Breaking

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ

0 22

কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে ‘বেলতলাৰ ৰাণী’ নামেৰে খ্যাত প্ৰয়াত উমা দেৱী বিজনী অভয়াপুৰীৰ ৰাজ-পৰিয়ালৰ জীয়ৰী তথা বেলতলা মৌজাৰ মৌজাদাৰ পৰীক্ষিত নাৰায়ণ দেৱৰ মাতৃ উক্ত প্ৰজন্মটোৰ শেষৰ গৰাকী ব্যক্তি আছিল।

তেখেতৰ মৃত্যুত এটা ঐতিহাসিক যুগৰ সামৰণি পৰে। ৯১ বছৰ বয়সত মৃত্যুবৰণ কৰা ‘ৰাণী’গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা বুলি শোকবাৰ্তাটোত বৰাই উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.