Breaking

লাইখুঁটা স্থাপন ! ৫,৬ আৰু ৭ জানুৱাৰীত চমকং সোণাপুৰত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ আয়োজন…

0 37

অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী বৰ্ষ সহাৰোহখন অহা ৫,৬ আৰু ৭ জানুৱাৰী তাৰিখত ধেমাজি জিলাৰ চমকং সোণাপুৰ ব্ৰহ্ম মন্দিৰ প্ৰাঙ্গণত জাকজমকতাৰে আয়োজন কৰিছে। তিনিদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন কৰা হয়। পুৱা ৯ বজাত মাঙ্গলিক কাৰ্য্যসূচীৰে লাইখুঁটা স্থাপন কৰে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি অশ্বিনী স্বৰ্গীয়াৰীয়ে। লাইখুঁটা স্থাপন কৰি আগবঢ়োৱা চমু ভাষনত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কয় ধৰ্মীয় ৰীতি-নীতিৰ আধাৰত এখন সমাজ শৃংখলিত হৈ থাকে এখন

সংস্কাৰমুখী আৰু সমৃদ্ধিশালী সমাজ গঢ় দিবলৈ আধুনিক ধ্যান ধাৰণা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি আগন্তুক অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহখন সহায়-সহযোগিতাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ ধৰ্মপ্ৰাণ ৰাইজৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়।

লাইখুঁটা স্থাপন অনুষ্ঠানত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ মুখ্য প্ৰচাৰক আচাৰ্য্য লীলাকান্ত ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি চন্দ্ৰমোহন মুছাহাৰী,সাধাৰণ সম্পাদক মীন নাৰ্জাৰী,সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ মুখপত্ৰ ‘ব্ৰহ্ম জ্ঞান’ৰ মুখ্য সম্পাদক ধনেশ্বৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী,সদৌ ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সাংগঠনিক সম্পাদক অৰুণ ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সভাপতি সুজন বসুমতাৰী, সম্পাদক বিশ্বজিৎ স্বৰ্গীয়াৰী,অভ্যৰ্থনা সমিতিৰ সভাপতি সুকুৰাম ব্ৰহ্ম,কাৰ্য্যকৰী সভাপতি ৰাখেৱ নাৰ্জাৰী,সম্পাদক চৰণ বসুমতাৰী,চিমেন,চিলাপথাৰ আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি, সম্পাদক সকল উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply

Your email address will not be published.