Breaking

অনশনত বহিব দৰঙৰ কভিড চিকিৎসা সহায়ক কৰ্মচাৰী। ২৩ বছৰে মাহিলী ২ হাজাৰ টকাত খটুৱাইছে চিকিৎসালয়ে।

0 146

অজয় ডেকা,মঙলদৈঃ

জুলাইৰ পৰা দৰঙত কভিড ৰোগীৰ চিকিৎসাৰে জড়িত প্ৰায় ৬০ গৰাকী অস্হায়ী কৰ্মচাৰীয়ে পালন নকৰে দায়িত্ব। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভয়াবহ মহামাৰীৰ সময়ত দায়িত্ব পালন কৰিছে যদিও চিকিৎসালয় পৰিচালনা সমিতিয়ে কৰ্মচাৰী সকলক মাহিলী পাৰিতোষিক দিয়াত শোষণ কৰাৰ অভিযোগ আনিছে। ধাৰাবাহিকভাৱে দৰঙত কৰণা ভাইৰাচ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে কৰণা ৰোগীৰ সহায়ক হিচাবে নিযুক্ত সকলৰ এনে সিদ্ধান্তই এতিয়া সৃষ্টি কৰিছে উদ্বিগ্নতাৰ । লক্ষনীয় যে, ২০০৩ চনৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয় খন পৰিচালনা সমিতি যোগে নিয়ন্ত্ৰিত কৰা হৈছে যদিও ১৯৯৭ চনৰ পৰাই অস্হায়ীভাৱে এই সকল কৰ্মচাৰীয়ে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপত নিয়োজিত হৈ আহিছে। বিগত ২৩ বছৰে ৰাজ্যত বহু চৰকাৰ সলনি হ’ল, বহু পৰিচালনা সমিতি ভঙা পতা হল। কিন্তু সলনি নহল প্ৰায় ৬০ গৰাকী কৰ্মচাৰীৰ জীৱন সংঘাত। মাহিলী ৯০০ টকাৰ পৰা আজিৰ দিনটোলৈ কৰ্মচাৰী সকলৰ পাৰিশ্ৰমিক বৃদ্ধি পালে মাত্ৰ ১৩০০ টকা। এক অৰ্থত চিকিৎসালয় খনত কৰ্মৰত একোজন চিকিৎসকে লাভ কৰা মাহিলী দৰমহাতকৈ কম ধন ৬০ জন কৰ্মচাৰীক প্ৰদান কৰে পৰিচালনা সমিতিয়ে। মাত্ৰ ২ হাজাৰকৈ পোৱা ধনেৰেই মৰ্মান্তিকভাৱে চলিব লাগে ৬০ টা পৰিয়াল। শেহতীয়াভাৱে, দৰঙৰ কভিড ৰোগাক্ৰান্তক মঙলদৈ অসামৰিক চিকিৎসালয়ত স্হাপিত হোৱাৰ পাছত কভিড ৰোগীক এই সকলৰে অধিকাংশই সেৱা আগবঢ়াই অহাৰ লগতে নিজেও কোৱাৰান্টাইনত যাব সাজু হৈ আছে। কিন্তু প্ৰশ্ন উঠিছে মাহিলী পোৱা ২ হাজাৰ টকাৰে কিদৰে পোহপাল দিব তাকলৈ চিন্তিত হৈ পৰিছে। যদিও মেডিকেল কলেজ সংলগ্ন চিকিৎসালয় সমূহে ১০-১৫ হাজাৰকৈ প্ৰদান কৰিছে কিন্তু মঙলদৈত মাত্ৰ ২০০০ টকাতেই খটুৱাইছে। তাৰোপৰি এই সকলে কোৱাৰান্টাইনত গলেও কোনো ধৰণৰ বানচ নাপায়, সেয়ে এতিয়া প্ৰতিবাদত নামি পৰাৰ গত্যন্তৰ নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। মনকৰিবলগীয়া যে, অস্হায়ীভাৱে পৰিচালনা সমিতিয়ে নিযুক্ত কৰা এনে কৰ্মচাৰী সকলে তেওঁলোকৰ সমস্যা সন্দৰ্ভত জিলা যুটীয়া স্বাস্হ্য সেৱা সঞ্চালক, দৰঙৰ উপায়ুক্ত তথা ৰাজ্যৰ চিকিৎসা বিভাগক বছৰি এবাৰকৈ অৱগত কৰিয়েই আহিছে। মাজতে স্বাস্হ্য বিভাগে ১০ বছৰ অভিজ্ঞতা সম্পন্ন সকলৰ তালিকা বিচাৰিছিল যদিও অতি শেহতীয়াকৈ কিন্তু দিছপুৰে পূৰ্বৰ অভিজ্ঞতা সম্পন্ন এই সকলৰ পৰিৱৰ্তে গুৱাহাটীৰ পৰাই ২৬ জনক নিযুক্তি দিয়াৰ দিহা কৰিছে। যাৰবাবে, অধিক ক্ষোভিত হৈ পৰিছে। এহাতে চৰকাৰৰ অৱহেলা আনহাতে পৰিচালনা সমিতিৰ গুৰুত্বহীন কৰ্মকাণ্ডৰ পাছত শেহতীয়া নিযুক্ত সকলক মঙলদৈত যোগদান কৰিব নিদিয়ে বুলি আজি প্ৰকাশ কৰিছে। স্বাভাৱিকতে কৰণা ৰণত ৰাজ্যবাসীয়ে ঐক্যৱদ্ধভাৱে সংগ্ৰামৰ পোষকতা কৰিলেও পানী গামোচা পেটত বান্ধি এনে কৰ্মচাৰীয়ে ৰণভূমিৰ পৰাই পৃষ্ঠভংগ দিয়াৰ সিদ্ধান্তই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি

Leave A Reply

Your email address will not be published.