Breaking

যোৰহাটৰ টীয়কত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম-শতবৰ্ষৰ আৰম্ভণী অনুষ্ঠান…

0 143

ৰাজপথত চিঞৰিলেই এটা জাতি জীয়াই নাথাকে – সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা

১৪ অক্টোবৰ – অসম সাহিত্য সভাৰ উদ্যোগত টীয়ক শাখা সাহিত্য সভা আৰু টীয়কবাসী ৰাইজৰ আতিথ্যত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঔপন্যাসিক, গল্পকাৰ, কবি, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া, বৃহত্তৰ টীয়কৰ সুযোগ্য সন্তান ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম-শতবৰ্ষৰ আৰম্ভণী অনুষ্ঠানটি‌ আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে টীয়কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সম্পন্ন হয়। পুৱা ৮.৩০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা মূল পতাকা উত্তোলক হিচাপে উপস্থিত থকা কাৰ্যসূচীত অসম আৰু টীয়কৰ গণ্য মান্য সাহিত্যসেৱকসকলে অসম সাহিত্য সভাৰ এশখন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ক্ৰমে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ সফল ৰূপায়ণ কৰা হয়।

দিনৰ ১১.৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা অভিধান প্ৰণেতা ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অসমীয়া জাতীয় জীৱনলৈ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে ৰাজপথত চিঞৰিলেই এটা জাতি আৰু ভাষা জীয়াই নাথাকে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট সাহিত্যিক ডঃ মালিনী, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম সাহিত্য সভাৰ ধন ভৰালী মিহিৰ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ জিলা প্ৰতিনিধি জীৱমণি নাথ, যোৰহাটৰ জিলা প্ৰতিনিধি মাধৱ মহন্ত, অসম সাহিত্য সভাৰ কু্ঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, মুক্ত শিক্ষা সংসদৰ আহ্বায়ক টোফেল জিলানী, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস,

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, প্ৰাক্তন জিলা সভাপতি নীৰদা গগৈ বৰা, প্ৰাক্তন জিলা উপ-সভাপতি মৃণালিনী গোস্বামী, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি প্ৰান্তনু দত্ত, টীয়ক শাখা সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া জিতু নেওগ, প্ৰীতম শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাখনত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে ডঃ কৰবী গগৈ আৰু ডঃ মণ্টু কুমাৰ বড়াৰ যুটীয়া সম্পাদনাত‌ প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ ʼবীৰেন্দ্ৰ বন্দনʼৰ উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অকণ চন্দ্ৰ শইকীয়াই । আদৰণী সমিতিৰ সভাপতি গণেশ গগৈয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত শলাগৰ শৰাই জ্ঞাপন কৰে টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশীল কুমাৰ বড়াই। সভাপতিৰ সাৰুৱা মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সফল সমাপ্তি ঘটে। শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫.৩০ বজাত এশগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা এশ গছি বন্তি প্ৰজ্বলন কৰা হয়।

Leave A Reply

Your email address will not be published.