মাজবাটৰ মুৰকাটিৰ শান্তি ধামত হনুমান মুৰ্তি স্থাপন

ওদালগুৰি জিলা মাজবাটৰ মুৰকাটিৰ শান্তি ধামত ১০ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে  মাজবাট বজৰং দলৰ উদ্যোগত মাজবাট বাসী  ৰাইজৰ সহযোগত বজৰং দলৰ কাৰ্যালয়ৰ কাষত বজৰং বলিৰ মুৰ্তি স্থাপন কৰা হয়। কাৰ্যসূচীত মাজবাট অঞ্চলৰ বিভিন্ন গাওঁৰ পৰা অহা প্রায় দেড়শৰো অধিক বজৰং কৰ্মী ও ৰাইজ উপস্থিত  মুৰ্তি স্থাপন কৰা হয়।

এই কাৰ্যসূচীত ভাষন ৰাখে মাজবাট প্রখন্ড বজৰং দলৰ উপদেষ্টা তথা অৱসৰ প্রাপ্ত শিক্ষক পুৰ্নৰাম ডেকা, অৱসৰ প্রাপ্ত শিক্ষক ধীৰেন্দ্র ৰাভায়ে। মুৰ্তি স্থাপন কৰা কাৰ্যসূচীত উপস্থিত  থাকে মন্ডল বিজেপিৰ সভাপতি জীৱন ডেকা, সমাজ সেৱক সন্তোছ পাটৱাৰী, আৰ  এচ এচৰ মাজবাট প্রখন্ডৰ সভাপতি বিৰেন নাৰ্জাৰী, মাজবাট প্রখন্ড বজৰং দলৰ প্ৰাক্তন সংযোজক ৰিংকু দৈমাৰী, সমাজ সেৱক পৰিমল  পোদ্দাৰ আদি।

Related Articles