নলবাৰী : ভাৰতীয় সেনা বাহিনীক চীনে সীমাত ষড়যন্ত্ৰ ৰচিত কৰি নিহত কৰা বাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনগনই শ্বহিদ সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে আজি হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়েও পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰু বিগত সময় চোৱাত চিৰ বৈৰী চীনৰ সা সামগ্ৰী বয়কত কৰাৰ উদ্দেশ্যে আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে এজন ব্যাক্তি বা এখন দেশ ইতিবাচক দিশেৰে যিমানেই শক্তিশালী ৰুপত সমাজৰ আগত ধৰা দিব ,সিমানেই সেই ব্যাক্তিজনৰ নাইবা সেই দেশখনৰ বিৰুদ্ধে ৰচনা কৰা হব এটাৰ পাচত আন এটা ষড়যন্ত্ৰ । লগতে সংযোজক গৰাকীয়ে পুনৰ কয় যে,চীন দেশে সস্তীয়া বস্তুুৰ প্ৰলোভন প্ৰদান কৰি ভাৰতৰ বজাৰ দখল কৰি স্থানীয় ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি অসম তথা ভাৰতত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে । আমি কিনা চিনা সামগ্ৰীৰ ধনেৰে চীনে পাকস্তানক গুলি বোমা যোগান ধৰে । যি বোমা বাৰুদে আামাৰ জোৱান সকলৰ বুকু বিদাৰিছে । অতিকৈ গুৰুত্ব পুৰ্ণ কথাতো হল অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মান কৰি অসম বা ভাৰতবৰ্ষক মৰুভূমিলৈ ৰপান্তৰ কৰিব বিচাৰিছে।যিখন দেশে ভাৰতবৰ্ষক NSG গ্ৰুপত অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে হেঙাৰ হিচাবে থিয় দি আছে।যিখন দেশে অসমৰ আকচাই চীন নামেৰে অসমৰ ভূ গৰ্ভ এতিয়াও দখল কৰি আছে,যিখন দেশে ভাৰত আৰু অসম বিৰোধী শক্তিক আশ্ৰয় আৰু সাহায্য প্ৰদান কৰি আহিছে।সেয়েহে হিন্দু ক্ৰান্তি দলৰ আহ্বান যিসকল লোকে শীত তাপ,ধুমুহাকো নেওচি আমাক সুৰক্ষা দি আছে,তেওলোকক যদি কিঞ্চিতমানো ভাল পাই তেন্তে চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক।চীনা সামগ্ৰী ক্ৰয় কৰি অসম বা ভাৰত বিৰোধী কামৰ আংশীদাৰ নহব।চীনৰ এপদ বস্তু কিনা মানে পাকিস্তানৰ এটা গুলি দাম দিয়া।লগতে সংযোজক গৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান জনাই যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ গাৱে ভূৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে যত দেশৰ নিবনুৱা আৰু অৰ্থনৈতিক সমস্যাৰ পৰা হাত সাৰিব পৰা যাব।