Breaking

গোগামুখত ন-গাঁও যুৱ সংঘৰ উদ্যোগত চলন্ত ট্ৰফী-প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ…

0 32

লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমামূৰীয়া গাঁও গোগামুখ ন-গাঁও যুৱ সংঘৰ উদ্যোগত  প্ৰাইজমাণি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা  ধেমাজি জিলাৰ গোগামুখ নগৰ হাইস্কুল খেলপথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে  প্ৰয়াত সুৰেন্দ্ৰনাথ শইকীয়া, ভদ্ৰেশ্বৰী গগৈ আৰু ধনবৰ গগৈ সোঁৱৰণত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা উক্ত ফুটবল প্ৰতিযোগিতাৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভাৰম্ভ কৰা হয় । শুভাৰম্ভ কৰে ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্তই ৷ শুভাৰম্ভণি সভাত সভাপতিত্ব কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কল্যাণ গগৈয়ে৷

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, ধেমাজি জিলা ক্ৰীড়া সংস্থাৰ সভাপতি যতীন বুঢ়াগোঁহাই, ফুটবল সম্পাদক টুলটুল বুঢ়াগোঁহাই, ৰেফাৰী বৰ্ডৰ সভাপতি লক্ষী গগৈ, প্ৰাক্তন ৰাজ্যিক  ফুটবল খেলুৱৈ বিমল স্বৰ্গীয়াৰী, দিলীপ পেগু, সমাজকৰ্মী ৰাজেন শইকীয়া,  টাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সদস্য খগেন কোঁৱৰ, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান আৰু প্ৰতিযোগিতাখনৰ দাতা পৰিয়ালবৰ্গ ৷

উদ্বোধনী খেলত নাইট ৰাইডাৰ এফ চিয়ে থাণ্ডাৰচ্ এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ আজিৰ খেলখন পৰিচালনা কৰে মনোৰঞ্জন বুঢ়াগোঁহাই, জিন্টু চুতীয়া, দীপক গগৈয়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে মণিৰাম পেগুৱে ৷ অনুষ্ঠানটো সামগ্ৰীকভাৱে আঁত ধৰে খেল পৰিচালনা সমিতিৰ সম্পাদক ঋতুপৰ্ণ কোঁচ আৰু সদানন্দ দাসে ৷

Leave A Reply

Your email address will not be published.