দৈনন্দিন বাৰ্তাৰ বিশেষ: Marwari community in Assam: সময়ে সময়ে যেতিয়াই বিভিন্ন বিষয় কেন্দ্ৰ কৰি আমাৰ প্ৰদেশত গণ আন্দোলন হয় ঠিক তেতিয়াই অসমীয়া মাৰোৱাৰী সমাজ প্ৰভাৱিত হয়।১৯৭৯ৰ পৰা ১৯৮৫ ৰ অসম আন্দোলনৰ প্ৰাৰম্ভিক সময়কে ধৰি আলফাৰ উগ্ৰবাদ তথা সময়ে সময়ে যেতিয়াই যিকোনো বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে তেতিয়াই মাৰোৱাৰী সমাজৰ ইতিহাস বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে।ঠিক তেতিয়াই মাৰোৱাৰী সমাজ ইয়াৰ প্ৰথম লক্ষ্য হৈ আহিছে অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি।বৰ্তমান সময়ত অসমে যি সমূহ জলন্ত সমস্যাৰ মুখামুখী কৰি আহিছে সেই সমস্যা সমূহৰ বাবে মাৰোৱাৰী সমাজক কোনো প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে দোষী সজাব নোৱাৰি।অসমৰ মাৰোৱাৰী সমাজ পোনপতীয়াকৈ বেপাৰ বাণিজ্য উদ্যোগ জগতৰ সৈতে জড়িত সমাজ।সম্ভৱত সৰল তথা নিজৰ পৰিসীমাকেই তথা ইয়াৰ চৌপাশে মাৰোৱাৰী সমাজে নিজৰ পৃথিৱী বুলি জ্ঞান কৰে।এওঁলোক অন্যায় অনীতি অত্যাচাৰ হিংসা মাৰপিত আদিৰ পৰা নিজকে দূৰত ৰাখে।
য’ত হিংসা অত্যাচাৰ থাকে যি সমূহ নৈতিক মূল্যৰ বিপৰীত।প্ৰদৰ্শনী অপৰাধ নাইবা অন্যান্য কোনো ক্ষেত্ৰতে নিজ সংৰক্ষণৰ বাবে দাবী কৰাই নহওক’ কিয় মাৰোৱাৰী সমাজে কেতিয়াও চৰকাৰক নাইবা স্থানীয় সমাজৰ বাবে বেতনৰ হৈ বা ইয়াৰ বিপৰীতে কেতিয়াও ৰাস্তা পথলৈ অহা নাই।বৰ্তমান সময়ত অসমে নিজ অস্তিত্ব ৰক্ষাৰ বাবে যুৃঁজ দি আছে।ভাষা সংস্কৃতি দৰিদ্ৰতা তথা নিবনুৱা সমস্যাৰ সৈতে যুঁজ দি আছে।অসমৰ জনসংখ্যাৰ গাঁথনি দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে যিটো স্থানীয় সমাজৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে।এই সকলোবোৰ বিষয়ৰ ওপৰত অসমৰ মাৰোৱাৰী সমাজৰ কোনো প্ৰভাৱেই পৰিলক্ষিত নহয়।আৰু এই ক্ষেত্ৰত এই সমাজৰ অৱস্থিতি বহু নিলগত।এই অস্তিত্বৰ যুঁজত মাৰোৱৰী সমাজৰ অৱস্থিতি কিয় কোন স্থানত সমাজ থিয় দি আছে।জনসংখ্যাৰ গাঁথনিৰ ওপৰত চকু দিলে দেখা যায় যে অসমৰ ইতিহাসত মাৰোৱাৰী সমাজ ২০০ বছৰ পুৰণি তথা আজিৰ দিনত অসমৰ মুঠ জনসংখ্যাৰ মাত্ৰ দুই শতাংশ মাৰোৱাৰী।দৰিদ্ৰতা তথা নিবনুৱা কথা কবলৈ গ’লে মাৰোৱাৰী যুৱকৰ দ্বাৰা পৰিচালিত হোৱা ব্যৱসায়,বাণিজ্যি উদ্যোগ স্থানীয় বৃহৎ সংখ্যক যুৱক-যুৱতী নিজৰ জীৱিকা অৰ্জন কৰি আহিছে।এইক্ষেত্ৰত যিমানদূৰ সম্ভৱ প্ৰয়াস কৰাৰ আৱশ্যক আছে।অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ব্যক্তিৰ অৱদান উল্লেখনীয় তথা শ্ৰদ্ধাৰ বাগড়োদীয়া দেৱ,সাহেবাল দেৱ,গৌদুকা দেৱ,গৌকেকা দেৱ,পাটনী দেৱ,উমেশ দেৱ আদি সমাজত ব্ৰতী আছে।তদুপৰি শ্ৰদ্ধাপাত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক অসমীয়া ভাষা সাহিত্যিক বলি জ্ঞান কৰা হয়।যি স্থান সম্মান অসমীয়া সমাজত তেখেতৰ আছে সেই সম্মান আদৰ মাৰোৱাৰী সমাজতেই নাই।বৰ্তমান সময়ত যি ৰাষ্ট্ৰই যোজনাৰ মাধ্যমেৰে নিজৰ বিনিয়োগ বৃদ্ধি কৰিবলৈ সফল হয় সেইসমূহ ৰাষ্ট্ৰইহে প্ৰগতি কৰিব পাৰে।
