Breaking

গোলাঘাট কাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানক ফাঁচীৰ দাবীত ঢেকীয়াজুলিত বহুকেইটা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী…

0 83

গোলাঘাটৰ নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানক ফাঁচীৰ দাবীত আজি ঢেকীয়াজুলিত কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে নাজিবুৰ ৰহমান নামৰ মুছলমান সম্প্ৰদায়ৰ যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই হিন্দু হিচাপে পৰিচয় দি গোলাঘাটৰ এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই পলুৱাই নিছিল৷পাছলৈ এই প্ৰতাৰণাই প্ৰেমত ফাট মেলাত নাজিবুৰ ৰহমানে যুৱতী গৰাকীৰ লগতে যুৱতীৰ পৰিয়ালৰ অইন দুজন সদস্যক হত্যা কৰে৷

সেহেয়ে হত্যাকাৰী নাজিবুৰ ৰহমানক ফাঁচী দিয়াৰ দাবীত আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন,বজৰং দল,নিখিল বড়ো ছাত্ৰ সন্থা,চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাষ্ট্ৰীয় বজৰং দলৰ যৌথ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷


Leave A Reply

Your email address will not be published.