Breaking

জি এছ ৰোডৰ ৰুক্মিণীগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

0 21

অঞ্চলবাসীৰ অহা – যোৱা পথৰ সা – সুবিধা অক্ষুণ্ণ ৰখাৰ আহ্বান ;
জি এছ ৰোডৰ ৰুক্মিণীগাঁওত উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

সাধাৰণ এজাক বৰষুণৰ ফলতে পথৰ ওপৰত এককাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা জি এছ ৰোডৰ ৰুক্মিণীগাঁওৰ অংশখিনীত অবশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁৰে অধীনত থকা লোক নিৰ্মাণ পথ বিভাগে এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি ইয়াৰ বাবে লোক নিৰ্মাণ পথ বিভাগে প্ৰাৰম্ভিক কাম – কাজ আৰম্ভ কৰাও পৰিলক্ষিত হৈছে। ইফালে হঠাতে কোনো ধৰণৰ আগতীয়া জাননী বা তৎপৰতা অবিহনে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম -;কাজ আৰম্ভ হোৱাৰ পাছত স্বাভাবিকতে ৰুক্মিণীগাঁও অঞ্চলৰ ৰাইজৰ মাজত তেওঁলোকৰ যাতায়াত ব্যৱস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ থাকিব নে নাই তাক লৈ হাঁহাকাৰ অবস্থাৰ সৃষ্টি হৈছে । আনকি উৰণীয়া সেঁতুখন নিৰ্মাণ হলেও যাতে অঞ্চলটোৰ ৰাইজে আগৰ দৰে অহা – যোৱা

কৰিব পাৰে বা যাতায়াত ব্যৱস্থা ব্যাহত নহয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ ২১ আগষ্টত ৰাইজৰ সমূহীয়া স্বাক্ষৰযুক্ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰখনত অঞ্চলটোৰ ৰাইজে উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্তক আদৰণি জনাইছে । কিন্তু স্মাৰক পত্ৰত প্ৰস্তাৱিত উৰণীয়া সেতুঁখনে বৃহত্তৰ ৰুক্মিণীগাঁও অঞ্চলবাসীৰ বাবে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে তাৰ এক সম্যক বৰ্ণনা দাঙি ধৰি ইয়াৰ সমাধানৰ ব্যৱস্থাও একেলগে কৰিবলৈ দাবী জনোৱা হৈছে । স্মাৰক পত্ৰত ৰাইজে উল্লেখ কৰা অনুসৰি ৰুক্মিণীগাঁও অঞ্চলখিনীত উৰণীয়া সেতুঁৰ তলৰ ভাগত যান – বাহন চলাচল কৰিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা বিভাগীয় প্ৰাককলন অথবা নক্সাত উল্লেখ নাই। প্ৰকৃত অৰ্থত উৰণীয়া সেতুঁখন সম্পূৰ্ণ হোৱাৰ পাছত যদি ৰুক্মিণীগাঁও অঞ্চলবাসীয়ে সেই সুবিধাকণ নাপায় তেনেহলে অঞ্চলবাসী ৰাইজে দৈনন্দিন কাৰ্য্যবোৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হব। তাৰোপৰি বহু লোকৰ বসতিস্থান ৰুক্মিণীগাঁও অঞ্চলটো প্ৰত্যক্ষভাৱে বৃহত্তৰ বেলতলা অঞ্চলৰ লগত সংযোগী। ৰুক্মিণীগাঁওৰ লগতে বেলতলা অঞ্চলৰো বহু লোকে দৈনিক ৰুক্মিণীগাঁও অঞ্চলৰ মাজেৰে যোৱা উক্ত পথটো ব্যৱহাৰ কৰে।

তেনেস্থলত উৰণীয়া সেতুঁৰ তলৰচোৱাত গণেশগুৰি দিশেৰে অহা অথবা ৰুক্মিণীগাঁও পথটোৰে ছয়মাইল খানাপাৰালৈ যোৱা বাটচোৱা যান – বাহন চলাচলৰ বাবে বন্ধ কৰি দিলে বৃহত্তৰ অঞ্চলবাসীৰ বাবে চিৰদিনলৈ এক ডাঙৰ অসুবিধা ৰৈ যাব। তাৎক্ষনিকভাবে জৰুৰীকালীন সেৱাসমূহৰ পৰাও বৃহত্তৰ অঞ্চলবাসী ৰাইজ বঞ্চিত হোৱাৰ উপক্ৰম হব। অঞ্চলবাসী ৰাইজৰ এই সৰল দাবীটো প্ৰত্যাখান নকৰি এক উচিত সিদ্ধান্ত গ্ৰহণ কৰি সমুহ ৰাইজৰ হকে সু ব্যৱস্হা কৰি দিব বুলি প্ৰতিগৰাকী বাসিন্দাই আশাবাদী । আমাৰ এই সৰল আবেদন বিভাগীয় কৰ্তৃপক্ষয়ো পুনৰ বিবেচনা কৰি চাব । এই কথাখিনীকে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত অঞ্চলটোৰ ৰাইজে উল্লেখ কৰিছে। ইতিমধ্যে স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী , দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক , অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তা আৰু কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তলৈকেও প্ৰেৰণ কৰা হৈছে বুলি ৰাইজে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.