Breaking

স্বামী স্ত্ৰীৰ কাজিয়াই ৰূপ ল’লে ভয়ংকৰ পৰিণতি ! স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ পৰিয়ালৰ…

0 24

স্বামী স্ত্ৰীৰ কাজিয়ায় ৰূপ ল’লে ভয়ংকৰ পৰিণতিৰ । স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰী গৰাকীৰ পৰিয়ালৰ । চাপৰৰ ৰঙামাটিৰ হলদিবাৰীত সংঘটিত হয় এই ঘটনা । ঘটনাৰ পিছৰ পৰায় স্বামী আতোৱাৰ আলীৰ কোনো খবৰ পোৱা নাই বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে । উল্লেখ্য যে চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীৰ বাসিন্দা আফ্ৰুজা বিবি নামৰ মহিলা গৰাকীয়ে কেইবছৰমান পূৰ্বে আৰিমাৰিৰ বাসিন্দা আতোৱাৰ আলীৰ লগত বিবাহ পাশত আবদ্ধ হয় ।

যোৱা নিশা আতোৱাৰ আলী নামৰ ব্যক্তি জনে ৰঙামাটিত আহি শহুৰেকৰ ঘৰৰ সন্মুখত আহি গালি গালাছ পাৰি নিজ পত্নীক ঘৰলৈ লৈ যায় । কিন্তু কিছুদূৰ যোৱাৰ পিছত বোৱাৰী গৰাকীৰ ঘৰত খবৰ দিয়ে পথ দুৰ্ঘটনা হোৱা বুলি । ততাতৈয়াকৈ পৰিয়ালৰ লোকে গৈ নিত্যবজাৰত লগ কৰে যদিও বঙাইগাঁওলৈ লৈ যায় ।

বঙাইগাঁওত বোৱাৰী গৰাকীৰ মৃত্যু হয় আৰু ঘৰলৈ লৈ আহে যদিও স্বামী আতোৱাৰ আলীয়ে মৃত পত্নী গৰাকীক নিজ ঘৰত নিনিয়াকৈ শহুৰেকৰ ঘৰলৈ পঠাই দি গাড়ীৰ পৰা নামি যায় । কিন্তু মৃত পত্নীৰ খবৰ লোৱা দূৰৰে কথা নিজৰ ম’বাইল ফোনটো অফ কৰি নিৰুদ্দেশ হৈ আছে স্বামী আতোৱাৰ আলীয়ে । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে আৰু ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.