এটা টুইট, যিটো টুইটে তোলপাৰ লগাইছে ৰাজনীতিত। বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটত ৰাৱণৰ ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। পোষ্টাৰ খনত দেখা ৰাহুলৰ চেহেৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ। মুখভৰ্তি দাঢ়িৰে এখন ফটো। ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুল গান্ধীৰ এখন ফটোক ৰূপ দিয়া হৈছে লংকেশ্বৰৰ। ফটোখন শ্বেয়াৰ কৰি বিজেপিয়ে লিখিছে “ৰাৱন, কংগ্ৰেছ দলৰ প্ৰডাকচন, জৰ্জ ছ’ৰ’ছৰ পৰিচালনাত।”
বিজেপিৰ এই পোষ্টাৰৰ পিছতে এতিয়া সৃষ্টি হৈছে বিৰ্তক। আৰম্ভ হৈছে বিজেপি-কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত পোষ্ট কৰি বিজেপিক প্ৰশ্ন কৰে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে “হিংসাৰ বাবে উচটনি দিয়া” বুলি দাবী কৰা এই পোষ্টটোক লৈ।