Breaking

কৃষক নেতা তথা নৱনিযুক্ত বিধায়ক অখিল গগৈক বিধান সভা শপত গ্ৰহণ অনুষ্ঠানলৈ টানি আজুৰি অনা কাৰ্যক তীব্ৰ গৰিহনা প্ৰদান নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

0 2,136

আজি অৰ্থাৎ শুক্ৰবাৰে অসম বিধান সভা অধিবেশনৰ প্ৰথমটো দিনত ৰাজ্যৰ সকলো বিধায়ককে শপত বাক্য পাঠ কৰোৱা হয়  ।  সেই মৰ্মে বিধান সভা অধিবেশনৰ প্ৰথমটো দিনটোত ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা শ্ৰমজীৱী কৃষক নেতা অখিল গগৈ ও শপত পাঠ কৰে  । কিন্তু এই সময়তে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰাত পৰিলক্ষিত হৈছে  । কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিৰ সভাপতি ৰৌফ আলী আৰু সাধাৰণ সম্পাদক দ্বিপেন কলিতাই স্বাক্ষৰিত কৰা এখন প্ৰেছ বিবৃতিত সভাপতি গৰাকীয়ে উল্লেখ কৰে যে নৱনিৰ্বাচিত বিধায়ক তথা অসমৰ কন্ঠ, শ্ৰমজীৱী নেতা অখিল গগৈক এন আই এ (NIA) আদালতে বিধান সভাৰ শপত গ্ৰহণলৈ অনা অনুষ্ঠানত সমগ্ৰ বিশ্ব জুৰি চলি থকা কোভিড মহামাৰীৰ সময়চোৱাত কোভিড বিধি উলংঘা কৰি টানি-আজুৰি অনা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে ধিক্কাৰ আৰু তীব্ৰ গৰিহনা প্ৰদান কৰে  । তদুপৰি সাধাৰণ সম্পাদক দ্বিপেন কলিতাই প্ৰকাশ কৰে এজন নৱ নিযুক্ত বিধায়কক প্ৰশাসনে বাছত যি ৰ্দুব্যৱহাৰ কৰি অসমৰ কন্ঠ তথা শ্ৰমজীৱী নেতা অখিল গগৈক ৰোধ কৰিব বিচাৰিছে সেই কাৰ্যক নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও সহ্য নকৰে  ।

Leave A Reply

Your email address will not be published.