নিৰ্যাতিত মহিলাৰ পৰিৱৰ্তে আচামীৰ পক্ষ লোৱাৰ অভিযোগত নিলম্বন কৰা হ’ল চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক৷ নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ নাম আফজাল হুছেইন বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা চলিছিল৷
তাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে বেংতল আৰক্ষী চকীত অভিযোগ দিছিল৷ কিন্তু ভাৰপ্রাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে যি সকল লোকে মহিলা গৰাকীক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা চলিছিল সেই সকলৰ পক্ষ লৈ মহিলা গৰাকীক বিভিন্ন ভয় ভাবুকি দি সমগ্ৰ গোচৰটো উঠাই ল’বলৈ কৈছিল৷
তাৰ পিছতে মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ কাষ চাপে৷ আৰু সংবাদ মাধ্যমত এই সমগ্ৰ বিষয়টো প্ৰচাৰ হোৱাৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰে৷