Breaking

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে ইউ জি চি নেট পৰীক্ষাৰ সময়সূচী..

0 12

বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্রীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুনৰ পৰীক্ষা ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। নেট পৰীক্ষা বাতিল হোৱা আৰু পিছুৱাই দিয়াৰ পিছতে বিভিন্ন পৰীক্ষাৰ নতুন সূচী শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে । সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত চি এছ আই আৰ- ইউ জি চি নেট পৰীক্ষা ২৫ৰ পৰা ২৭ জুলাই আৰু ৪ বছৰীয়া সংহত শিক্ষক শিক্ষা কার্যসূচী আই টি ই পিত নামভর্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্রৱেশ পৰীক্ষা এন চি ই টি ১০ জুলাইত অনুষ্ঠিত হ’ব।

,সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা পূর্ব নির্ধাৰিত সূচী অনুযায়ী ৬ জুলাইত অনুষ্ঠিত হ’ব। অধিক তথ্যৰ বাবে শিক্ষার্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ সংস্থাটোৱে পৰামর্শ দিছে । ১৮ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্র্যালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগৰ পাছত বাতিল হৈছিল।

Leave A Reply