টোপনিৰ প্ৰয়োজনীয়তা ! অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ হ’লে কি কি নীতি নিয়ম মানি চলা উচিত জানক…


অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ হ’লে কিছুমান নীতি নিয়ম মানি চলা উচিতঃ

১) সদায় এক নিৰ্দিষ্ট সময়ত বিছনাত পৰা আৰু ৰাতিপুৱা এক নিৰ্দিষ্ট সময়ত শোৱাপাটী ত্যাগ কৰাৰ এক অভ্যাস গঢ়ি তুলিব লাগে। পৰাপক্ষত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত অহা ভাতঘুমটিকণ কেতিয়াও ত্যাগ কৰিব নালাগে | 

২) ৰাতি শোৱাৰ আগে আগে ৰাগীয়াল বস্তু বা মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত | 



৩) শোৱাৰ আগতে অযথা চিন্তাবোৰ মনলৈ নানি ঈশ্বৰৰ নাম লৈ ঈশ্বৰক চিন্তি চকুহাল জপাব লাগে | 

৪) শয়ন কক্ষটো যিমান পাৰি পোহৰৰ পৰিমান কম হোৱা উচিত আৰু যাতে মুকলি বায়ুৰ চলাচল পৰ্যাপ্ত হয় তাৰ প্ৰতি ধ্যান দিয়াটো প্ৰয়োজন | শয়ন কক্ষৰ বেৰত প্ৰাকৃতিৰ দৃশ্যৰ পেইন্টিং আদি থাকিলে মনলৈ প্ৰশান্তিৰ ভাব আহে

৫)শোৱাৰ আগে আগে আমাৰ বহুতৰে টিভি চোৱা বা নিশা দেৰিলৈ চিনেমা চোৱা, কম্পিউটাৰত কাম কৰা আদি অভ্যাস আছে | এনেবোৰ অভ্যাস পৰিত্যাগ কৰা উচিত | নিশা উজাগৰী কটাই

৬) শোৱাৰ আগে আগে বা বিচনাত পৰাৰ সময়ত মোৱাইল ফোনৰ ব্যৱহাৰ যতদূৰ সম্ভৱ কম কৰিব লাগে আৰু মোৱাইলৰ উজ্জ্বল স্ক্ৰীণৰ সন্মুখন চকুহাল বেছিসময় ৰাখিব নালাগে | 

৭) যদি সম্ভৱ হয় শোৱাৰ আগে আগে মুকলি আকাশৰ তলত মুক্ত বায়ু চলাচল কৰা ঠাইত কিছুসময় কটোৱা উচিত | 

৭) মাদক দ্ৰব্য গ্ৰহণেৰে নিদ্ৰা আনিবলৈ চেষ্টা কৰাটো অনুচিত।| কাৰণ এনে নিদ্ৰা পৰিমিত নহয় আৰু মাদক দ্ৰব্যই পিছলৈ আসক্তি জন্মাই ভয়ংকৰ বিপদ আনিব পাৰে যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে শোৱাৰ আগে আগে ধূমপান গ্ৰহণ কৰিব নালাগে | 



৮) নিদ্ৰা যাতে গভীৰ হয় আৰু কমেও সাতৰ পৰা আঠঘন্টা সময় যাতে সম্পূৰ্ণ নিদ্ৰা হয় তাৰ প্ৰতি ধ্যান দিয়া উচিত। 

৯) অৱসাদ আতৰাবলৈ মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত আৰু ইয়াৰ পৰিবৰ্তে শান্তিৰে এঘুমটি মাৰি লোৱাৰ প্ৰয়োজন।



১০) শুৱাৰ সময়ত এক কোৰ্লহালমুক্ত পৰিবেশ গঢ়ি লোৱা উচিত আৰু ঠাইখিনি হাই-উৰুমি, যান-বাহনৰ শব্দ আদিৰ পৰা দূৰত হোৱা উচিত | 

Related Articles