Breaking

নীলাচল এডুকেশ্বন ৱেলফেয়াৰ ছ’চাইটি চমুকৈ ” নিউজ ” ৰ উদ্যোগত আয়োজিত সাংস্কৃতিক অনুষ্ঠান…

0 17

সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান “নীলাচল এডুকেশ্বন ৱেলফেয়াৰ ছ‘চাইটি“ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত জিলা পুথিভঁৰাল গুৱাহাটীত “জাগ্ৰত ভগৱান ” শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৱা ইং ৪ জুলাইৰ পৰা নামনি কামাখ্যাস্থিত নীলাচল জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন প্ৰশিক্ষণত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীত আৰু এই গীতসমূহৰ ওপৰত আধাৰিত সৃজনশীল নৃত্যৰ লগতে চিত্ৰ আৰু শিল্প কলাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়৷ সংগীতৰ প্ৰশিক্ষণ আগবঢ়াই বিশিষ্ট সংগীত শিল্পী,সমাজ সেবি যুগব্ৰতা দত্ত, বিশিষ্ট সংগীত শিল্পী বিষ্ণু শৰ্মা আৰু অসীমজ্যোতি বৰুৱাই নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াই জিমনী কছাৰী,গণেশ বৰুৱাই। চিত্ৰ আৰু শিল্পকলাৰ প্ৰশিক্ষণ আগবঢ়ায় জ্যোতিৰেখা কলিতা আৰু বুদ্ধগয়া দচিয়ে। ইং ১৩ জুলাইত আমবাৰীস্থিত ৰাজ্যিক পুথিভঁৰালত

কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ লগতে “নিউজ”ৰ গুৰু- শিষ্য সকলৰ অনুষ্ঠান পৰিবেশনেৰে অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠান “জাগ্ৰত ভগৱান “৷অনুষ্ঠানৰ আৰম্ভণিতে চিত্ৰ আৰু শিল্প কলাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে অঁকা আৰু প্ৰস্তুত কৰা শিল্প কলাৰ সামগ্ৰীৰে আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অম্বিকাগিৰী স্মাৰক ন্যাসৰ সভাপতি বিশ্ব দত্ত দেৱে৷ইয়াৰ পিছতে বন্তি প্ৰজ্বলনেৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ আৰম্ভ কৰে যুগব্ৰতা দত্তই। ইয়াৰ পৰৱৰ্তীসময়ত “প্ৰজ্ঞাৰ পাখি মেলি”শীৰ্ষক সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সমবেত সংগীতটি পৰিবেশন কৰে নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু একাংশ প্ৰশিক্ষাৰ্থয়ে৷গীতটিৰ কথা ৰাজীৱ কলিতা সুৰ আৰু পৰিচালনা জ্যোতিকা কলিতাৰ। অনুষ্ঠানটিৰ আতধৰে গনেশ বৰুৱা আৰু মানসী দাসে। অনুষ্ঠানত অসমীয়া সাংস্কৃতিক জগতলৈ বিশেষভাৱে অৰিহনা যোগোৱা প্ৰবীন শিল্পী মনীষা হাজৰিকাক এখন সম্বৰ্ধনা পত্ৰ গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।অসমৰ সংগীত জগতৰ বিশিষ্ট সংগীত শিল্পী মালৱিকা বৰাৰ লগতে গ্ৰীষ্মকালীন প্ৰশিক্ষণত প্ৰশিক্ষণ আগবঢ়োৱা সংগীত শিল্পী ক্ৰমে যুগব্ৰতা দত্ত,বিষ্ণু শৰ্মা,অসীমজ্যোতি বৰুৱ৷ আৰু নৃত্যৰ প্ৰশিক্ষণ আগবঢ়োৱা জিমণী কছাৰ আৰু গনেশ বৰুৱাইলৈ ধন্যবাদ স্বীকাৰ পত্ৰ আগবঢ়োৱা হয় ৷ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীত আৰু এই গীত সমূহৰ ওপৰত আধাৰিত সৃজনশীল নৃত্য পৰিৱেশন কৰে৷ উক্ত অনুষ্ঠানত অম্বিকাগিৰী ৰায়চৌধুৰী আৰু বীৰেন্দ্ৰনাথ দত্তদেৱৰ দ্বাৰা ৰচিত গীত “ধৰ ঝাৰু ধৰ ভাই” , “তোমাৰ পুলক পৰশ লাগি” “আকাশে বতাহে কিমান সুৰৰ গুনগুন ” “তোমাৰ কাৰনে যাও ফুল তুলিবলে” শীৰ্ষক গীত পৰিৱেশন কৰে ক্ৰমে শ্ৰুতি মাধুৰ্য, যতীন ৰজত, জ্যোতিকা কলিতা, হৃদয়াননদ নাথ, কৃত শৰণীয়া, ডৰিয়লি কাশ্যপ, হিমাঘনা বৈশ্যই।


অনুষ্ঠানত শ্ৰুতি মাধুৰ্যৰ কণ্ঠত বাণীবদ্ধন কৰা অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ এটি “আজি শুনি কি ৰাগিণী” উন্মোচন কৰে অসমৰ বিশিষ্ট গায়িকা মালবিকা বৰা বাইদেউৱে৷ গীতটিৰ সুৰ আৰু সংগীত ব্যৱস্থাপনা বিষ্ণু শৰ্মাৰ৷
পৰবৰ্তী কাৰ্যসূচীত সদৌ অসম ভিত্তিত অনলাইন যোগে অনুষ্ঠিত অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ গীতৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়৷পুৰস্কাৰ সমূহ প্ৰদান কৰে পুৰস্কাৰৰ দাঁতা বিশিষ্ট লেখিকা জানকী বৰ্মন বাইদেউৱে৷অংশগ্ৰহণকাৰী সকলৰ প্ৰমাণপত্ৰ সমূহ প্ৰদান কৰে ক্ৰমে সাংস্কৃতিক কৰ্মী গোপাল জালান,সংগীতৰ গুৰু আলেখ্য চক্ৰৱৰ্তী,বৰগীতৰ শিল্পী জোনালী ওজা বসুমতাৰীয়ে ৷ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা নুমলীগড় ৰিফাইনেৰীৰ সাধাৰণ পৰিচালক সুমন গোস্বামী দেৱলৈ কৃতজ্ঞতা পত্ৰ আগবঢ়াই “নিউজ”ৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ শৰ্মাই৷“নিউজ”ৰ সম্পাদক ৰাজীৱ কলিতাই উমেশ নাথৰ লগতে অনুষ্ঠানত বাদ্যযন্ত্ৰ সংগ্ৰত কৰা শিল্পী ক্ৰমি মৃণাল দাস,নৱ দাস আৰু সুকুমাৰ শৰ্মালৈ একোখন ফুলাম গামোচা আৰু ধন্যবাদ স্বীকাৰ পত্ৰ আগবঢ়াই৷
শেষত অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.