✍ হেমন্ত ডেকা
কোনো এটা বিশেষ অঞ্চলৰ লোক সাহিত্য, সামাজিক প্রথা আৰু ৰীতি-নীতি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু পৰিবেশিত কলা আদিবোৰ সামৰি জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্রণালীয়েই লোক সংস্কৃতি । অসমীয়া লোক সংস্কৃতিৰ অংগবোৰৰ ভিতৰত গৃহ সজ্জাৰ মনোৰম কলা, বিভিন্ন আহিলাপাতি যিবোৰ দৈনন্দিন জীৱনৰ বিভিন্ন কর্মত ব্যৱহাৰ হয়, পৰিধান কৰা সাজপাৰ, সোণ ৰূপ হাতীদাঁতেৰে নির্মিত আ-অলংকাৰ, বাঁহ বেতৰ বিভিন্ন সা-সঁজুলি, কাঁহ পিতল আদি ধাতুৰে তৈয়াৰী বিভিন্ন সা-সঁজুলি আদিয়ে উল্লেখযোগ্য । অসমীয়া লোক কলা সংস্কৃতিৰ অন্তর্ভক্ত উপদান মৃৎ শিল্প, স্থাপত্য শিল্প, কাষ্ঠ শিল্প, ধাতু শিল্প, বয়ন শিল্প, বস্ত্র শিল্প, হস্ত শিল্প, বেশভূষা, খাদ্যভ্যাস আদিয়ে বহল অসমীয়া সংমিশ্রিত সংস্কৃতিৰ পথাৰ উজ্বলাই ৰাখিছে । অসমীয়া লোক সংস্কৃতিত শৰাইয়ে এক বিশেষ মর্যদাপূর্ণ স্থান অধিকাৰ কৰি আছে । বিশেষত পিতল আৰু কাঁহ নামৰ সংকৰ ধাতুৰ দ্বাৰা শৰাই নির্মাণ কৰা হয় । শৰাই নির্মাণ কৰিবলৈ প্রথমে চাক পিতল কাটি লোৱা হয় । কাটি লোৱা চাক পিতল শৰাইৰ গঠন আৰু আকৃতি মতে কাঠৰ ফৰ্মাত বহুৱাই কোৱাই লোৱা হয়I ফৰ্মাত বহুওৱাৰ আগতে চাক পিতলৰ কাটি লোৱা অংশতো জুইত সুমোৱাই তাপ দি কোমল কৰি লোৱা হয়I এনে কৰিলে ফৰ্মাত বহুৱাই পিতাৰ পিছত ফাটি নাযায় । আগতে জুইশালত ছাগলীৰ ছালেৰে তৈয়াৰী ভাটিৰ সহায়ত বতাহ লগাই পেৰা হৈছিল কিন্তু বর্তমান যন্ত্রৰ সহায়ত সেই কাম সম্পন্ন কৰা হয়I শৰাই এখন প্রস্তুত কৰোতে প্রথমে বেলেগ বেলেগ অংশবোৰ বনাই লোৱা হয় । চাক পিতলৰ কটা অংশ জোৰা দিবলৈ দস্তা আৰু পিতলৰ ৩:১ অনুপাতত তৈয়াৰ কৰা মিশ্রন “পায়েন” ব্যৱহাৰ কৰা হয় । পায়েন তৈয়াৰ কৰোতে পিতল আৰু দস্তাৰ মিশ্রণ বহল মুখৰ সৰু মাটিৰ পাত্র ‘মুহী’ত দি জুইত গলাই লোৱা হয় । পিছত চেঁচা পায়েন গুড় কৰি লোহাৰ চাতুলী, ৰেতি আদি সঁজুলিৰে মিহি কৰি চাফা কৰা হয় । আগতে নির্মাণ কৰি থোৱা অংশবোৰ লা লগাই সঠিক স্থানত সংযোগ কৰি এখন সম্পুর্ণ শৰাই নির্মাণ কৰা হয় । এখন শৰাইৰ ঢাকনিখনৰ পাতি, গল আৰু চোলা আদি অংশবোৰ থাকে । শৰাইখনৰ তলৰ খন্ডতোৰ অংশ কেইটা ক্রমে দাইলা, ঠগীধৰা, কলচি, কাচি আৰু পয়েৰা । অসমীয়া সমাজত বিভিন্ন মাংগলিক কাম আৰু সন্মান জনোৱাৰ বাবে অতীজৰে পৰা শৰাই ব্যৱহাৰ হৈ আহিছে । শৰাইৰ নির্মান আৰু প্রচলন প্রথমতে কেতিয়া হৈছিল জনা নাযায় যদিও অসমীয়া লোক সংস্কৃতিৰ অনবদ্য সম্পদ শৰাই মধ্যযুগতে সিংহাসনৰ সন্মুখত নৈৱেদ্য আগবঢাই দিবলৈ ব্যৱহাৰ কৰিছিল বুলি জনা যায় । শৰাই অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদI ই সন্মানৰ প্রতীক, থাপনাৰ আসন, নৈৱেদ্য পাত্র, উপহাৰ তথা গৃহ সজ্জাৰ কলাত্মক সামগ্রী ।