মৰিয়নি সমীপৰ নকছাৰিৰ খাটিসোনাত লোমহৰ্ষক হত্যাকাণ্ডৰ নতুন মূৰ। বাৰ দিনে হত্যাকাৰীৰ সন্দেহত বিছাৰি ফুৰা তৰুণ দাসৰ মৃতদেহ ছীপ লোৱা অবস্থাত উদ্ধাৰৰ পিছতে নতুন মুৰ । তৰুণক হত্যাৰ অভিযোগ পৰিয়াল তথা গাঁওবাসীৰ।থানা ঘেৰাও।
নকছাৰিৰ খাটিসোনাৰ এটা ভাটাত সংঘটিত ত্রিপল মার্ডাৰৰ ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই হত্যা কাণ্ডৰ লগত তৰুণ দাসৰ নামটো সাঙোৰ খাইছিল। আৰক্ষীয়ে তৰুণ দাসক যোৱা বাৰ দিনে বিছাৰি আছিল। হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা এটা মোনা, গেঞ্জী এখন দা আদি পুলিচে উদ্ধাৰ কৰিছিল ।এই কেইটা বস্তু তৰুণ দাসৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছিল ।ইফালে কালি গধূলি পৰত হত্যাকাণ্ড সংঘটিত স্থানৰ পৰা প্রায় দুশ মিটাৰ নিলগত এজোপা গছত ছীপ লৈ ওলমি থকা তৰুণ দাসৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এই হত্যাকাণ্ডই নতুন মুৰ লৈছে।
আজি পৰিয়ালৰ লোকে মৃতদেহটো তৰুণ দাসৰ বুলি চিনাক্ত কৰিছে।মৃতদেহত আঘাতৰ চিন থকা বুলিকৈ পৰিয়ালৰ লোকে আৰু অফলামুখ গাঁও বাসীয়ে ইয়াক এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে। লগতে তৰুণৰ হত্যাৰ ন্যায় বিছাৰি মৰিয়নি থানা ঘেৰাও কৰে। উল্লেখ্য যে যোৰহাট জিলাৰ মৰিয়নি থানা এলেকাধীন নকছাৰি অঞ্চলত যোৱা২৪ জুন তাৰিখে ৰাতি সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ জিলা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল যিটো আজিও অব্যাহত আছে। একেটা পৰিয়ালৰ এটি কন্যাসহ পতি -পত্নীক হত্যা কৰা ঘটনাই সমগ্ৰ জিলাখনত জোকাৰনিৰ সৃষ্টি কৰিছিল। অৰ্ধনগ্ন অৱস্থাত মৃতদেহ তিনিটা উদ্ধাৰ হৈছিল । খাটিসোনাৰ এটা ইটা ভাটাত ৰখীয়া ৰূপে আছিল পৰিয়ালটো। মৃত ব্যক্তিজনৰ নাম সোনটি বৰা (৫০), সোনটিৰ পত্নী টুলু বৰা ওৰফে মাতু (৪৫) , মনালিছা বৰা( ১৭) বুলি চিনাক্ত কৰা হৈছিল।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৰিয়নি আৰু ডেবেৰ৷পাৰ চাৰিআলি আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত হয়। আৰক্ষী অধীক্ষক মোহনলাল মিনা, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, মহকমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, মৰিয়নি চক্ৰ আৰক্ষী পৰিদৰ্শক দণ্ডিৰাম বৰা, কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ বৰা, মৰিয়নি থানাৰ আৰক্ষী বিষয়া ত্রিলোচন নাথ, ডেবেৰ৷পাৰ চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ সহিতে পুলিছ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটো বুজ লোৱাৰ উপৰিও স্নেফাৰ ডগ লৈ হত্যাকাৰীক বিছাৰি অভিযান চলাইছিল যদিও এই সন্দৰ্ভত বৰ্তমানলৈকে পুলিছে হত্যাকাৰীক আটক কৰিব পৰা নাই । ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা মোনা, এখন দা, এটা চোলা পুলিছে উদ্ধাৰ কৰিছিল ।
উদ্ধাৰ কৰা মোনা, গেঞ্জী আৰু দাখন ভেলেউগুৰি অঞ্চলৰ বাবে অফলামূখ গাঁৱৰ তৰুণ দাসৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছিল।পুলিছে তৰুণ দাসৰ পত্নীসহ পৰিয়ালৰ লোকক সোধ পোছৰ বাবে থানালৈ আনিছিল। ইয়াৰ লগতে প্রায় এক ডজন লোকক আৰক্ষীয়ে সোধ পোছ কৰিবলৈ থানালৈ আনিছিল। যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে আটক কৰা লোক সকলক থানাত সোধ পোছ কৰিছিল। ইফালে আৰক্ষীয়ে হত্যাকাৰীৰ সন্দেত বিছাৰি থকা তৰুণ দাসৰ মৃতদেহ ছীপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই নতুন মুৰ লৈছে। আজি পুৱা আৰক্ষীয়ে তৰুণ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰিছে। মৰণোত্তৰ প্ৰতিবেদনৰ পিছতহে প্রকৃত ঘটনাটো পোহৰলৈ আহিব।