অৱশেষত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত নিয়োজিত ২৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক স্কুলত পাঠদান কৰাৰ নিৰ্দেশ ওদালগুৰি উপায়ুক্তৰ

ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত সুনাম অর্জন কৰা শিক্ষানুষ্ঠান খন হল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় । উক্ত বিদ্যালয়ৰ  ২৪ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক কৰ’ণা ভেকচিন প্ৰদানৰ কামত নিয়োজিত কৰোৱাৰ লগতে ওদালগুৰি জিলাৰ কেইবাখনো শিক্ষানুষ্ঠান সমূহৰ পৰা শিক্ষক শিক্ষয়িত্ৰী সকলক স্বাস্থ্য বিভাগক সহায়ৰ নিমিত্তে নিয়োজিত কৰা হৈছিল  ৷ যদিও  শিক্ষা বিভাগে যোৱা ১৯ তাৰিখৰ দিনৰ পৰা শিক্ষানুষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো বিশেষকৈ মাজবাট  উচ্চতৰ  বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী বিশেষ অসুবিধা হোৱা পৰিলক্ষিত হৈছিল । স্কুল খোলাৰ পিছতো কৰ’ণা কালীন পৰিবেশৰ বাবে যোৱা  ২৯ ছেপ্টেম্বৰ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ  উক্ত বিদ্যালয়ৰ মুঠ ৩৩  গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত ২৪ জনকেই  বিদ্যালয় খন বন্ধ থকাৰ সময়তে ক’ভিড সংক্ৰান্তত  নিয়োগ কৰাৰ সমান্তৰালকৈ সমগ্ৰ জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক সকলক ক’ভিড কামত নিয়োজিত কৰা হৈছিল । যদিও ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো উক্ত কামত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী স্কুলত উপস্থিত নথকা বিষয়টো নিয়মীয়া বাৰ্তা,দৈনন্দিন বাৰ্তা,আমাৰ অসম আদিত  প্ৰকাশ পাইছিল ।  এই সম্পৰ্কত ওদালগুৰি জিলাৰ উপায়ুক্তক মাজবাটৰ যুব নেতা কিশোৰ  শৰ্মাই   বিদ্যালয় সমুহৰ শিক্ষকক সকলক ক’ৰনাৰ ভেকচিনৰ  কাৰ্যক্ষমত জড়িত কৰাত পাঠদান  কৰাৰ ক্ষেত্ৰত ব্যাঘাত হৈছে  বুলি জনাইছিল ৷গতিকে সুব্যবস্থা গ্ৰহন কৰাৰ বাবে উপায়ুক্তক আহ্বান জনোৱাত উপায়ুক্তই ব্যৱস্থা গ্ৰহন কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল ৷তদুপৰি  বাতৰি প্ৰকাশ কৰাৰ পিছত আৰু কিশোৰ শৰ্মাই  আহ্বান জনোৱাৰ  পিছতেই ওদালগুৰি জিলা উপায়ুক্তই  যোৱা ২১ অক্টোবৰৰ এক নিৰ্দেশানা অনুসৰি  স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত জিলাখনৰ বিদ্যালয় সমূহৰ  শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিবলৈ নিৰ্দেশ  জাৰি কৰে  ৷বিশেষকৈ  মাজবাট বিদ্যালয় খোলা হোৱাৰ পিছতো শিক্ষক শিক্ষয়িত্ৰী সকলক ক’ভিড সংক্ৰান্ত কামত নিয়োজিত কৰি ৰখা বিষয়টোৱে প্ৰথম অৱস্থাত সচেতন মহল, ছাত্ৰ ছাত্ৰী অভিভাৱক সকলক বাৰুকৈ চিন্তিত কৰিছিল যদিও অৱশেষত ওদালগুৰি জিলা উপায়ুক্ত তৎক্ষণাত লোৱা পদক্ষেপক মাজবাট বাসী ৰাইজে  শলাগিছে ।

Related Articles