নতুন অসমীয়া ছবি ‘মোৰ পৃথিৱী’ৰ পোষ্টাৰ মুকলি…

প্ৰাগজ্যোতিষ ফিল্মছৰ বেনাৰত ঘোষণা হল এখন নতুন অসমীয়া ছবিৰ নাম। আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ঘোষণা কৰা ছবিখনৰ নাম ‘মোৰ পৃথিৱী’ । ছবিখনৰ নাম উন্মোচনৰ ভিডিঅ’ মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। লগতে ছবিখনৰ বেনাৰ-পোষ্টাৰ মুকলি কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে।

নতুন অসমীয়া ছবি ‘মোৰ পৃথিৱী’ৰ পোষ্টাৰ মুকলি

বিশিষ্ট চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ চিত্ৰনাট্য, কাহিনী, সংলাপ আৰু পৰিচালনাৰে আহিবলগীয়া ছবিখনৰ প্ৰযোজনা দ্বীপ দাসৰ। লগতে ছবিখনৰ মুখ্য প্ৰযোজকৰ দায়িত্বত আছে হৰেকৃষ্ণ দাস। ছবিখনৰ সংগীত পৰিচালনা কৰিব জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে আৰু DOP হিচাবে থাকিব সুমন দুৱৰা ।

ছবিখনৰ বিষয়ে চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কয়- ছবিখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত নিৰ্মান কৰা হব। অসমীয়া ভাষাত ছবিখনৰ নাম হব ‘মোৰ পৃথিৱী’ আৰু হিন্দী ভাষাত ছবিখনৰ নাম হব ‘My World’ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব আইমী বৰুৱা, ৰঞ্জিৱ লাল বৰুৱাৰ লগতে এদল জনপ্ৰিয় অভিনয় শিল্পীয়ে। অনুষ্ঠানটিত উপস্থিত থকা অন্যান্য ব্যক্তি সকলৰ ভিতৰত ড০ হিতেশ বৰুৱা, বিশিষ্ট পৰিচালক মুন্না আহমেদ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, বিশিষ্ট চিত্ৰনাট্যকাৰ- পৰিচালক ৰজনী বৰ্মন ,পৰিচালক কৃপাল কলিতা, বিকাশ সাহা, ৰূপজ্যোতি বৰা, মুনমী ফুকন, তপন শইকীয়া, নজৰুল হক, অপূর্ব তালুকদাৰ আদিৰ লগতে বহু গণ্য মান্য ।

Related Articles