Breaking

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ অন্যতম বিষয়ঃ অমিত শ্বাহ

0 2,048

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ -পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ এটা অন্যতম বিষয় । কালি মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিটা বৃহৎ প্ৰকল্প উদ্ধোধন কৰাৰ লগতে আন কেইবাখনো উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে এই অঞ্চলটোক এটা নতুন পৰিচয় প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত ন-ন ক্ষেত্ৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে মণিপুৰৰ লোকসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে মণিপুৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা হৈছে ৰাজ্যখনৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববৃহৎ উপহাৰ। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ যুৱক-যুৱতীসকল প্ৰচুৰ অৰ্হতাসম্পন্ন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালৰ যোৱা তিনিটা বছৰত এহাতে যিদৰে উন্নয়নী প্ৰক্ৰিয়া তৰান্বিত কৰিছে ঠিক তেনেদৰে ৰাজ্যখনত শান্তি প্ৰতিস্থাৰ ক্ষেত্ৰটো সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত এখন ফৰেনচিক বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি আশ্বাস দি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আহ্বান জনায়। পূৰ্বৰ চৰকাৰসমূহে উত্তৰ-পূৰ্বাঞ্চলক কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলস্বৰূপে অতি কম সময়ৰ ভিতৰতে ৪০ বাৰকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে। সভাত ভাষণ দি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে, মণিপুৰত বিজেপি চৰকাৰ প্ৰতিস্থা হোৱাৰ পিছৰে পৰা পথ অৱৰোধ আদিৰ দৰে সঘনাই হৈ থকা বিশৃংখলৰ পৰিস্থিতি বৰ্তমান নোহোৱা হৈছে। তেওঁ আৰু কয় যে, উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান মণিপুৰ, দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :

Leave A Reply

Your email address will not be published.