Breaking

নীট,নেট কেলেংকাৰীৰ প্ৰসংগই স্থান পালে লোকসভা অধিবেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণত

0 13

বৃহস্পতিবাৰৰ দিনটোত অষ্টাদশ লোকসভাৰ বিশেষ অধিবেশনৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন সদনকে সম্বোধন কৰি ভাষণ প্ৰদান কৰে । ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰি কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা হৈছে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ এক উচিত সুযোগ প্ৰদান কৰা । চৰকাৰী নিযুক্তি অথবা পৰীক্ষা যিয়েই নহওঁক যিকোন কাৰণতে ইয়াত প্ৰতিবন্ধতা আহিব নালাগে । তদুপৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি, পদক্ষেপ, জৰুৰীকালীন সময়কে ধৰি বিভিন্ন বিষয় সামৰি প্ৰদান কৰা এই ভাষণত স্থান পালে ।

তেওঁ পুনৰ কয় এইবোৰ পৰীক্ষা স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ | দল বা ৰাজনীতিৰ উৰ্ধত থাকি সমগ্ৰ দেশতে দৃঢ় ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে । দেশৰ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত ব্যাপক খেলিমেলি হোৱাৰ লগতে নেট পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হোৱাত নেচনেল টেষ্টিং এজেঞ্চিয়ে পৰীক্ষা বাতিল কৰিছে । শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা তদন্ত কৰিবলৈ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

নীট কেলেংকাৰীক লৈ এতিয়াও দেশ উত্তাল হৈ পৰা সময়তে সংসদেও পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে । ইয়াৰ উপৰিও চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাম কৰাৰ ধৰণ শুধৰণি কৰাৰ দিশত কাম কৰি আছে। ইফালে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিৰোধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক সমালোচনা কৰি নীট কেলেংকাৰীৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

Leave A Reply