Breaking

অসম তথা উত্তৰ পূবত ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত উদ্বিগ্নতা প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ…

0 33

অসম তথা উত্তৰ পূবত সাগৰীয় ঘূৰ্ণিবতাহ ৰেমালৰ প্ৰভাৱে দুৰ্যোগৰ মাজলৈ থেলি দিয়া জনসাধাৰণৰ দুখ দুৰ্দশাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক্সযোগে এই কথা সদৰি কৰিছে। গৃহমন্ত্ৰীৰ সৈতে ৰেমালে কঢ়িয়াই অনা দুৰ্যোগৰ সম্পৰ্কত আলোচনাতো মিলিত হয় গৃহমন্ত্ৰী ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰেমাল ঘূৰ্ণীবতাহৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। এক্সত নৰেন্দ্ৰ মোদীয়ে লিখিছে — ” দুৰ্ভাগ্যজনকভাৱে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিম বংগত যিসকল লোক ঘূৰ্ণীবতাহ ৰেমালৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হৈ আহিছে মোৰ চিন্তা আৰু প্ৰাৰ্থনা সেই সকলোৰে লগত আছে যিসকল তাত আক্ৰান্ত হৈছে।

চৰকাৰে সম্ভৱপৰ সকলোকে আশ্বাস দিছে ৰাজ্যসমূহক সমৰ্থন আৰু সহায়ৰ ৷” প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহে ৰেমাল ঘূৰ্ণীবতাহৰ পিছত প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি থকা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, আৰু পশ্চিম বংগৰ পৰিস্থিতিৰ বুজ লয়।
প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান-ধাৰণাৰ বাবে বৰ্তমান তামিলনাডুৰ কন্যাকুমাৰীত থকা প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সকলো ধৰণৰ সহায় আগবঢ়াব। সংহতি প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে, “আমাৰ চিন্তা নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ সৈতে আৰু আহতসকলৰ সৈতে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৃহমন্ত্ৰীয়ে তেওঁৰ সৈতে ফোনযোগে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈছে ৷

এক্সত ড° শৰ্মাই কয়— “ গৃহমন্ত্ৰীয়ে মোক টেলিফোন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিছিল, ঘূৰ্ণীবতাহৰ ৰেমালৰ প্ৰভাৱৰ পিছত,”৷ উল্লেখ্য, ৰেমালৰ প্ৰভাৱৰ ফলত অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লয় আৰু ৯ খন জিলাৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হয় ৷ ২৮ মে’ৰ পৰা বানপানী, বৰষুণ, ধুমুহাৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হৈছে । হাফলং-শিলচৰ সংযোগী পথ হাৰংগাজাওৰ ওচৰত বিচ্ছিন্ন হৈ পৰিছে, আৰু হাফলং-হাৰংগাজাওত একাধিক ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ পৰিছে। হাফলং-বদৰপুৰ ৰেলপথৰ ভূমিস্খলনৰ বাবে বাতিল বা চুটি হোৱা ৰেল সেৱা এতিয়াও আৰম্ভ কৰিব পৰা হোৱা নাই ৷
মণিপুৰতো ভূমি স্খলনত ১৭ গৰাকী লোকৰ মৃত্যু হৈছে। বংগতো কাকদ্বীপ, নামখানা, ফ্ৰেজাৰগঞ্জকে ধৰি জিলাখনৰ কেইবাটাও উপকূলীয় অঞ্চলত ভয়াৱহ ঘূৰ্ণীবতাহৰ পিছত সম্পত্তি আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, অবিৰত বৰষুণৰ ফলত ইম্ফলৰ কেইবাটাও স্থানত বানপানীৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷উদ্ধাৰ আৰু খালী অভিযান অব্যাহত আছে। ভয়াৱহ বানপানীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে চৰকাৰে ৩০ আৰু ৩১ মে’ৰ বাবে সকলো ৰাজ্যিক কাৰ্যালয়ৰ বাবে চৰকাৰী বন্ধ ৰাখে।

Leave A Reply

Your email address will not be published.