Breaking

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা,দৰ্শনাৰ্থীৰ বাবে কি নীতি-নিৰ্দেশনা প্ৰশাসনৰ?

0 36

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় হৈছে – ২২জুন (৭ আহাৰ) শনিবাৰে পুৱা ৮:৪৩ মিনিট।

সেই অনুসৰি নিবৃত্তিৰ সময়- ২৫জুন (১০ আহাৰ) মঙ্গলবাৰে নিশা ৯:০৭ মিনিটত নিবৃত্তি অৰ্থাৎ এইবছৰৰ মহা অম্বুবাচী মেলাৰ সামৰণি পৰিব।

ইপিনে, অম্বুবাচী মেলাক লৈ মহানগৰীৰ আৰক্ষী-প্ৰশাসন সাজু হৈছে। অম্বুবাচী মেলাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, শনিবাৰে নিশাৰে পৰা ২৭ জুনলৈ কোনো VIP দৰ্শন নাথাকিব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ দৰে মন্দিৰ পৰিভ্ৰমণ কৰিব লাগিব।

আনহাতে, কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। অৱশ্যে পাণ্ডুৰ ফালৰ পথটোৰেও বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব।

কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আৰু পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ব্যক্তি ওপৰলৈ উঠি যাব নোৱাৰিব। কেৱল নামিবহে পাৰিব।

Leave A Reply

Your email address will not be published.