Breaking

কণা হাঁহক পতান ! চৰকাৰে প্ৰকাশ কৰা মটক অধ্যুষিত গাঁৱৰ তালিকাত নোসোমাল খোদ মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতিৰ গাঁৱৰ নাম…

0 26

কণা হাঁহক পতান!
চৰকাৰে প্ৰকাশ কৰা মটক অধ্যুষিত গাঁৱৰ তালিকাত নোসোমাল খোদ মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতিৰ গাঁৱৰ নাম

চৰকাৰে এপিনে ৰাজ্যৰ জনগোষ্ঠীসমূহৰ সবলীকৰণৰ কথা কৈ আহিছে আৰু আনফালে বহু জনগোষ্ঠীৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ মনোভাব প্ৰদৰ্শন কৰি আহিছে। সেই কথা এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে মটক জনগোষ্ঠী অধ্যুষিত গাঁৱৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰকাশ কৰা এখন তালিকাৰ পৰা। ১৬ আগষ্টৰ দিনা ডিব্ৰুগড়ৰ জিলা আয়ুক্তই ৫০ শতাংশতকৈ ওপৰত মটক জনগোষ্ঠীৰ লোকে বাস কৰা অসমৰ বিভিন্ন জিলাৰ ৭৩ খন গাঁৱৰ তালিকা প্ৰকাশ কৰিছে। জিলা আয়ুক্তগৰাকীয়ে এই বিষয়ত জাৰি কৰা জাননীত কৈছিল- চৰকাৰৰ ১৮ জুলাই ২০২৩ তাৰিখৰ অধিসূচনা নং ই.২৪৬৭১৮/২০২২/৩২৮ মৰ্মে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিবৰ পৰা লাভ কৰা নিৰ্দেশ মৰ্মে মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ ধাৰা ৪২ অনুসৰি মটক স্বায়ত্তশাসিত পৰিষদৰ ভূখণ্ডৰ সীমা নিৰ্ধাৰণৰ বাবে ৭৩খন গাঁৱৰ খচৰা তালিকা প্ৰকাশ কৰা হৈছে। জাননী খনত খচৰা প্ৰকাশৰ তাৰিখ, দাবী আৰু আপত্তি লাভ কৰাৰ শেষ তাৰিখ আদিও উল্লেখ কৰা হৈছে। সেইমৰ্মে প্ৰকাশ কৰা গাঁৱৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তি দাখিলৰ তাৰিখ ২৭ আগষ্ট ২০২৪ নিৰ্ধাৰণ কৰাৰ লগতে দাবী আৰু আপত্তি নিষ্পত্তিৰ পিছত মটক অধ্যুষিত লোকৰ গাঁৱৰ চূড়ান্ত তালিকা ৩১ আগষ্ট ২০২৪ত প্ৰকাশ কৰা হ’ব বুলি কোৱা হৈছে। জাননী খনত এই বিষয়ত থকা সকলো দাবী আৰু আপত্তি লিখিতভাৱে অনুপ কুমাৰ ব্ৰহ্ম, এ চি এছ, ডি ডি চি, ডিব্ৰুগড় বা ছেইণ্ট সুপ্ৰিয়া বাওলাৰী, এচিএছ, সহকাৰী আয়ুক্ত, ডিব্ৰুগড় বা নিজ নিজ জিলাৰ ন’ডেল বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব বুলিও কোৱা হৈছে। কিন্তু ডিব্ৰুগড়ৰ আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ অধিক মটক লোক অধ্যুষিত গাঁৱৰ তালিকাই এতিয়া অসমৰ প্ৰাচীন জনগোষ্ঠীটোৰ লোকসকলক হতভম্ব কৰি তোলাই নহয়, ক্ষোভিতও কৰি তোলা পৰিলক্ষিত হৈছে। চৰকাৰে কণা হাঁহক পতান দিয়াৰ দৰে অসম্পূৰ্ণ তথ্যৰে মটক লোক অধ্যুষিত গাঁৱৰ তালিকা প্ৰকাশ কৰাৰ কথা এতিয়া প্ৰমাণ হৈ পৰিছে । কাৰণ চৰকাৰে প্ৰকাশ কৰা মটক লোক অধ্যুষিত গাঁৱৰ তালিকাত ৫০ শতাংশতকৈ অধিক মটক লোকতো বাদেই ১০০ শতাংশ মটক লোকে বাস কৰা বহু গাঁৱো অন্তৰ্ভুক্ত হোৱা নাই । লক্ষ্যণীয় কথাটো হ’ল মটক স্বায়ত্তশাসিত পৰিষদৰ ইএম ডেভিড চেতিয়া তথা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইৰ জন্ম গাওঁ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ফুটাহোলা

