Breaking

নগাওঁ নলতলীত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ উদ্ধব চন্দ্ৰ ডেকাৰ বৰ্নিল কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থ…

0 65

নগাওঁ জিলাৰ নলতলীত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, অসমৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ডেকা দেৱৰ অৱসৰ উপলক্ষে প্রকাশিত অভিনন্দন গ্রন্থ “আহি আহি আগষ্ট ২০২৩” ৰ উন্মোচনী অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৷ উদ্ধব চন্দ্ৰ ডেকাৰ ধৰ্মপত্নী আৰু পৰিয়ালবৰ্গৰ প্ৰকাশিত উদ্ধব চন্দ্ৰ ডেকাৰ বৰ্নিল কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থৰ ৩০ আগষ্টৰ উদ্ধোধনী অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভনি কৰে নিবেদিতা দাসে ৷ কাৰ্যসুচী অনুসৰি অনুষ্ঠানটোত সভাপতিত্ব কৰে তেজপুৰৰ যুটীয়া কৃষি সঞ্চালক পবিত্ৰ কুমাৰ শৰ্মাই ৷ সভাৰ উদেশ্য ব্যাখ্যা কৰে নিবেদিতা দাসে ৷অনুষ্ঠানটো আত ধৰে ড° ধীৰেন শৰ্মাই ৷সভাৰ আৰাম্ভনীতে ওদালগুৰি জিলাৰ ওৰাং সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলে এটি সমবেত সংগীত পৰিবেশন কৰে ৷“আহি আহি আগষ্ট ২০২৩ “ নামৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে তেজপুৰৰ প্ৰাক্তন যুটীয়া সঞ্চালক প্ৰকাশ বৰাই ৷ অনুষ্ঠানটোতো বিশিষ্ট অতিথি হিচাপে ETCৰ প্ৰাক্তন অধ্যক্ষ, হৰেশ্বৰ দাস,নগাওঁৰ ভাৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক বিপুল শৰ্মা,শোনিতপুৰৰ জিলা কৃষি বিষয়া পংকজ শইকীয়া, লক্ষীমপুৰৰ প্ৰাক্তন জিলা কৃষি বিষয়া প্ৰবীন শইকীয়া, ড° নিৰঞ্জন ডেকা, মূৰব্বী নগাওঁৰ কৃষি বিজ্ঞান কেন্দ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷


অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে ৰমাকান্ত নাথ,যোগেন্দ্ৰ শৰ্মা,মোস্তাক হুচেইনে উদ্ধব চন্দ্ৰ ডেকাৰ কৰ্ম জীবনৰ সম্পৰ্কৰ বক্তব্য আগবঢ়াই ৷সমগ্ৰ অনুষ্ঠানটোত ওৰাং সংগীত মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰনজিৎ দাস,অৰুন কুমাৰ বৰা,ওৰাং সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক উদ্ধব চন্দ্ৰ ডেকা,বিশিষ্ট কৃষক শিক্ষক ঘনশ্যাম উপাধ্যায়,মামনী দাস,কৃষি বিভাগৰ গিৰীন নাথ, নিলোৎপল বৰা, বৰা,সহঃ কৃষি পৰিদৰ্শক হাফিজুল হক,গিৰিন বসুমতাৰী,ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ধীৰেন চহৰীয়া,শিক্ষক ত্ৰৈলোক্য ভড়ালী,,আৰু ববিতা চহৰীয়া,মামনী শইকীয়া,অঞ্জলী ভড়ালী,প্ৰনামিকা ডেকা. মনিকা দাস,দেবজিৎ ডেকা,দ্বিপজ্যোতি ডেকা,ৰাকেশ ডেকা,মিলন ডেকা,বিমলা ডেকা,প্ৰীতিলতা দাস,প্ৰিয়ংকা দাস, আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷তাৰোপৰি উদ্ধব চন্দ্ৰ ডেকাৰ কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থখন সুচাৰুৰূপে সম্পাদনা কৰাৰ বাবে সম্পাদনা সমিতিৰ সভাপতি ৰমাকান্ত নাথ,উপসভাপতি নীলমনি মেধি,সম্পাদক মোস্তাক হুচেইন,সদস্য যোগেন্দ্ৰ শৰ্মা,শংকৰ নাথ,নন্দেশ্বৰ বৰুৱাক উদ্ধব চন্দ্ৰ ডেকাই আন্তৰিকতাৰে ধন্যবাদ জনাইছে ৷


অনুষ্ঠানৰ শেষত সভাপতি পবিত্ৰ শৰ্মাই সভাপতিৰ ভাষণ দিয়ে আৰু নলতলীৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰসমূহ বিষয়া,কৰ্মচাৰী, আৰু অনুষ্ঠানটোত উপস্থিতিৰে সহযোগ,সহযোগিতা কৰা উদ্ধব চন্দ্ৰ ডেকাই শলাগৰ শৰাই আগবঢ়াই ৷উল্লেখযোগ্য যে উদ্ধব চন্দ্ৰ ডেকাই যোৱা ৩১ আগষ্টত নগাঁও জিলাৰ নলতলীত অৱস্থিত
সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহন কৰে ৷

Leave A Reply

Your email address will not be published.