Breaking

স্বামীক ‘কাপুৰুষ’ বুলি কোৱা, পিতৃ-মাতৃৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা পত্নীৰ বিৰুদ্ধে স্বামীয়ে বিবাহ বিচ্ছেদ ঘোষণা কৰিব পাৰে…

0 78

স্বামীক পিতৃ-মাতৃৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা পত্নীক স্বামীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে, কলিকতা উচ্চ ন্যায়ালয়ৰ এই ৰায়। কলিকতা উচ্চ ন্যায়ালয়ে নিৰ্যাতিত লোকসকলৰ সপক্ষে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰিছে। আদালতে স্পষ্টকৈ উল্লেখ কৰিছে যে যদি কোনো পত্নীয়ে স্বামীক পিতৃ-মাতৃৰ পৰা পৃথক কৰি আনে, তেন্তে পত্নীক স্বামীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে। কলিকতা উচ্চ ন্যায়ালয়য়ে ৰায় দিছে যে স্বামীক কোনো যুক্তিযুক্ত কাৰণ নোহোৱাকৈ পত্নীয়ে যদি স্বামীক ‘কাপুৰুষ’, ‘নিবনুৱা’ আদি শব্দৰে বাৰে বাৰে অপমান কৰে বা বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰে, তেন্তে তেনে পৰিপ্ৰেক্ষিতত বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে।

আদালতে এই কথাও কয় যে ভাৰতীয় সংস্কৃতিত পিতৃ-মাতৃৰ চোৱাচিতা কৰাটো এগৰাকী পুত্ৰৰ দায়িত্ব। এই দায়িত্বৰ পৰা আঁতৰি যদি পিতৃ-মাতৃৰ পৰা আঁতৰি যাবলগীয়া হয় তেন্তে ইয়াৰ কোনো ন্যায্য কাৰণ থাকিব লাগিব। পত্নীয়ে বলপূৰ্ব্বক ভাৱে স্বামীক স্বামীৰ মাক দেউতাকৰ পৰা আঁতৰাই আনিব নোৱাৰে।

Leave A Reply

Your email address will not be published.