১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ ALI AYE LIGANG । দিচাংমুখ অফলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং। বসন্তৰ আৰম্ভণিৰ লগে লগে কৃষিজীৱী মিচিংসকলে শস্য ৰোপণৰ আৰম্ভণি উপলক্ষে এই ঐতিহ্যবাহী উৎসৱ উদযাপন কৰে।
”আলি আঃয়ে লৃগাং উৎসৱৰ আভিধানিক অৰ্থ “শস্য ৰোপণৰ আৰম্ভণি”। ইয়াৰ ব্যাখ্যা অনুসৰি— ‘আলি’ মানে মূল বা কাণ্ড,
‘আঃয়ে’ মানে ফল বা গুটি,
‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা
এই দিনটোত দিচাংমুখ অফলাত মিচিংসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত মাংগলিক পৰ্বৰে গুটি সিঁচাৰ কাৰ্য আৰম্ভ কৰে, যি সমাজৰ মুখিয়ালজনে সম্পাদন কৰে। উৎসৱৰ অংশ হিচাপে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে মিলি পুৰাং, আপং, আলু, কচু আদি আহাৰ গ্ৰহণ কৰি আনন্দ উদযাপন কৰে।
আপং আৰু লৃগাং ভোজ
আলি আঃয়ে লৃগাং উৎসৱৰ অন্যতম বিশেষতা আপং (এবিধ ঐতিহ্যবাহী ছাঁই মদ) প্ৰস্তুতি। সাধাৰণতে উৎসৱৰ ১০-১৫ দিনৰ আগতেই মিচিং তিৰোতাসকলে আপং তৈয়াৰ কৰে। বিশেষকৈ লৃগাং ভোজত “পঃৰ আপং” ব্যৱহাৰ কৰা হয়, যি মাংগলিক পৰ্বত গ্ৰহণ কৰা হয়।
উৎসৱৰ বিশেষত্ব
আলি আঃয়ে লৃগাং প্ৰাকৃতিক উৰ্বৰতাক উদযাপন কৰা এক কৃষিভিত্তিক উৎসৱ। প্ৰতিবছৰে এই উৎসৱ নতুন আশাৰ বার্তা লৈ আহে আৰু শস্য-শ্যামলা পৃথিৱীৰ কামনাৰে বিশেষ নীতি-নিয়মেৰে পাঁচদিন বা সাঁচদিনলৈ উদযাপন কৰা হয়।
মিচিং সমাজৰ উচ্ছ্বাস
উৎসৱৰ বিষয়ে দিচাংমুখ অফলাৰ মিচিং গাভৰুসকলে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এই উৎসৱ আমাৰ জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ। পৃথিৱী শস্য-শ্যামলা, সুজলা-সুফলা হোৱাৰ কামনাৰে লৃগাং উদযাপন কৰোঁ।”
উৎসৱটোৰ সামৰণি বিশেষ নীতি-নিয়মৰে সম্পন্ন হয়, য’ত সাংস্কৃতিক কাৰ্যসূচী, নৃত্য-গীত আৰু সমাজিক ভোজভাতৰ আয়োজন থাকে। আলি আঃয়ে লৃগাং কেৱল এটি উৎসৱ নহয়, ই কৃষিজীৱী মিচিংসকলৰ জীৱনধাৰাৰ এক গভীৰ অংশ।