অসমৰ প্ৰগতি ক্ষেত্ৰত বেপাৰ বাণিজ্য উদ্যোগিক ক্ষেত্ৰত বিকাশৰ দিশত অসমৰ মাৰোৱাৰী সমাজৰ এক জীৱনৰেখা স্বৰূপ হৈ আছে।অসমত মাৰোৱাৰী সমাজৰ জনসংখ্যা দুই শতাংশ থকা স্বত্বেও কিন্তু বেপাৰ বাণিজ্য তথা উদ্যোগিক ক্ষেত্ৰখনৰ এক বৃহৎ অংশ মাৰোৱাৰী সকলৰ দায়িত্ব যথেষ্ট বেছি।অসমৰ আৰ্থিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে তথা অংশ হৈ ৰব ইয়াৰ অনন্তকালত তেওঁলোকৰ নিষ্ঠা,পৰিশ্ৰম,দূৰদশিতা।এতিয়াও ককাকৰ ধন নাঁতিনীয়েকে পৰিশোধ কৰে।অসমৰ সৰ্বাংগীন বিকাশ তথা সমাজসেৱাত অসমৰ মাৰোৱাৰী সমাজে এক অগ্ৰণী ভূমিকা লৈ আহিছে।শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ এক দীঘলীয়া ইতিহাস আছে।
বিদ্যালয়-মহাবিদ্যালয়,বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্ৰত সহায় অগ্ৰনী হিচাপে পৰিচিত।আজিও উচ্চ শিক্ষাৰ দুই বিশ্ববিদ্যালয়ে যুৱ সমাজক আগবঢ়াই লৈ গৈছে।চিকিৎসালয়,ধৰমশালা আদিৰ নিৰ্মাণতো কোনো ধৰনৰ পিছ পৰি ৰোৱা নাই।মাৰোৱাৰী সমাজৰ ৰিমানসংখ্যক সমাজসেৱী সংগঠন আছে।তেওঁলোকৰ দ্বাৰা এম্বুলেন্স সেৱা,স্বৰ্গৰথ সেৱা,কৃত্ৰিম অংগৰ শিৱিৰ।ৰক্তদান শিবিৰ,নেত্ৰদান,খেলা-ধূলা আদিৰ প্ৰতিযোগিতা দৰে অনেক প্ৰকাৰৰ কাৰ্যকলাপ সময়ে-সময়ে অনুষ্ঠিত কৰা হয়,ইয়াৰ পোনপটীয়া লাভ স্থানীয় সমাজ বন্ধু,সকলেই লাভ কৰি আহিছে।যিকোনো দুৰ্যোগৰ সময়ত,বানপানী ক’ৰনাকাল বা যিকোনো বিপদৰ নহওঁক কিয়,তেনে সময়ত মাৰোৱাৰী সমাজে হাঁহি মুখে আগবাঢ়ি দেহে মনে আৰ্থিকভাৱে কামত নিজকে জড়িত কৰি আহিছে আৰু সদায় প্ৰস্তুত হৈ থাকে।সমাজ সেৱা তথা দান কৰাৰ প্ৰবিক্তি হাবিয়াস এওঁলোকৰ তেজত বিৰাজমান যিটো কঠিন ব্ৰতৰ সমান।এই সকলোবোৰ বিষয় বিশ্লেষণ কৰি এইটো স্পষ্ট হৈ পৰে যে অসমৰ মাৰোৱাৰী সমাজ অসমৰ জনজাগৰণ কৰে ইয়াৰ ভাষা সংস্কৃতিৰ বাবে ইয়াৰ জনসংখ্যা গাঁথনিৰ পৰিৱৰ্তন কাৰণে কেতিয়াও এক বাধা হিচাপে থিয় দিয়া নাছিল বৰ্তমানেও নাই তথা ভৱিষ্যতেও নাথাকিব কোনো সভাজতেই সু-সম্পৰ্ক নহয়,কিছুমান ক্ষেত্ৰত কম-বেছি পৰিমাণটো সকলো সমাজেই পূৰ্ণতাৰ উৰ্দ্ধত নহয়।
মাৰোৱাৰী সমাজে ইয়াৰ বিপৰীত নহয় তথাপিও অসমত বসবাস কৰা অন্য সকলোবোৰ সমাজৰ তুলনাত অসমৰ বিকাশৰ প্ৰত্যেক ক্ষেত্ৰত এই সমাজ সদায়ে বহু আগত।আজিও অসমৰ মাৰোৱাৰী সমাজৰ প্ৰতি ইমান ইৰ্ষা বিবেদ তথা ঘৃণা কিয়?প্ৰত্যেক সৰু-বৰ বিষয়ত মাৰোৱাৰী সমাজত কিয় লক্ষ্য কৰি লোৱা হয়।কিয় সমাজত বিষবাষ্প বিয়পোৱা হয়।কিয় অপমানিত হয় মাৰোৱাৰী সমাজ,কিয় লক্ষ্য কৰি লোৱা হয় অসমৰ অভিস্তৰ এই যুঁজত,বৃহত্তৰ অসমীয়া প্ৰতি এক মাত্ৰ উপায় হিচাপে পৰিলক্ষিত হয়।গত সময়ত অসমত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ সম্মান,ক্ষমতা তথা বুজাবুজি,থকাটো জুৰুৰী,অসমৰ বৰ্তমান সমস্যাটো সৈতে মোকাবিলা কৰিবলৈ এয়াই একমাত্ৰ তথা অন্তিম চৰ্ত।অসমৰ মাৰোৱাৰী সমাজৰ এক বৃহৎ ভাল গুণ থকা স্বত্বেও মাতৃভূমি তথা কৰ্ম ভূমিৰ প্ৰতি নিজস্ব কৰ্তব্য ধ্যান দিয়া প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব দিয়াটো ভাল হ’ব।সময়ৰ লগে-লগে প্ৰতিযোগিতা তথা দায়িত্বৰো পৰিৱৰ্তন হয়।