দ্য কাশ্মীৰ ফাইলছৰ বাবে ডুবিল বচ্চন পাণ্ডেঃ অক্ষয় কুমাৰ

দিন যোৱাৰ লগে লগে ‘দ্য কাশ্মীৰ ফাইলছ‘ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ব্যৱসায়ৰ ফালৰ পৰা ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটি টকাৰো অধিক লক্ষ্মীলাভ কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে দীৰ্ঘদিনৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ যোগেদি বলীউডে দেখিছে সফলতাৰ মুখ। অৱশ্যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত পঞ্চমুখ হ’লেও বক্স অফিচত ছবিখনৰ সফলতাক লৈ যেন সুখী নহয় অক্ষয় কুমাৰ! অলপতে অক্ষয় কুমাৰে ছবিৰ প্ৰচাৰৰ বাবে ভূপাললৈ গৈছিল।এখন সংবাদমেলত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল খিলাড়ী কুমাৰে। অক্ষয়ে কয়, ‘পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এখন আশ্চৰ্যকৰ ছবি উপহাৰ দিছে। দেশৰ ক্ষত-বিক্ষত ইতিহাসক পোহৰলৈ কঢ়িয়াই আনিছে তেওঁ। এই সত্য সকলোৰে সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছিল। কিন্তু বিবেকৰ ওপৰত মোৰ অলপ খং উঠিছে। কাশ্মীৰ ফাইলৰ বাবে আমাৰ ছবিখন ডুব গৈছে।’

উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু কৃতি চেনন অভিনীত ‘বচ্চন পাণ্ডে’ যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰিছিল। নামী-দামী তাৰকাক লৈয়ো ‘দ্য কাশ্মীৰ ফাইলছ’ক টক্কৰ দিব পৰা নাই খিলাড়ী কুমাৰে। প্ৰথম সপ্তাহতে বক্স অফিচত মুখ থেকেচা খায় ছবিখনে।  সাধাৰণতে, অক্ষয় কুমাৰৰ ছবিৰ এনে ফলাফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ইয়াৰ আঁৰত যে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ জনপ্ৰিয়তা, সেই কথা স্বীকাৰ কৰি লৈছে অক্ষয় কুমাৰে নিজে।মনকৰিবলগীয়া যে,  ‘বচ্চন পাণ্ডে’ই এসপ্তাহত বক্স অফিচত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ জনপ্ৰিয়তাৰ বাবে, এইবাৰ ডুব গ’ল ‘বচ্চন পাণ্ডে’! ইফালে, বক্স অফিচৰ প্ৰতিবেদনতো একে কথাকে প্ৰকাশ পাইছে স্মৰ্তব্য যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ বলীউড। প্ৰখ্যাত তাৰকাসকলেও ছবিখন সন্দৰ্ভত কৰিছে ইতিবাচক মন্তব্য। শেহতীয়াকৈ, আমিৰ খানৰ দৰে তাৰকাইয়ো দেশৰ সকলো লোককে ছবিখন চাবলৈ অনুৰোধ জনাইছে। আমিৰে কয়, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। মই ভাবো এনেকোৱা এটা বিষয় বস্তুক লৈ এখন চলচ্চিত্ৰ নিৰ্মান হোৱাটো বৰ প্ৰয়োজন আছিল।’

Related Articles