খাংকৰ কাৰ্বি দেহাল থানৰ শুভ উদ্বোধন

গুৱাহাটীৰ সমীপবৰ্তী চন্দ্ৰপুৰত আজি শুভ উদ্বোধন কৰা হয় খাংকৰ কাৰ্বি দেহাল থানৰ।

চন্দ্ৰপুৰৰ হাজোংবড়ীত আয়োজিত এক অনুষ্ঠানত থানখন মুকলি কৰে দিছপুৰৰ বিধায়ক অতুল বৰা আৰু থান পৰিচালনা কমিটিৰ সভাপতি উপেন ৰহাঙে।

মুকলি অনুষ্ঠানৰ পিছতেই পূজা অৰ্চনাৰে জীপাল কৰি তোলা অনুষ্ঠানটোত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়।

দৈনিক বাতৰি কাকত ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই মুকলি সভাত গোষ্ঠীটোৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞিৰ নেতৃত্বত অসমত কিতাপ পঢ়াৰ এক মানসিকতা গঢ় দিয়াৰ লগতে বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টাৰ বিষয়ে বিবৰি কয়।

তেওঁ উদ্যোক্তা সকলৰ হাতত ১০০ খন সাধাৰণ জ্ঞানৰ কিতাপৰ লগতে ১০ খন অসমীয়া অভিধানৰ টোপোলা তুলি দি গোষ্ঠীটোৰ প্ৰচেষ্টাক সকলোৱে সহযোগিতা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোত উপস্থিত জ্ঞানী গুণী ব্যক্তিসকলে বাতৰি কাকত গোষ্ঠীটোৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰি শৈশবৰ পৰাই সন্তানসকলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰে।

এই ক্ষেত্ৰত পিতৃ-মাতৃ সকলে পদক্ষেপ গ্ৰহন কৰাত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত থকা জিলা পৰিষদ আৰু পঞ্চায়তৰ সদস্য সকলে থানখনৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিক উপস্থিত সকলে হাত চাপৰি বজাই আদৰণি জনায়।

আজিৰ অনুষ্ঠানটোত বিধায়ক গৰাকীৰ উপৰি গজেন চেত্ৰী, সৰস্বতী দৈমাৰী, মিতালী কলিতা, কমলেশ্বৰ কলিতা, জয়ন্ত ৰহাং, হৰকান্ত ইংতি, শিৱ ৰাজবংশী, হৰিপদ তালুকদাৰকে ধৰি গন্য-মান্য ব্যক্তি সকল।

Related Articles