গীত, নৃত্যত পাকৈত এগৰাকী অসহায় গাভৰুৰ মৰ্মবেদনা

নলবাৰী জিলাৰ এটি অসহায় পৰিয়াল।উল্লেখ্য যে জাগাৰা গাঁৱৰ প্ৰভাত নাথ, মঞ্জু নাথৰ কন্যা দীপশিখা নাথ(১৮) জন্মৰ পৰা আঢ়ৈ বছৰ পিছতেই কাঠৰ চকী নাকত পৰি নাকত পৰি দুডাল স্নায়ু চেপেটা হৈ যোৱা বুলি জনাইছে পৰিয়ালৰ লোকে। বৰ্তমান ১৮ বচৰ হোৱা এই ছোৱালীজনীক হেল্পাৰৰ সহায়ত মেট্ৰিক পাছ কৰিছে যদিও মানসিকভাৱে অপৰিপক্ক হৈ থকাৰ ফলত বিপদত পৰিছে পৰিয়ালটো। উল্লেখযোগ্য যে অতি সুন্দৰকৈ গান গাব পৰা আৰু নাচিব পৰা মৰমলগা এই ছোৱালীজনীৰ চিকিত্সা কৰি ভাগৰি পৰিছে পৰিয়ালটো। গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰাৰ উপৰিও Medicity হাস্পিতেলত চিকিৎসা কৰি আৰ্থিক অসুবিধাৰ বাবে বৰ্তমান ঘৰতে আবদ্ধ হৈ আছে ১৮ বছৰীয়া দীপশিখা নাথ। সেয়েহে পৰিয়ালটোৱে বিচাৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু সহায়,যাতে দীপশিখাৰ উন্নত চিকিত্সাৰ ব্যৱস্থা কৰিব পাৰে।

কোনো সদাশয় লোকে বা দল সংগঠনে পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সকাহ দিব বিচাৰিলে বা পৰিয়ালটোক সহায় কৰিব বিচাৰিলে দীপশিখাৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ F61209551 একাউণ্ট নম্বৰ 7084026004548 নম্বৰত এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিব পাৰিব।

Related Articles