Breaking

যোৰহাট জিলা সমিতিৰ মানৱ দৰদী কাৰ্য ! শতাধিক বানাক্ৰান্তক খাদ্য সামগ্ৰী প্ৰদান…

0 55

আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত যোৰহাট জিলা সমিতিৰ এটি সজাতী দলে নিমাতী সমীপৱৰ্তি বানাক্ৰান্ত অঞ্চল ডাইনী গাঁও , চাৰিগাঁও চাপৰি , পুৰণি গোহাঁই গাওঁ আৰু হাতীগড় মৌজাৰ বালিচাপৰি বাৰপাইক আৰু ন- নৈ অঞ্চলৰ শতাধিক পৰিয়ালক খাদ্য সমগ্ৰী বিতৰণ কৰে । সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত সন্থাতোৰ উপসভাপতি দীগন্ত প্ৰদীপ নেওগ , জিলা সম্পাদক কৃঞ্চ প্ৰসাদ শৰ্মাই বানাক্ৰান্ত ৰাইজক বিপদৰ সময়ত

এশাৰী মাত দিয়াৰ লগতে প্ৰায় ৭০০ টকা পৰিমানৰ সামান্য খাদ্যৰ টোপোলা আগবঢ়োৱাৰ কথা অৱগত কৰে । এই ক্ষেত্ৰত স্থানীয় গাঁও প্ৰধান অচিন্ত দত্ত আৰু অতুল দত্তই সহযোগিতা কৰা বান সাহায্য প্ৰদান কাৰ্যসূচীত সৰ্ব ভাৰতীয় চাহ সংস্থাৰ সম্পাদক অচ্যুত প্ৰশাদ গগৈ, সদৌ অসম খুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সদস্য দুৰ্লভ বৰা,

মৃণাল বৰদলৈ, যোৰহাট জিলা সমিতিৰ সহ সম্পাদক ৰঞ্জিত বৰা ,সাংগঠনিক সম্পাদক ভূপেন গগৈ, উজ্বল শইকীয়া , সদস্য ভাইজিত গগৈ , মহেশ গগৈ , পল্লৱ চলিহা , পূৰ্ণ শইকীয়া, মহেন্দ্ৰ বুঢ়াগোহাঁই , দ্বিজেন বৰপাত্ৰ , শৈল্যেন দোলাকাষৰীয়া , কামাখ্যা সাধনীদাৰ , পূৰ্ণ সহযোগ কৰে ।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰশাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.