বিশ্বৰ বহু ইছসামিক দেশত এতিয়া হিজাবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গা কৰি উঠিছে। বিশেষকৈ ইৰানত তেনে প্ৰতিবাদে তুংগত আৰোহণ কৰিছে। ইৰানৰ এগৰাকী যুৱতী মেৰীয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণ এৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ্তমান আমেৰিকাত আছে। মাহশা আমিনীৰ মৃত্যুৰ পিছত মেৰীয়ে ইৰাণৰ শেহতীয়া ঘটনাৱলী দেখি সংবাদ মাধ্যমৰ আগত মুখ খুলিছে।
মেৰী মহম্মদীৰ জন্ম ইৰাণৰ এটা মুছলমান পৰিয়ালত হৈছিল। পিছত তেওঁ নিজৰ ধৰ্ম সলনি কৰে। মেৰীয়ে ইছলাম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰে পৰা দেশৰ মাটিত তেওঁৰ জীৱনবিন্ন হৈ পৰিছিল।
তেওঁ কোনো দ্বিধা নকৰাকৈ দেশৰ মাটিত কি সহ্য কৰিব লগা হৈছিল সেয়া সংবৈাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে।
মেৰীয়ে দাবী কৰিছিল যে ২০২০ চনত আৰক্ষীয়ে তেওঁক হিজাব সঠিকভাৱে পৰিধান নকৰাৰ “অপৰাধ”ৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক তেহৰাণৰ ওচৰৰ এটা ডিটেনচন চেণ্টাৰত ৰখা হৈছিল।মেৰীয়ে অভিযোগ কৰিছে যে তেওঁক ডিটেনচন কেম্পত দেহৰ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল। অৱশ্যে তেতিয়া তাত মহিলা আৰক্ষী আছিল। তেওঁ প্ৰশাসনৰ ভূমিকাক তীব্ৰ গৰিহণা দিছে।
মেৰীয়ে অভিযোগ কৰিছিল যে ইৰাণৰ কৰ্তৃপক্ষই ছোৱালীক দমন কৰিবলৈ যৌন নিৰ্যাতনৰ আশ্ৰয় লৈছে। মহিলাসকলক বিভিন্ন ধৰণে ভাবুকি দিয়া হয়। প্ৰতিবাদৰ কণ্ঠস্বৰ দমন কৰিবলৈ ইৰাণ চৰকাৰৰ এইটো কৌশল।
তেওঁ ন্যায় বিচাৰি ৰক্তাক্ত মুখেৰে আৰক্ষী চকীলৈ গৈছিল। কিন্তু এইটো অভিযোগ কৰা হৈছে যে আৰক্ষীয়ে তেওঁৰ কথা শুনা নাছিল। তেওঁৰ অভিযোগ গ্ৰহণ কৰা হোৱা নাছিল। অভিযুক্ত মহিলাগৰাকীক মুকলি কৰাৰ পিছত মেৰীক আৰক্ষী চকীত আটক কৰা হৈছিল।ইয়াৰ পিছতে তেওঁক বিহা হৈছিল ’যৌন শাস্তি’।মেৰীৰ এনে স্বীকাৰোক্তিয়ে এতিয়া বিশ্বত জোকাৰণি তুলিছে।