Breaking

নতুন সংসদ ভৱনতো বৰষুণ পানীয়ে লিক কৰে গৌৰৱ গগৈ

0 16

যোৰহাট জিলা কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত যোৰহাট জিলা পুথিভৰাল পেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক শতাধিক দল- সংগঠন তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।


আনহাতে আজি সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি তেওঁ কয়


মই ৰাইজৰ দিহা- পৰামৰ্শৰে যোৰহাট তথা অসমত আগবাঢ়ি যাম,অসম এজন মানুহৰ নহয় এইয়া সকলোৰ ৰাইজৰ অসম ,যোৰহাটবাসী আগত দম্ভ অংহকাৰ আৰু টকা আদি কথাক গুৰত্ব নিদি ৰাইজে মোক জয়ী কৰালে আৰু উক্ত বাৰ্তা লৈ ৰাইজক লগত অসম গঢ়িম বুলি উল্লেখ কৰে।লগতে তেওঁ কয় ৰ্যে চাহ অধ্যুষিত অঞ্চলৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে চাহ শ্ৰমিকসকলৰ কথা গুৰুত্ব নিদি মোক গালি পাৰিছে,মই চাহ শ্ৰমিক সমাজ ৰাইজৰ ওচৰলৈ গৈ তেওঁ লোক সমস্যা বুজ ল’ম।

অসমতে নহয় দেশৰ প্ৰধানমন্ত্ৰীয়ে যতে হাত দিছে তাতেই অথন্তৰ ঘটিছে। ৰামমন্দিৰ চত পৰা পানী পৰিছে , নতুন সাংসদ ভৱনতো পানী পৰে আৰু বিমান দেৱাল খহি পৰে ,সেয়ে দেশত তথা অসমতো বিজেপিয়ে তৰ্কবিহীন আৰু অযুক্তিকৰ কথা কবলৈ অৰম্ভ কৰিছে।

মহাত্মা গান্ধীৰ উক্তি লৈ তেওঁ কয় ছব কো শানমতি দে ভগৱান । সেয়েহে বিজেপি দললৈ ভগবান পৰা আশীৰ্বাদ বিছাৰিলে গৌৰৱ গগৈয়ে।যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং লৈকে ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ উৰণীয়া সেতু বনোৱা স্বাৰ্থ জড়িত হৈ আছে ঠিকাদাৰক উন্নতি কৰা আৰু এইখন চৰকাৰ ৰাইজৰ মতে নহয় লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ মতে চলা চৰকাৰ বুলি উল্লেখ কৰে যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈয়ে।

আন এক প্ৰসংগত কয় যে আগতে যোৰহাট কংগ্ৰেছৰ অনুষ্ঠানত বিসংগতি থাকে কিন্তু আজিৰ অনুষ্ঠান প্ৰসংশনীয়। দহৰ ভিতৰত দহ নম্বৰ পাইছে।।

Leave A Reply