( ফুলামপুৰ) ই এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। অথচ কেৱল ফুটাহোলাই নহয়, ডিব্ৰুগড়ৰ আন এনে বহু গাওঁ আছে য’ত ১০০ শতাংশই মটক জনগোষ্ঠীৰ লোকে বাস কৰে। এনমে ১০০ শতাংশ মটক জনগোষ্ঠীৰ লোকে বাস কৰা গাওঁসমূহক তালিকাৰ পৰা বাদ দি চৰকাৰে জনগোষ্ঠীটোৰ লোকসকলৰ মাজৰে বহুতকে প্ৰতাৰণা কৰা বুলি এতিয়া মটক জনগোষ্ঠীৰ বহুতে মন্তব্য কৰিছে । ডিব্ৰুগড়ৰ জিলা আয়ুক্তই কিহৰ ভিত্তিত এনে এখন অসম্পূৰ্ণ আৰু পক্ষপাতদুষ্ট তালিকা প্ৰকাশ কৰি মটক জনগোষ্ঠীৰ লোকসকলৰ সৈতে লেৰা ধেমালি খেলিলে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এইখিনিতে উল্লেখ কৰিবলগীয়া বিশেষ কথাটো হ’ল মটক লোক অধ্যুষিত গাঁৱ চিহ্নিত কৰি তালিকা প্ৰস্তুত কৰিবলৈ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আদিৰ দৰে সংগঠনৰ প্ৰতিনিধিক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছিল। কিন্তু ডিব্ৰুগড়ৰ জিলা আয়ুক্তই সেই সমিতি খনক সম্পূৰ্ণ আন্ধাৰত সম্পূৰ্ণ নিজা উদ্যোগত মইমতালিৰে ৫০ শতাংশতকৈ অধিক মটক লোকে বাস কৰা মাত্ৰ ৭৩ খন গাওঁকলৈ তালিকা প্ৰকাশ কৰা বুলি এতিয়া বহুতে ক্ষোভ উজাৰিছে। ১০০ শতাংশ মটক লোকে বাস কৰা গাওঁকো এই তালিকাৰ পৰা বাদ দি চৰকাৰে কি বুজাবৱ বিচাৰিছে বুলিও বহুতে প্ৰশ্ন কৰিছে। উল্লেখ্য অসম চৰকাৰে মটক জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে পাঁচ বছৰৰ বাবে ১২৫ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল। কিন্তু সেই পেকেজৰ ধন বছৰি ২৫ কোটিকৈ পাব লাগিছিল যদিও এতিয়ালৈকে মাত্ৰ ২০ কোটি টকাহে মোকলাই দিয়া হৈছে। যিটো সময়ত অসম কেবিনেটে ৯ আগষ্টত ৰাজ্যৰ স্থানীয় জনগোষ্ঠীসমূহৰ সবলীকৰণৰ লক্ষ্যৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ নিজ নিজ স্বায়ত্তশাসিত পৰিষদত প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে উল্লেখযোগ্য সংশোধনীত অনুমোদন জনাইছে সেই সময়তে ডিব্ৰুগড়ৰ জিলা আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ ওপৰৰ মটক লোক অধ্যুষিত গাওঁৰ তালিকাই মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে যে চৰকাৰৰ এধানিমানো সদিচ্ছা নাই তাকেই প্ৰতীয়মান কৰা বুলি বহুতে মন্তব্য কৰিছে।

ইপিনে ডিব্ৰুগড়ৰ জিলা আয়ুক্তই প্ৰকাশ কৰা ৫০ শতাংশতকৈ ওপৰৰ মটক লোক অধ্যুষিত গাওঁৰ তালিকাখন কোনো পধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইয়ে। মটক জনগোষ্ঠীৰ বিষয়ে নূন্যতম ধাৰণাও নথকা ব্যক্তিৰ দ্বাৰা প্ৰকাশ কৰা এনে তালিকাই জনগোষ্ঠীটোক চূড়ান্তভাবে অপমান কৰা বুলিও গোহাঁইয়ে ক্ষোভ প্ৰকাশ কৰে। সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই এই তালিকাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে মটক অধ্যুষিত গাঁৱৰ তালিকা প্ৰস্তুতৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছিল যদিও সেই সমিতি খনক উপেক্ষা কৰি চৰকাৰে এনেদৰে মটক লোকে বাস কৰা গাঁৱৰ অসম্পূৰ্ণ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এই খচৰা তালিকা কোনো পধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি ৰাজখোৱাই কয় যে চৰকাৰে মটক অধ্যুষিত গাঁওসমূহৰ নতুনকৈ আৰু নিৰ্ভুলভাবে জৰীপ চলাব লাগিব। তাৰ পিছতহে সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা সমীচিন হ’ব। ইয়াৰ অন্যথা তীব্ৰ গণ প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলিও তেওঁ সকিয়াই দিয়ে। ইপিনে তালিকা খনকলৈ মটক জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ১০০ শতাংশ মটক লোকে বাস কৰা বহু গাঁৱো তালিকাৰ পৰা বাদ পৰাই কথাই ক্ষুব্ধ কৰি তুলিছে মটক জনতাক। চৰকাৰে এই অসম্পূৰ্ণ আৰু ভুল তালিকা প্ৰত্যাহাৰ কৰি নতুন তথা সম্পূৰ্ণ তালিকা প্ৰকাশৰ পদক্ষেপ গ্ৰহণ নকৰিলে মটক জনতাই প্ৰৱল গণপ্ৰতিৰোধ গঢ়ি তুলিব বুলি সকিয়াই দিছে। এই ভুল তালিকাৰ বিৰুদ্ধে মটক জনতাই ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ো ঘেৰাও কৰাৰ সম্ভাৱনা থকা বুলি বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য চৰকাৰে শেহতীয়াকৈ মৰাণ স্বায়ত্ত শাসিত পৰিষদ আইন, ২০২০ (সংশোধিত) আৰু মটক স্বায়ত্ত শাসিত পৰিষদ আইন, ২০২০ (সংশোধিত) সংশোধনৰ বাবে কেবিনেটে অনুমোদন জনাইছিল। এই সংশোধনীসমূহে দুয়োটা পৰিষদৰ সমষ্টিৰ সংখ্যা বৰ্তমানৰ ২২টাৰ পৰা ২৭টালৈ বৃদ্ধি কৰিব, যাৰ ফলত মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকৰ প্ৰতিনিধিত্ব যথেষ্ট বৃদ্ধি কৰিব বুলি চৰকাৰে কৈছিল। কিন্তু ইয়াৰ মাজতে মটক লোকে বাস কৰা গাঁৱৰ ভুল তালিকা প্ৰকাশে চৰকাৰৰ স্থিতিকেই সন্দিহান কৰি তুলিছে বুলি এতিয়া সৰব চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.