Breaking

মোদী মন্ত্রীসভাত অসমৰ দুই সাংসদ সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত…

0 46

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে ৭.১৫ বজাত মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিলে।ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাত অনুৰাগীসকল আনন্দিত হৈ পৰিছে। দেওবাৰে দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ নিমন্ত্ৰণ কৰা হৈছিল সৰ্বানন্দ সোণোৱালক। হয়তো এই বৈঠকতে সোণোৱালৰ দপ্তৰৰ সন্দৰ্ভত আলোচনা কৰা হয়।

সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যালয়ত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত সাংসদ সোণোৱালকে মোদীয়ে একেটা বিভাগৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পুনৰ দিব পাৰে বুলি চৰ্চা চলিছে।


ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিলে মোদীৰ মন্ত্ৰীসভাত। মোদীৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই৷

কেন্দ্ৰীয় কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰী হিচাপে লাভ কৰিব দায়িত্ব। এই খবৰ লাভ কৰাৰ পিচতে অসম বিজেপি উৎফুল্লিত হৈ পৰা দেখা গৈছে৷

Leave A Reply

Your email address will not be published.