মঙ্গলদৈত পুনৰ ঘোঙৰ আতংক।পূৰ্বে ঘোঙ ওলোৱা স্থানৰ পৰা নাতি দূৰৈৰ মঙ্গলদৈ নৈৰ সমীপত ঘোঙৰ খোজৰ লগতে প্রত্যক্ষ কৰে ঘোঙ।মঙলদৈৰ নৈৰ কাষৰ হাবিত ঘোঙৰ আহ যাহ।কিছু দিন ধৰি মঙলদৈত এটা ঘোঙে আতঙ্ক সৃষ্টি কৰি অহাৰ পিছতে মঙলদৈৰ কাউৰিঘাটৰ নকুলৰ হাবিত ঘোংৰ অৱস্থিতি ধৰা পৰিছে।প্ৰথমে স্থানীয় ৰাইজে অস্বাভাৱিক খোজ পতক্ষ কৰিছিল নদীৰ পাৰত, তাৰপাছতেই কাউৰিঘাটৰ ওচৰ চুবুৰীয়াই ঘোং টো নদীৰ পাৰত দেখা পায় । ঘোং টোৱে ৰাতিপুৱা সময়ত নদীত পানী খাবলৈ নামি আহি পুনৰ ঘন হাবিৰ মাজলৈ গুচি যায়।উল্লেখযোগ্য যে আজি কিছু দিন আগতে মঙলদৈ জ্যোতি নগৰত তিনিদিন ধৰি এই ঘোংটোৱে আতঙ্কৰ সৃষ্টি কৰিছিল। গুৱাহাটীৰ পৰা টেংকুলাইজাৰ কৰা লোক আহিছিল যদিও টেংকুলাইজ কৰিবলৈ সক্ষম নহ’ল।
পুনৰাই কাউৰীঘাটৰ নকুলৰ হাবিত ঘোংৰ উপস্থিতিয়ে ওচৰ চুবুৰীয়াৰ মাজত আতঙ্ক সৃষ্টি কৰিছে।প্ৰসাশনলৈ ৰাইজৰ অনুৰোধ ঘোঙটো অতিশীঘ্ৰে কৰায়ত্ত কৰি ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক।