Breaking

Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব

79

লখিমপুৰ জিলাৰ ঘুণাসূঁতিস্থিত  ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত লখিমপুৰ জিলাৰ   ২০১ টা  বাঃতাক কৗবাঙৰ ১০  সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ আমাৰ প্ৰাপ্য অবিহনে আমাৰ আন্দোলন স্তব্ধ নহয়

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ,  ২০  ছেপ্টেম্বৰঃ Mising Autonomous Council: মিচিং জনজাতিসকলে তেওঁলোকৰ ন্যায্য সংগ্ৰাম অব্যাহত ৰাখি গাঁও পৰ্যায়ৰ পৰাই সাংগঠনিক স্থিতি সমগ্ৰ অসমন্বয়ে অধিক শক্তিশালী কৰি আহিছে মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেই ৷ সমগ্ৰ ৰাজ্যখনৰ দৰে  আজি লখিমপুৰ জিলাৰ ঘুণাসূঁতিটো লখিমপুৰ জিলা টি এম পিকে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত লখিমপুৰ জিলাক সামৰি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ বাঃতাক কৗবাং অৰ্থাৎ গাঁওসভাৰ সমাৰোহ অনুষ্ঠিত হৈ যায় ৷ লখিমপুৰ জিলাৰ ঘুণাসূঁতিস্থিত  ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত লখিমপুৰ জিলাৰ   ২০১ টা  বাঃতাক কৗবাঙৰ ১০  সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ আমাৰ প্ৰাপ্য অবিহনে আমাৰ আন্দোলন স্তব্ধ নহয় ৷  আমাক চৰকাৰে সাংবিধানিক মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰিছে ৷ আমি আনন্দিত আৰু আশাবাদী ৷  এতিয়া  আমি অধিক সংগবদ্ধ হ’ব লাগিব ৷ আমাৰ জনজাতি ভাইসকলৰ নাগাসকলৰ বাবে নাগালেণ্ড আছে, অৰুনাচলীসকলৰ বাবে অৰুণাচল ৰাজ্য  আছে, মিজোসকলৰ বাবে মিজুৰাম আছে, মনিপুৰীসকলৰ বাবে মনিপুৰ ৰাজ্য আছে ৷ আনকি আমাৰ অসমৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং, ডিমাছাসকলৰ বাবে ডিমা হাছাও আছে আৰু বড়োসকলৰ বাবে বড়োলেণ্ড আছে ৷ আমাৰ মিচিং সকলৰ বাবেও মৰ্যাদা সম্পন্ন স্বায়ত্তশাসন লাগিব ৷  আমি স্বাধীন মিচিং ৰাজ্য বিচৰা নাই, সুকীয়া ৰাজ্য বিচৰা নাই । আমি পৰিষদখন মৰ্যাদা সম্পন্ন হোৱাটো বিচাৰিছোঁ ৷ দ ভাষণ প্ৰসংগত তেওঁ   কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি তেওঁ কয়- ভূপেন বৰাৰ কোনো কাম নাই  ৷ তেওঁ ৰাইজক মিচা প্ৰতিশ্ৰুতি দিছে ৷ ভূপেন বৰাই ৰাইজক দিবলৈ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ নাই, অসমত তেওঁলোকৰ চৰকাৰ নাই ৷ ভূপেন বৰা নিজেও বিধায়ক নহয় ৷ 

 সমাৰোহত উপস্থিত থাকি  মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয়- আমাৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল স্বায়ত্তশাসন নহয় ৷( Mising Autonomous Council) আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সুন্দৰ প্ৰগতিশীল আৰু গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়ি তোলা ৷ আমাৰ কাম আৰু কথাৰ মাজত কোনো প্ৰাৰ্থক্য নাই ৷  আমাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই  অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ মাজলৈ আগুৱাই নিব বিচাৰিছে ৷ আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও আমাৰ পৰিষদীয় সমষ্টিৰ ৰাইজক  উন্নযনৰ গতি ত্বৰান্বিত কৰাৰ  লৈ যোৱাৰ পণ লৈছোঁ ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব্‌কা সাথ সব্‌কা বিকাশ শ্ল’গানক আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও কাৰ্যকৰী কৰিছোঁ আৰু ই বহুদূৰ সফল হৈছে ৷ বিভিন্ন ৰাজনৈতিক দলবোৰে ৰাজনীতিৰ নামত কূটনীতি কৰে ৷ কিন্তু আমাৰ মিচিং ৰাইজে ৰাজনীতি সমাজৰ বাবে আৰু দেশৰ বাবে কৰাটো কামনা কৰে ৷ মিচিং জাতীয় সংগঠনৰ  দীৰ্ঘম্যাদী কৰ্মসূচী আছে ৷ এই কৰ্মসূচী মতে আমি আগবাঢ়িছোঁ আৰু আমাৰ কৰ্মসূচীয়ে হৈছে শিক্ষা,  আৰ্থসামাজিক, ক্ৰীড়া, সাহিত্য-সাংস্কৃতিত সকলোকে সমানে আগুৱাই লৈ যোৱা আৰু ইয়াৰ বাবে আমি গাঁৱৰ পৰ্যায়ৰ পৰাই সকলো দিশত জনসাধাৰণক সচেতন কৰি তুলিছোঁ ৷ গাঁৱৰ উন্নতিয়েই দেশৰ উন্নতি বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙীয়াই  মন্তব্য দিয়ে ৷  সমাৰোহত উপস্থিত থাকি মিচিং পৰিষদৰ অধ্যক্ষ সুনীৰ কুমাৰ পেগুৱে মিচিং সমাজত প্ৰৱেশ কৰিব খোজা অপশক্তি সমূহক মষিমূৰ কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷ আমি সকলো জাতি-জনগোষ্ঠীক সন্মান কৰোঁ ৷ সকলোৱে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰোঁ ৷ কিন্তু অসমৰ একাংশ দল-সংগঠনে মিচিং সমাজত অশান্তিৰ বীজ সিঁচিবলৈ অহৰহ চেষ্টা কৰি ৰাজনীতি কৰি আছে ৷ যিটো মিচিং ৰাইজে কেতিয়াও কামনা নকৰে বুুুলিও অধ্যক্ষ পেগুৱে দোহাৰে ৷ সমাৰোহত  এম এম কেৰ   প্ৰাক্তন সম্পাদক পুৰুষোত্তম দলে, মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, টি এম পি কেৰ কেন্দ্ৰীয়  সভাপতি তিলক দলে, সম্পাদক  চান কুমাৰ পাংগিং, টি এম এম কেৰ সম্পাদিকা শৰ্মিলা পায়েং পেগু, মিচিং দৃৰবৃ কৗবঙৰ সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা চিন্তে, গণশক্তিৰ কেন্দ্ৰীয় সদস্য ন বিখানন্দ মিলি, যোগেন মিলি প্ৰমূখ্যে টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই উপস্থিত থাকে ৷ সমাৰোহখন উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজু পেগুৱে  অনুষ্ঠানটো সামগ্ৰীকভাৱে পৰিচালনা কৰে টি এম পি কেৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক বিজিত পায়েঙে ৷

Comments are closed.