Breaking

নাজিৰাত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা : অ’ এন জি চিৰ দুই বিষয়াৰ দেহত ধৰা পৰিল ক’ভিড – ১৯ ।

0 460

নাজিৰা

 ৰাজ্যত নিতৌ কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাটো ক্ৰমাগত ভাৱে ক’ভিড — ১৯ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাকলৈ সৰ্বসাধাৰণ জনগণৰ মাজত এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে । শেহতীয়াকৈ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ দুজন বিষয়াৰ দেহতো ধৰা পৰিছে ক’ভিড – ১৯ । মহকুমাটোৰ ক’ভিড – ১৯ ত আক্ৰান্ত গেলেকীৰ আব্দুল চেমিম আখতাৰ নামৰ দিল্লীত অধ্যয়নত ছাত্ৰজন যোৰহাট কোৱাৰেণ্টীন চিকিৎসা কেন্দ্ৰৰ পৰা সুস্থ হৈ নিজ গৃহত কোৱাৰেণ্টীন হৈ আছে । নাজিৰা বুধবাৰী সত্ৰৰ নৱমল্লিকা দত্ত নামৰ যুৱতী গৰাকী ক’ভিড -১৯ ত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন । সেই দৰে গড়গাঁও মহাবিদ্যালয়স্থ কোৱাৰেণ্টীন চেণ্টাৰত থকা নাজিৰা মহকুমাৰ শিমলুগুৰি লিকচন গাঁৱৰ বিকাশ কোৱৰ , যদুমণি চেতিয়া , লোহিত গগৈ , গেলেকী ৰজাভেটাৰ বিকী সন্দিকৈ আৰু চণ্টক বিহুবৰৰ ৰাজা চাব্বাৰ নামৰ যুৱক কেইজনো ক’ভিড – ১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে । কালি অ’ এন জি চি অসম সম্পদৰ দুগৰাকী বিষয়াৰ দেহত ক’ভিড – ১৯ ধৰা পৰে । দুয়োজন বিষয়া বহি:ৰাজ্যৰ পৰা কৰ্মস্থলী নাজিৰালৈ অহাৰ পিছতেই কোৱাৰেণ্টীন হৈ আছিল । আক্ৰান্ত বিকাশ কুমাৰ আৰু জিতেন্দ্ৰ নামৰ বিষয়া দুজনৰ ভিতৰত এজন নাজিৰাস্থিত অ’ এন জি চি অতিথিশালাত থকাৰ বিপৰীতে আনজন শিৱসাগৰৰ এখন হোটেলত কোৱাৰেণ্টীন হৈ আছিল । জিতেন্দ্ৰ নামৰ বিষয়াজন যোৱা ২ জুনত নাজিৰাত উপস্থিত হোৱাৰ পিছত অ’ এন জি চি অসম সম্পদ কৰ্তৃপক্ষই নাজিৰা নগৰস্থ হোটেল ভিলাত কোৱাৰেণ্টীন কৰি ৰখাৰ ব্যৱস্থা কৰে যদিও যোৱা ৬ জুনত বিষয়া জনক নিগমৰ অতিথিশালালৈ নিয়াৰ সমান্তৰালভাৱে সেই দিনাই তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু কালি বিয়লি কভিড – ১৯ পজিটিভ ধৰা পৰে । বিষয়াজনক কালি নিশাই নাজিৰা মহকুমা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ এটা দলে অ’ এন জি চিৰ অতিথিশালাত উপস্থিত হৈ  আক্ৰান্ত বিষয়াজনক কভিড- ১৯ চিকিৎসালয়ত ভৰ্তি কৰায় । 

Leave A Reply

Your email address will not be published.