণ্ড সংকুচিত হৈ অহাৰ বিপৰীতে বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি হৈ অহাৰ বিষয়ে বিগত সময়ত সংবাদ পৰিবেশন হোৱাৰ পাছতো শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে অসমৰ এই ৰাজহ ভুমিৰ ক্ষেত্ৰত যথোচিত কোনো প্ৰদক্ষেপ গ্ৰহন নকৰাত নগা বহিনীয়ে  অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশস্বৰূপে এইবাৰৰ এনে আগ্ৰাসন চলোৱাৰ পূূূূৰ্ণ সুযোগ কৰে। সীমান্ত অঞ্চলৰ অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিয়া নহব বুলি দম্ভালি মৰা,জাতি মাটি ভেটিৰ শ্ল’গান আওৰোৱা অসম চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ চুড়ান্ত দায়িত্বহীনতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ এই বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.