Breaking

ৰাণী-শুকুৰবৰীয়া সংযোগী এন.ই.চি.পথৰ দুৰৱস্থা

0 1,584

পশ্চিম গুৱাহাটী সমষ্টিৰ এটা  গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিচিত অসম – মেঘালয় সীমান্তৰ জীৱনৰেখা স্বৰূপ ৰাণীৰ পৰা শুকুৰবৰীয়া সংযোগী প্ৰায় ১০ কিঃমিঃ দৈৰ্ঘ্যৰ এন ই চি পথটো সম্প্ৰতি যাতায়তৰ অনুপযোগী হৈ পৰিছে । বিশেষকৈ পথটোৰ বহন ক্ষমতাৰ বিপৰীতে অধিক বহন ক্ষমতাযুক্ত ডাম্পাৰ – ট্ৰাক বা তেনে জাতীয় আন গধুৰ বাহন চলাচল কৰাৰ ফলত পথছোৱাৰ বহু অংশত সৰু বৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ পৰিছে । আনকি  ৰাণী চকৰ পৰা মাত্ৰ এশ  মিটাৰ নিলগত পথচোৱা দুদিনমান  পূৰ্বে ভাগি গৈ বিতুমিন আৰু শিলৰ প্ৰলেপ এৰাই যোৱাত মাটি সমুহ ওলাই পৰিছে । সমান্তৰালভাৱে বিগত কেইদিনত মাজে সময়ে হৈ থকা বৰষুণৰ ফলত তাত বাৰিষাৰ পথাৰৰ দৰে বোকাময় হৈ পৰিছে । সম্প্ৰতি মৰণত শৰণ দিহে দুচকীয়া আৰু চাৰি চকীয়া বাহন সমূহ চলাচল কৰে আছে। কিন্তু শীঘ্ৰে পথছোৱা মেৰামতি বা পুনৰ্নিমান নকৰিলে যিকোনো মুহূৰ্ততে পথচোৱা দুচকীয়া – চাৰিচকীয়া  বাহনৰ চলাচল বন্ধ হৈ পৰাৰ আশংকা আছে । পথচোৱাৰ কেবাস্থানত  ইতিমধ্যে মাৰুতি কাৰ বা আন তেনেজাতীয় লঘু বাহনৰো তলভাগ তেনে গাঁতত লাগি ধৰে আৰু ঠেলিহে পাৰ কৰাব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোক সকলে জানিবলৈ দিয়া মতে ৰাণীৰ গাতে লগা মেঘালয়ৰ ৰি ভয় জিলাৰ জিৰাং সমষ্টিৰ অধীনৰ পাহাৰ সমূহৰ পৰা দৈনিক শতাধিক শিল , মাটি লৈ  শতাধিক ডাম্পাৰ , ট্ৰাক ৰাণীৰ কাষৰীয়া অঞ্চললৈ চলাচল কৰে ।  উত্তৰ পূৱ পৰিষদৰ ( এন ই চি ) অধীনত পৰিচালিত আৰু অসম – মেঘালয়ৰ অন্যতম সংযোগী ৰাণী – শুকুৰবৰীয়া পথচোৱাৰে নিৰ্দিষ্ট বহন ক্ষমতাতকৈ অধিক ওজনৰ বাহন চলাচল কৰা বাবেহে পথচোৱা বহু অংশত  বিতুমিন , শিলৰ তৰপ বখলা বখলাকৈ এৰাই গৈ মাটি সমূহ ওলাই পৰিছে । ফলত ৰদ দিলে ধূলি আৰু বৰষুণ দিলে বোকাৰ লগত সহাৱস্থান কৰিব লগা হৈছে পথচোৱাৰে অহা যোৱা কৰা  লোকে । বিধ্বস্ত হৈ পৰা অংশখিনিকে  ধৰি গোটেই  পথচোৱা যদি  শীঘ্ৰে  মেৰামতি বা পুনৰ্নিমান কৰা নহয় তেন্তে  অহা খৰালীৰ  সময়ত  পথচোৱা দুচকীয়া আৰু মাৰুতি কাৰ বা তেনে লঘুবাহন চলাচলৰ ক্ষেত্ৰত বন্ধ হৈ পৰাটো নিশ্চিত ।  সচেতন নাগৰিক সকলে ব্যক্ত কৰা অনুসৰি বিগত ২০২০  বৰ্ষত লকডাউন ঘোষণা কৰাৰ পুর্বে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত ৰাণীগেটৰ পৰা ৰাণী হৈ শুকুৰবৰীয়ালৈকে প্ৰায় ১৯ কিঃমিঃ দৈৰ্ঘ্যৰ এন ই চি পথছোৱা মেৰামতি কৰা হৈছিল । আনকি শেহতীয়াভাবে বিধায়ক কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি দি মেঘালয় চৰকাৰে  পশ্চিম খাচী পাহাৰ জিলাৰ মাইৰাঙৰ  পৰা ৰিভয় জিলাৰ জিৰাং ,  অসমৰ শুকুৰবৰীয়া , ৰাণী  হৈ আজাৰাৰ ৰাণীগেটলৈকে শ্বিলঙৰ পৰা বৰঝাৰ বিমান বন্দৰলৈকে বিকল্প পথ হিচাপে ঘোষণা কৰিছে । যাৰ বাবে ৰাণী অঞ্চলৰ ৰাইজে পথচোৱা মেৰামতিৰ ক্ষেত্ৰত আগভাগ লবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে ।

Leave A Reply

Your email address will not be published.